--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০১৮ চনৰ পৰা অভিনয় কেৰিয়াৰৰ আৰম্ভণি। বৰ্তমান তেওঁ বলীউডৰ এক পৰিচিত মুখ। তেওঁ অভিনেত্ৰী জাহ্নৱী কাপুৰ। কিন্তু এটা সময়ত তেওঁৰ দোকানৰ পৰা বস্তু চুৰি কৰাৰ অভ্যাস আছিল! শেহতীয়াকৈ সংবাদ মাধ্যমৰ এক সাক্ষাৎকাৰত জাহ্নৱীয়ে তেওঁৰ কিছুমান ‘অদ্ভুত’ স্বভাৱৰ বিষয়ে কয়।

সৰুতে জাহ্নৱীয়ে টকাৰ মূল্য বুজি পোৱা নাছিল, সেয়েহে এদিন মাক-দেউতাকৰ লগত বজাৰ কৰি থাকোঁতে জাহ্নৱীয়ে শ্ব’ৰুমৰ পৰা বস্তুবোৰ তুলি লৈছিল। অভিনেত্ৰীগৰাকীয়ে মাতৃ শ্ৰীদেৱী আৰু পিতৃ বনী কাপুৰৰ সৈতে এদিনৰ বাবে বজাৰ কৰিবলৈ গৈছিল বুলি জানিবলৈ দিয়ে। তেনেতে কিবা এটাই তাৰ চকুত পৰিল। কাকো নোসোধাকৈ দোকানৰ পৰা সেইবোৰ বস্তু ধৰি লয়।

জাহ্নৱীয়ে  মাক-দেউতাকক ক’লে যে তাই বস্তুবোৰৰ বাবে কোনো ধৰণৰ টকা দিব লগা নহ’ল। তাৰ পিছত তেওঁলোকে জাহ্নৱীক ‘চোৰ’ বুলি অভিহিত কৰিছিল। জাহ্নৱীয়ে  ক'লে, "তেতিয়া মই বহুত সৰু আছিলো। মই বুজি নাপালোঁ যে টকা কিয় ব্যৱহাৰ কৰা হয়। দোকানৰ পৰা বস্তুবোৰ ধৰি দৌৰি ওলাই আহিছিলোঁ। মই ওলাই গৈ মা-দেউতাকক লগ কৰি ক’লো যে মই তেওঁলোকক টকা নিদিয়াকৈ আনিছো। তেওঁলোকে ক'লে, "তুমি চোৰ।" কেৱল সেয়াই নহয়। আনকি হোটেললৈ গৈ জাহ্নৱীয়ে তাৰ পৰা বিভিন্ন বস্তু লৈ আহিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ