--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোনো হৰৰ কাহিনী নহয় এয়া, এয়া কলকাতাৰ দৰে ব্যস্ত  চহৰ এখনত ঘটা এক শিহৰণকাৰী ঘটনা।। এই বাতৰিৰ গভীৰলৈ যোৱাৰ পূৰ্বে এই কথা স্পষ্ট কৰি থোৱা ভাল হ’ব যে প্ৰাগ নিউজ ডিজিটেলে সদায় অন্ধবিশ্বাসৰ বিৰোধিতা কৰি অহাৰ লগতে  অন্ধবিশ্বাসৰ আঁৰত থকা সত্য পোহৰলৈ অনাৰো চেষ্টা অব্যাহত ৰাখিছে। আহক, এতিয়া আমি যাওঁ কলকাতাৰ সেই বিশেষ ঘৰটোলৈ য’ৰ পৰা নিশা হ’লে ভাঁহি আহে মহিলাৰ মৰণকাতৰ  আৰ্তনাদ, উচুপি থকা মহিলা এগৰাকীয়ে ঘৰটোৰ খিৰিকীৰ গ্ৰীলত ধৰি গান গাই থাকে, সন্মুখৰ বাটেৰে যোৱা লোকসকলক মাতি থাকে - আহ, আহ। কিন্তু কোনেও সেই ঘৰটোলৈ নাযায়।

 কাৰণ কলকাতাৰ  ৱাটগঞ্জৰ সেই ঘৰটোতে কেইদিনমান পূৰ্বে টুকুৰা-টুকুৰকৈ কাটি হত্যা কৰা হৈছিল এগৰাকী মহিলাক। তাৰ পিছৰে পৰাই নিশা ৱাটগঞ্জৰ সেই  ঘৰটোৰ পৰা উফৰি আহে মহিলাৰ উচুপনি, দুখৰ গান! দুয়োখন হাতৰে  খিৰিকীৰ গ্ৰীলত ধৰি বাহিৰলৈ চাই থাকে এগৰাকী মহিলাই, তেওঁ  বাটেৰে যোৱা মানুহ বোৰলৈ চাই হাঁহে, তেওঁলোকক মাতে...! কেতিয়াবা ঘৰটোৰ গোঁসাইঘৰৰ পৰা ভাঁহি আহে মহিলাৰ আৰ্তনাদ।  কলকাতাৰ হেমচন্দ্ৰ ষ্ট্ৰীটৰ এই ঘৰটোৰ প্ৰথম মহলাত হত্যা কৰা হৈছিল দুৰ্গা নামৰ এগৰাকী  মহিলাক।  তেওঁৰ মৃতদেহটো টুকুৰা-টুকুৰকৈ কাটি  বাহিৰত পেলাই দিয়া হৈছিল। এই ঘটনাৰ পিছতে  আতংকিত হৈ পৰা এলেকাটোৰ  বাসিন্দাসকলে সন্ধিয়াৰ পিছত ঘৰটোৰ খিৰিকীলৈ চাবলৈ ভয় কৰা হৈছে। ইয়াৰ মাজতে বৃহস্পতিবাৰে নিশা এজন বৃদ্ধ ব্যক্তিয়ে আৱৰ্জনা পেলাবলৈ আহি  এগৰাকী মহিলাই ঘৰটোৰ দ্বিতীয় মহলাৰ খিৰিকীৰ কাষত  থিয় হৈ গীত গাই  থকা দেখিছিল। চুবুৰীয়াসকলেও তেওঁৰ চিঞৰ শুনিবলৈ পাইছিল। সকলোৱে এতিয়া ধৰি লৈছে যে ঘৰৰটোৰ ভিতৰৰ পৰা অহা আৰ্তনাদ  দুৰ্গাৰেই অতৃপ্ত আত্মাই কৰা আৰ্তনাদ। খিৰিকীৰ কাষত থিয় হৈ গান গোৱা মহিলাগৰাকীও দুৰ্গাৰেই প্ৰেতাত্মা। এলেকাটোৰ লোকসকলে এতিয়া উপায় বিহীন হৈ ৱাটগঞ্জ আৰক্ষী থানাৰ কাষ চাপিছে। 

 উল্লেখ্য মঙলবাৰে আৰক্ষীয়ে চি.আই.এছ.এফ. বেৰেকৰ পৰা ক'লা পলিথিনত মেৰিয়াই থোৱা মানৱ দেহৰ তিনিটা  অংশ উদ্ধাৰ কৰিছিল।  নিশ্চিত কৰা হৈছিল যে সেয়া হত্যাৰ বলি হোৱা দুৰ্গাৰেই দেহৰ অংশ আছিল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে  মহিলাগৰাকীৰ আত্মীয়  শুদ্ধ নীলাঞ্জন চৰখেলক গ্ৰেপ্তাৰ কৰে।  শুকুৰবাৰে আবেলি চটকাল ঘাটৰ ওচৰৰ এটা জোপোহাৰ মাজত লুকুৱাই থোৱা এটা ক'লা পলিথিনৰ পেকেটৰ পৰা দুৰ্গাৰ মৃতদেহৰ বাকী অংশ উদ্ধাৰ কৰা হয়। নীলাঞ্জনে মঙলবাৰে পুৱতি নিশা চাইকেলেৰে নি  চটকাল ঘাটৰ ওচৰত দুৰ্গাৰ শৰীৰৰ বাকী অংশবোৰ পেলাই থৈ আহিছিল। তাত দুৰ্গাৰ  দুখন হাত, ভৰি উদ্ধাৰ কৰা হৈছিল। লালবজাৰ আৰক্ষীৰ  মতে ব্লেক মেজিকৰ বাবেই দুৰ্গাক হত্যা কৰা হ’ব পাৰে।   হত্যাৰ আঁৰত তন্ত্ৰৰ তত্ত্বৰ কথা জড়িত থাকিব পাৰে বুলি আৰক্ষীয়ে সন্দেহ কৰিছে।

  আৰক্ষীয়ে সন্দেহ কৰিছে যে নীলাঞ্জনে তেওঁৰ ভায়েকৰ পত্নীক  ডিঙি কাটি হত্যা কৰিছিল আৰু ঘৰটোৰ গোঁসাইঘৰত  মূৰ্তি আৰু ছবিৰ সন্মুখত মৃতদেহ ৰাখি তন্ত্ৰ সাধনাত বহিছিল। তন্ত্ৰ সাধানাৰ পিছত তেওঁ দুৰ্গাৰ শৰীৰটো  কৰতেৰে  কাটি টুকুৰা-টুকুৰ কৰিছিল। নীলাঞ্জনে অৱশ্য এনে  সকলো অভিযোগ অস্বীকাৰ কৰিছে।  ফৰেনচিক ডিএনএ বিশেষজ্ঞ আৰু লালবজাৰৰ চোৰাংচোৱাসকলে ঘৰটোৰ  প্ৰথম মহলাত থকা মন্দিৰৰ কোঠাটোত অনুসন্ধান কৰি মন্দিৰত তেজৰ কোনো চিহ্ন পোৱা নাই।  কিন্তু মন্দিৰৰ কাষত মজিয়া, বাথৰুমৰ দুৱাৰ, পেকিং বাকচ, চিমেণ্টৰ বেগ, বেচিন, হাত ধোৱা ঠাইত তেজৰ টোপাল পৰি আছিল। নীলাঞ্জনৰ কোঠাৰ পৰা এটা তেজৰ দাগ থকা চাৰ্ট, তেজ মচিবলৈ  ব্যৱহাৰ কৰা কাপোৰ,  স্ক্ৰুড্ৰাইভাৰ আদি উদ্ধাৰ কৰা হৈছে। 

ঘটনা সন্দৰ্ভত দুৰ্গাৰ স্বামী আৰু আনসকলক জেৰা কৰা হৈছে । দুৰ্গা নামৰ মহিলাগৰাকীৰ হত্যাৰ পিছৰে পৰাই ঘৰটোত আৰু কোনেও  থকা নাই। কিন্তু নিশা সেই ঘৰটোৰ পৰাই ভাঁহি আহে মৰণকাতৰ আৰ্তনাদ, দেখা যায় মহিলাক।  তেন্তে কোন সেই মহিলা? আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাৰ সময়তে স্থানীয় বহু লোকে কোৱা অনুসৰি ঘৰটোত দেখা মহিলাগৰাকী দুৰ্গাৰ প্ৰেতাত্মা নহয়, তেওঁ দুৰ্গাৰ ননদ হ’ব পাৰে। মৃতা মহিলাগৰাকীৰ ননদ বহু দিন ধৰি মানসিকভাবে অসুস্থ হৈ আছে। হয়তো তেঁৱেই দুৰ্গাৰ মৃত্যুৰ খবৰ পাই ঘৰলৈ আহিছে আৰু নিশা আৰ্তনাদ কৰাৰ লগতে খিৰিকীৰ কাষত ৰৈ গান গাইছে, বাটৰুৱাক মাতিছে। সকলো ৰহস্য ফাদিল হ’ব আৰক্ষীৰ তদন্তত। তথাপি নিশা এনে এক পৰিবেশত বহুতে  ভয় খোৱাটো স্বাভাৱিক। ভয় খাবই দিয়কচোন, যদিও ভূত-প্ৰেত বুলি একো নাই...।  


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ