--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  কথা আছিল বছৰি ২ কোটি নিৱনুৱাক চাকৰি দিয়াৰ। ২০১৪ চনতে মোদীয়ে কৰিছিল এই ঘোষণা। তেনে ঘোষণাৰ পিছত ব্ৰহ্মপুত্ৰ, গংগা আদি নৈৰে বহু পানী বৈ গ’ল। কিন্তু মোদীৰ প্ৰতিশ্ৰুতিহে পূৰণ নহ’ল। কিন্তু ইয়াৰ মাজতে আজি জয়ঢোল কোবাই মোদীয়ে আৰম্ভ কৰিলে ৰোজগাৰ মেলা। 

২০১৪ চনৰ পৰা নিবনুৱাক সঠিক সংস্থাপন দিব নোৱাৰা মোদীৰ মুখত শুনা গ’ল কোভিডৰ কথা। অথচ কোভিড আহিছিল ২০২০ চনতহে। যিকিনহওঁক, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰোজগাৰ মেলা মুকলি কৰে। অনুষ্ঠান মুকলি কৰি মোদীয়ে  কয় যে বিশ্বৰ কেইবাখনো দেশৰ ওপৰত কোভিড-১৯ মহামাৰীৰ অৰ্থনৈতিক প্ৰভাৱ পৰিছে। ভাৰতে তেনে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ কাম কৰি আছে। চৰকাৰী চাকৰিৰ বাবে  আবেদন কৰা ৭৫,০০০ জনক আজি মোদীয়ে  নিযুক্তি পত্ৰ বিতৰণ কৰে। 

এই সম্পৰ্কীয়  "ৰোজগাৰ মেলা"ত  ভাষণ দি  মোদীয়ে কয় যে চৰকাৰে যুৱক-যুৱতীৰ বাবে যিমান সম্ভৱ সিমান চাকৰিৰ সুযোগ সৃষ্টি কৰাৰ বাবে কাম কৰি আছে। তেওঁ  কয় "এইটো সঁচা যে গোলকীয় পৰিস্থিতি ভয়ংকৰ। কেইবাটাও বৃহৎ অৰ্থনীতিৰ সংকটে বিশ্বক জোকাৰি গৈছে।  কেইবাখনো দেশত উচ্চ মুদ্ৰাস্ফীতি আৰু নিবনুৱাৰ সংখ্যা সৰ্বকালৰ ভিতৰতে  সৰ্বাধিক হৈছে"।  নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে অহা ডেৰ বছৰত অৰ্থাৎ ২০২৩ চনৰ ডিচেম্বৰৰ ভিতৰত ১০ লাখ যুৱক-যুৱতীক চাকৰি প্ৰদান কৰিব বুলি ঘোষণা কৰিছিল।

চৰকাৰে  ধনতেৰাছৰ দিনৰ পৰা অৰ্থাৎ ২২ অক্টোবৰত দেৱালীৰ আগতে এই বৃহৎ নিযুক্তি অভিযান আৰম্ভ কৰে। সেই দিনটোত ৭৫০০০ নিবনুৱাক  নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। 
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা মতে, প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে এই বছৰৰ জুন মাহত ৩৮ টা মন্ত্ৰালয়/বিভাগত মানৱ সম্পদৰ বিষয়ত পৰ্যালোচনা কৰিছিল। ইয়াৰ  পিছতে তেওঁ ঘোষণা কৰিছিল যে চৰকাৰে অহা ডেৰ বছৰত অৰ্থাৎ ২০২৩ চনৰ ডিচেম্বৰৰ ভিতৰত ১০ লাখ চাকৰি প্ৰদান কৰিব। এই সকলোবোৰ নিযুক্তি ইউপিএছচি, এছএছচি, ৰে'লৱে নিযুক্তি ব'ৰ্ড আৰু অন্যান্য কেন্দ্ৰীয় সংস্থাৰ জৰিয়তে কৰা হ’ব।

ইয়াত১০ নিযুত চাকৰি থাকিব।প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কৈছে যে কেন্দ্ৰীয় চৰকাৰৰ ৩৮ টা মন্ত্ৰালয় আৰু বিভাগৰ জৰিয়তে ১০ লাখ চাকৰি পূৰণ কৰা হ'ব। বৰ্তমান, গ্ৰুপ এ (ৰাজপত্ৰিত) শ্ৰেণীত ২৩৫৮৪ টা পদ খালী আছে, গ্ৰুপ বি (ৰাজপত্ৰিত) শ্ৰেণীত ২৬২৮২  টা পদ খালী আছে, আনহাতে গ্ৰুপ চিৰ অ-ৰাজপত্ৰিত শ্ৰেণীৰ ৮.৩৬ লাখ পদ খালী আছে।

কেৱল প্ৰতিৰক্ষা মন্ত্ৰালয়ত, গ্ৰুপ বি(নন-গেজেটেড)ৰ ৩৯৩৬৬টা পদ আৰু গ্ৰুপ চি-ৰ ২.১৪ লাখ পদ খালী আছে। গৃহ মন্ত্ৰালয়ত গ্ৰুপ চি-ৰ ২.৯১ লাখ খালী পদ আৰু গ্ৰুপ চি অ-ৰাজপত্ৰিত শ্ৰেণীৰ অধীনত ১.২১ লাখ পদ খালী আছে।এই পদবোৰত নিযুক্তি দিয়া  হ'ব ।

প্ৰধানমন্ত্ৰীৰ এই বৃহৎ চাকৰি অভিযানৰ অধীনত প্ৰতিৰক্ষা মন্ত্ৰালয়, ৰে'ল মন্ত্ৰালয়, ডাক বিভাগ, গৃহ মন্ত্ৰালয়, শ্ৰম আৰু নিযুক্তি মন্ত্ৰালয়, কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী (চিআইএছএফ), কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই), শুল্ক আৰু বেংকিং, সশস্ত্ৰ বাহিনী, উপ-পৰিদৰ্শক, কনিষ্টবল, এলডিচি,  আয়কৰ পৰিদৰ্শককে ধৰি ৩৮ টা বিভাগত সমগ্ৰ দেশৰ নিৰ্বাচিত যুৱক-যুৱতীসকলক চাকৰি প্ৰদান কৰা হ'ব।

যোৱা বছৰ, কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙে সংসদক কৈছিল যে ১ মাৰ্চ, ২০২০ তাৰিখলৈকে কেন্দ্ৰীয় চৰকাৰৰ বিভাগবোৰত ৮.৭২ লাখ পদ খালী হৈ আছে। কেন্দ্ৰীয় চৰকাৰৰ বিভাগসমূহত মুঠ ৪০ লাখ ৪ হাজাৰ পদ আছে, যাৰ ভিতৰত ৩১ লাখ ৩২ হাজাৰ পদ পূৰণ কৰা হৈছিল। ২০১৬-১৭ বৰ্ষৰ পৰা ২০২০-২১ বৰ্ষত, এছ.এছ.চি.-ত মুঠ ২ লাখ ১৪ হাজাৰ ৬০৯ গৰাকী কৰ্মচাৰী নিয়োগ কৰা হৈছিল। লগতে, আৰ.আৰ.বি.-য়ে ২ লাখ ৪ হাজাৰ ৯৪৫ জন লোকক নিযুক্তি দিছিল। একে সময়তে, ইউপিএছচিয়ে ২৫ হাজাৰ ২৬৭ জন প্ৰাৰ্থী বাছনি কৰিছিল।
FOLLOW US F
POPULAR
FEATURE
TRENDY
মাটিকাদুৰিৰ নানা উপকাৰী গুণ
৪ বছৰত ২৫ হাজাৰ একৰ ভূমি বেদখলৰ পৰা মুক্ত হ’ল: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
ত্রি-মুকুট অৰ্জনৰ দিশে পি এছ জি
অষ্ট্ৰেলিয়া ভ্ৰমণলৈ ভাৰতৰ মহিলা দল ঘোষণা ; অসমৰ উমা চেত্ৰীৰ স্থান লাভ
গুৱাহাটীত অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতাত দেশৰ ১৫ খন ৰাজ্যৰ প্ৰায় ১৮০ গৰাকী ল’ৰা-ছোৱালীৰ অংশগ্ৰহণ
গীতে-মাতে জীপাল হ'ল কুঠৰীস্থিত ড° ভূপেন হাজৰিকাৰ পৰিত্যক্ত বাসগৃহ
আত্মনিৰ্ভৰশীলতাৰ নিদৰ্শন দাঙি ধৰিলে ডিগবৈৰ পাঁচ গৰাকী উদ্যমী মহিলাই
আমেৰিকাৰ ছিকাগ’ত তিনিদিনীয়া বিশেষ কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে অসম অভিৱৰ্তন ২০২৫
এইবাৰ মহিলাই নেতৃত্ব দিব বিজেপিক, দক্ষিণৰ তিনিগৰাকী নেত্ৰীৰ নাম চৰ্চাত
বলীউডে সুশান্তৰ দৰে কাৰ্তিকক আঁতৰাবলৈ চেষ্টা কৰিছে! সংগীত পৰিচালক অমল মালিকৰ দাবী
আমেৰিকাত সোণ জিনিলে জামুগুৰিহাটৰ কন্দৰ্প বৰাই
৫০০০ কিল'মিটাৰ দূৰত্বৰ পৰা ছেটেলাইটৰ জৰিয়তে সম্পন্ন কৰিলে ৰ'বটিক ছাৰ্জাৰী
প্রধানমন্ত্রী মোদীক ট্ৰিনিডাড-টবেগোৰো সর্বোচ্চ সন্মান
পাকিস্তানৰ ৮১ শতাংশ অস্ত্র-শস্ত্র চীনত নির্মিত