--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপুনি নিশ্চয় ভাৰতত 'MBA Chaiwala'ৰ নাম শুনিছে, যিয়ে ডিগ্ৰী সম্পূৰ্ণ কৰি চাহ বিক্ৰী কৰি নাম উজলাইছিল, কিন্তু আজি আমি আপোনালোকক চিনাকি কৰাই দিবলৈ ওলাইছো এনে এজন যুৱকৰ সৈতে যিয়ে BBA ডিগ্ৰী সম্পূৰ্ণ নকৰাকৈ চাহ বিক্ৰী আৰম্ভ কৰিছে। যুৱকজনে 'ড্ৰপআউট চাইৱালা' নামৰ এখন চাহৰ দোকান খুলি সকলোৰে আদৰ পাবলৈ সক্ষম হৈছে।

কফি অনুৰাগীৰ বাবে পৰিচিত অষ্ট্ৰেলিয়াৰ মেলবৰ্ণ চহৰত মাত্ৰ ২২ বছৰীয়া সঞ্জীত কোণ্ডা হাউছে প্ৰথমটো ষ্টাৰ্টআপ ‘ড্ৰপআউট চাইৱালা’ৰ জৰিয়তে ধুমুহাৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। মাত্ৰ এবছৰতে তেওঁ কোটি কোটি টকা মূল্যৰ এটা ফাৰ্মৰ মালিক হৈ পৰিছে।

অন্ধ্ৰ প্ৰদেশৰ নেল্লোৰত জন্মগ্ৰহণ কৰা সঞ্জীত কোণ্ডা হাউছে অষ্ট্ৰেলিয়াৰ এখন আগশাৰীৰ বিশ্ববিদ্যালয়ৰ পৰা বিজনেছ এডমিনিষ্ট্ৰেচন (বিবিএ) অধ্যয়ন কৰি আছিল আৰু ইণ্টাৰনশ্বিপৰ বাবে আবেদন কৰিছিল যদিও হঠাতে ২২ বছৰীয়া সঞ্জীতে কৰ্পৰেট চাকৰি কৰা সলনি 'চাইৱালা' হোৱাৰ সিদ্ধান্ত লয়।
From College Drop Out To Owner Of Million Dollar Firm, This Is How Sanjith  Became 'Chaiwala'
কফিৰ বাবে জনপ্ৰিয় অষ্ট্ৰেলিয়াৰ মেলবৰ্ণ চহৰত সঞ্জীতে চাহৰ দোকান খোলাৰ সপোন দেখিছিল আৰু আজি মেলবৰ্ণৰ ব্যস্ত চিবিডি (চেণ্ট্ৰেল বিজনেছ ডিষ্ট্ৰিক্ট) অঞ্চলৰ এলিজাবেথ ষ্ট্ৰীটত অৱস্থিত তেওঁৰ ষ্টলত প্ৰতিদিনে পুৱা আৰু গধূলি চাহ খাবলৈ মানুহে ভিৰ কৰেহি।  

বিবিএ ডিগ্ৰী বাদ দি চাহকে পেছা হিচাপে বাছি লোৱা সঞ্জীতে নিজৰ আউটলেটক ইমান কম বয়সতে মাত্ৰ এবছৰৰ ভিতৰত প্ৰায় ছাৰে পাঁচ কোটি টকাৰ কোম্পানীলৈ পৰিণত কৰিছে। এতিয়া তেওঁ অষ্ট্ৰেলিয়াত এটা মিলিয়ন ডলাৰৰ প্ৰতিষ্ঠানৰ মালিক।

সঞ্জীতে এক সাক্ষাৎকাৰত কয় যে, মই ইয়ালৈ লা ট্ৰ’ব বিশ্ববিদ্যালয়ত বিজনেছ এডমিনিষ্ট্ৰেচনত স্নাতক ডিগ্ৰী লাভ কৰিবলৈ আহিছিলো কিন্তু মই মোৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ। কলেজ বাদ দি তাৰ পিছত নিজাকৈ ষ্টাৰ্ট আপ আৰম্ভ কৰিবলৈ মন গ’ল। সঞ্জীতে লগতে ক’লে “শৈশৱৰ পৰা চাহৰ প্ৰতি মই মোহিত আছিলো আৰু তাৰ পিছত ড্ৰপআউট চাইৱালা হোৱাৰ সিদ্ধান্ত লৈছিলোঁ।’’
Sanjith Konda house - Co-Founder - Science Box Australia | LinkedIn
উল্লেখ্য যে সঞ্জীতে অতি সোনকালে মেলবৰ্ণত দ্বিতীয়টো আউটলেট খুলিব। তেওঁ কয় যে নতুন গ্ৰাহকক আকৰ্ষণ কৰিবলৈ তেওঁ ফিউজন গ্ৰীণ টি আৰু কেপাচিনোও মুকলি কৰিছে। সঞ্জীতে কয় যে তেওঁ পাৰ্ট টাইম কাম কৰা ছাত্ৰ-ছাত্ৰীক তেওঁৰ আউটলেটত নিযুক্তি দিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক