--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপুনি নিশ্চয় ভাৰতত 'MBA Chaiwala'ৰ নাম শুনিছে, যিয়ে ডিগ্ৰী সম্পূৰ্ণ কৰি চাহ বিক্ৰী কৰি নাম উজলাইছিল, কিন্তু আজি আমি আপোনালোকক চিনাকি কৰাই দিবলৈ ওলাইছো এনে এজন যুৱকৰ সৈতে যিয়ে BBA ডিগ্ৰী সম্পূৰ্ণ নকৰাকৈ চাহ বিক্ৰী আৰম্ভ কৰিছে। যুৱকজনে 'ড্ৰপআউট চাইৱালা' নামৰ এখন চাহৰ দোকান খুলি সকলোৰে আদৰ পাবলৈ সক্ষম হৈছে।

কফি অনুৰাগীৰ বাবে পৰিচিত অষ্ট্ৰেলিয়াৰ মেলবৰ্ণ চহৰত মাত্ৰ ২২ বছৰীয়া সঞ্জীত কোণ্ডা হাউছে প্ৰথমটো ষ্টাৰ্টআপ ‘ড্ৰপআউট চাইৱালা’ৰ জৰিয়তে ধুমুহাৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। মাত্ৰ এবছৰতে তেওঁ কোটি কোটি টকা মূল্যৰ এটা ফাৰ্মৰ মালিক হৈ পৰিছে।

অন্ধ্ৰ প্ৰদেশৰ নেল্লোৰত জন্মগ্ৰহণ কৰা সঞ্জীত কোণ্ডা হাউছে অষ্ট্ৰেলিয়াৰ এখন আগশাৰীৰ বিশ্ববিদ্যালয়ৰ পৰা বিজনেছ এডমিনিষ্ট্ৰেচন (বিবিএ) অধ্যয়ন কৰি আছিল আৰু ইণ্টাৰনশ্বিপৰ বাবে আবেদন কৰিছিল যদিও হঠাতে ২২ বছৰীয়া সঞ্জীতে কৰ্পৰেট চাকৰি কৰা সলনি 'চাইৱালা' হোৱাৰ সিদ্ধান্ত লয়।
From College Drop Out To Owner Of Million Dollar Firm, This Is How Sanjith  Became 'Chaiwala'
কফিৰ বাবে জনপ্ৰিয় অষ্ট্ৰেলিয়াৰ মেলবৰ্ণ চহৰত সঞ্জীতে চাহৰ দোকান খোলাৰ সপোন দেখিছিল আৰু আজি মেলবৰ্ণৰ ব্যস্ত চিবিডি (চেণ্ট্ৰেল বিজনেছ ডিষ্ট্ৰিক্ট) অঞ্চলৰ এলিজাবেথ ষ্ট্ৰীটত অৱস্থিত তেওঁৰ ষ্টলত প্ৰতিদিনে পুৱা আৰু গধূলি চাহ খাবলৈ মানুহে ভিৰ কৰেহি।  

বিবিএ ডিগ্ৰী বাদ দি চাহকে পেছা হিচাপে বাছি লোৱা সঞ্জীতে নিজৰ আউটলেটক ইমান কম বয়সতে মাত্ৰ এবছৰৰ ভিতৰত প্ৰায় ছাৰে পাঁচ কোটি টকাৰ কোম্পানীলৈ পৰিণত কৰিছে। এতিয়া তেওঁ অষ্ট্ৰেলিয়াত এটা মিলিয়ন ডলাৰৰ প্ৰতিষ্ঠানৰ মালিক।

সঞ্জীতে এক সাক্ষাৎকাৰত কয় যে, মই ইয়ালৈ লা ট্ৰ’ব বিশ্ববিদ্যালয়ত বিজনেছ এডমিনিষ্ট্ৰেচনত স্নাতক ডিগ্ৰী লাভ কৰিবলৈ আহিছিলো কিন্তু মই মোৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ। কলেজ বাদ দি তাৰ পিছত নিজাকৈ ষ্টাৰ্ট আপ আৰম্ভ কৰিবলৈ মন গ’ল। সঞ্জীতে লগতে ক’লে “শৈশৱৰ পৰা চাহৰ প্ৰতি মই মোহিত আছিলো আৰু তাৰ পিছত ড্ৰপআউট চাইৱালা হোৱাৰ সিদ্ধান্ত লৈছিলোঁ।’’
Sanjith Konda house - Co-Founder - Science Box Australia | LinkedIn
উল্লেখ্য যে সঞ্জীতে অতি সোনকালে মেলবৰ্ণত দ্বিতীয়টো আউটলেট খুলিব। তেওঁ কয় যে নতুন গ্ৰাহকক আকৰ্ষণ কৰিবলৈ তেওঁ ফিউজন গ্ৰীণ টি আৰু কেপাচিনোও মুকলি কৰিছে। সঞ্জীতে কয় যে তেওঁ পাৰ্ট টাইম কাম কৰা ছাত্ৰ-ছাত্ৰীক তেওঁৰ আউটলেটত নিযুক্তি দিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু