--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এখন ক্ৰিকেট মেচত ন ব’ল দিয়াৰ বাবে প্ৰাণ হেৰুৱালে এজন আম্পায়াৰে। দেওবাৰে ওড়িশাৰ কটকৰ পৰা এই ঘটনাৰ খবৰ পোৱা গৈছে।

সবিশেষ তথ্য অনুসৰি, ‘ন’ বল’ চিগনেলক লৈ হোৱা কাজিয়াৰ ফলত ২২ বছৰীয়া লাকী ৰাউত নামৰ আম্পায়াৰৰ দায়িত্ব পালন কৰা এজন যুৱকে প্ৰাণ হেৰুৱায়। স্মৃতি ৰঞ্জন ৰাউট নামৰ এজন যুৱকে তেওঁক ছুৰীৰে আঘাত কৰি হত্যা কৰে।

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, লাকী ৰাউটক খেলপথাৰত চোকা দাৰে আঘাত কৰা হয়। তাৰ পিছতে অভিযুক্তক খেলপথাৰত উপস্থিত থকা লোকে ধৰি আৰক্ষীক গতাই দিয়ে। ততাতৈয়াকৈ লাকী ৰাউটক চিবি মেডিকেল কলেজ আৰু চিকিৎসালয়লৈ লৈ যোৱাত চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

খবৰ অনুসৰি এই খেলখন দুখন গাঁৱৰ দুটা দলৰ মাজত অনুষ্ঠিত হৈছিল - ব্ৰহ্মপুৰ আৰু শংকৰপুৰ। এই ঘটনাই গাঁও দুখনত উত্তেজনাৰ সৃষ্টি কৰে। কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহ’বলৈ আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। গোচৰৰো তদন্ত আৰম্ভ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে