--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • গ্ৰেপ্তাৰ কৰা কুখ্যাত সৰবৰাহকাৰী দুজনৰ বিৰুদ্ধে ইতিমধ্যে NDPS আইনৰ কঠোৰ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

ডিজিটেল ডেস্ক: ৰাজ্যজুৰি অব্যাহত থকা ড্ৰাগছ বিৰোধী অভিযানত পুনৰ এক ডাঙৰ সফলতা লাভ কৰিছে কাছাৰ জিলা আৰক্ষীয়ে। গোপন সূত্ৰৰ পম খেদি চলোৱা এক অভিযানত লক্ষীপুৰ আৰক্ষীয়ে প্ৰায় ১ কোটি টকা বজাৰ মূল্যৰ বৃহৎ পৰিমাণৰ নিষিদ্ধ টেবলেট জব্দ কৰিবলৈ সক্ষম হয়। এই অভিযানৰ সময়তে ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত দুজন কুখ্যাত সৰবৰাহকাৰীকো হাতেলোটে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।


আৰক্ষী সূত্ৰে প্ৰকাশ কৰা মতে, লক্ষীপুৰ থানাৰ অন্তৰ্গত এটা বিশেষ অঞ্চলত বিশাল পৰিমাণৰ ড্ৰাগছ সৰবৰাহ হ’বলগীয়া আছিল বুলি এক গোপন খবৰ লাভ কৰিছিল আৰক্ষীয়ে। এই তথ্যৰ ভিত্তিত লক্ষীপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু এক বিশেষ আৰক্ষী দলে তাৎক্ষণিকভাৱে অভিযান আৰম্ভ কৰে। অভিযানস্থলীত তালাচী চলোৱাৰ সময়তে সন্দেহজনকভাৱে অহা লোক দুজনৰ পৰা এই বৃহৎ পৰিমাণৰ নিষিদ্ধ সামগ্ৰীখিনি উদ্ধাৰ কৰা হয়।


জব্দ কৰা নিষিদ্ধ টেবলেটবোৰৰ ক’লা বজাৰত আনুমানিক মূল্য প্ৰায় ১ কোটি টকা হ’ব বুলি আৰক্ষীয়ে অনুমান কৰিছে। নৱপ্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিয়া এই মাৰাত্মক ড্ৰাগছৰ নেটৱৰ্কটো উৎখাত কৰাৰ ক্ষেত্ৰত আৰক্ষীৰ এই পদক্ষেপক অত্যন্ত গুৰুত্বপূৰ্ণ বুলি বিবেচিত কৰা হৈছে।


গ্ৰেপ্তাৰ কৰা কুখ্যাত সৰবৰাহকাৰী দুজনৰ বিৰুদ্ধে ইতিমধ্যে NDPS আইনৰ কঠোৰ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। বৰ্তমান আৰক্ষীয়ে ধৃত লোক দুজনক জেৰা অব্যাহত ৰাখিছে আৰু এই ড্ৰাগছ সৰবৰাহ চক্ৰটোৰ মূল খলনায়ক কোন বা ইয়াৰ লগত আন কোন কোন লোক জড়িত আছে, সেই বিষয়ে বিশদ তদন্ত আৰম্ভ কৰিছে। কাছাৰ আৰক্ষীৰ এই সফলতাত অঞ্চলটোৰ সচেতন নাগৰিকসকলে সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে ড্ৰাগছৰ বিৰুদ্ধে এনে অভিযান অব্যাহত ৰাখিবলৈ দাবী জনাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লক্ষীপুৰত কাছাৰ আৰক্ষীৰ বৃহৎ সাফল্য: ১ কোটি টকাৰ নিষিদ্ধ টেবলেটসহ আটক দুই সৰবৰাহকাৰী
ধুন্দুলিৰ নানা স্বাস্থ্য উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
তামাৰহাটত ধুমুহা-বৰষুণৰ তাণ্ডৱ; ভাঙি পৰিল ১৫ খনতকৈ অধিক দুৰ্গাপূজাৰ গেট
মুদ্রাস্ফীতি, টকাৰ মূল্য হ্রাস; ৫.৫০ শতাংশলৈ বৃদ্ধি ৰেপ’ৰেট
অসমৰ লোহিত-ব্ৰহ্মপুত্ৰৰ সংগমস্থলীত বিৰল প্ৰজাতিৰ ঘঁৰিয়ালৰ সন্ধান
খৈৰাবাৰীত লাভ জেহাদ! হিন্দু পৰিচয় দি ডিব্ৰুগড়ৰ নাবালিকাক পলুৱাই নিলে ধুবুৰীৰ যুৱকে
চাৰ্টৰ জেপত ফোন ৰাখিলে হাৰ্টবিটত কি প্ৰভাৱ পৰে?
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ
চৌদিশে দুর্গোৎসৱৰ প্রস্তুতি, ব্যস্ততা বাঢ়িছে খনিকৰৰ
কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূর্ণ পদক্ষেপ; চীন সীমান্তৰ নতুন মানচিত্ৰ ভাৰতৰ