--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজি বিজয়া দশমী উপলক্ষে নাগপুৰৰ ৰেশ্মীবাগত সংঘৰ কৰ্মীসকলক সম্বোধন কৰে আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে। এই সময়ছোৱাত কেইবাটাও বিষয়ত বক্তব্য আগবঢ়াইছে মোহন ভাগৱতে। ভাষণ প্ৰসংগত তেওঁ কয়, ক্ষমতাই সকলোৰে আধাৰ।

শক্তিও শান্তি আৰু মংগলৰ আধাৰ। তেওঁ লগতে কয় যে, যদি সমাজখন সংগঠিত হ’ব লাগে, তেন্তে সমাজখন পুৰুষ-মহিলা উভয়ৰে দুয়োটাৰে সংগঠিত হ’ব লাগিব। সেইবাবেই আমি নাভাবো যে পুৰুষ-মহিলাৰ ভিতৰত কোন শ্ৰেষ্ঠ।

তেওঁ পুনৰ কয় যে পৰিয়ালত মাতৃশক্তিক সমান অধিকাৰ আৰু সিদ্ধান্তৰ স্বাধীনতা প্ৰদান কৰাটো প্ৰয়োজনীয়। মানুহ এজনে কৰিব পৰা সকলো কাম মাতৃশক্তিৰ দ্বাৰা কৰিব পাৰি, কিন্তু মাতৃশক্তিয়ে যি কৰিব পাৰে, সেই কাম সকলোৱে কৰিব নোৱাৰে। নাৰীক সামৰি লোৱা নহ’লে সমগ্ৰ সমাজৰ সংগঠিত শক্তি থিয় হ’ব নোৱাৰিব আৰু আমি এই কাম নকৰিলে সংগঠনটোৰ প্ৰচেষ্টা সম্পূৰ্ণ নহ’ব।

সমগ্ৰ বিশ্বত ভাৰতৰ মান বাঢ়িছে বুলি তেওঁ কয়, ভাৰতে শ্ৰীলংকাক সহায় কৰাটো উল্লেখযোগ্য কাৰ্য আছিল৷ লগতে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত হোৱা যুদ্ধৰ সময়তো ভাৰতৰ ভূমিকা সবল আছিল। ইয়াকে দেখি আমি সন্মানিত হৈছোঁ। বিশ্বই শুনি আছে আমাৰ দেশৰ কথা। ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত ভাৰত স্বাৱলম্বী হৈ উঠিছে। কৰ’নাৰ পৰা ওলাই অহাৰ পাছত পুনৰ অর্থনীতিৰ প্রাক অৱস্থালৈ ঘূৰি আহিছে৷ ক্ৰীড়াৰ ক্ষেত্ৰতো খেলুৱৈসকলে ভাল প্ৰদৰ্শন কৰিছে। দিল্লীত কৰ্তব্য পথ উদ্বোধন হৈছিল সেই সময়ত প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ নতুন উত্থানৰ কথা কৈছিল আৰু দেশৰ নতুন উত্থানৰ প্ৰতিটো ক্ষেত্ৰতে ভাৰত আগবাঢ়িছে।

ভাগৱতে কয় একাংশ লোকে বিচাৰে যে ভাৰতে অগ্ৰগতি লাভ কৰিব নালাগে। সামাজিক সমন্বয় বিঘ্নিত কৰে, আমাৰ মাজৰ দূৰত্ব বঢ়াবলৈ চেষ্টা কৰে। এইসকল লোকৰ প্ৰচেষ্টা দেশত সন্ত্ৰাস বৃদ্ধি হ’ব লাগে, যিসকল লোকে অৰাজকতাৰ পৰিৱেশ গঢ়ি তুলিছে তেওঁলোকৰ নিয়ম-নীতিৰ প্ৰতি সন্মান নাই। এনে লোকৰ বিৰুদ্ধে চৰকাৰে নিৰন্তৰ ব্যৱস্থা গ্ৰহণ কৰি আছে। এই ক্ষেত্ৰত সকলো ৰাইজে চৰকাৰক সহায় কৰিব লাগিব বুলিও তেওঁ কয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক