--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজি বিজয়া দশমী উপলক্ষে নাগপুৰৰ ৰেশ্মীবাগত সংঘৰ কৰ্মীসকলক সম্বোধন কৰে আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে। এই সময়ছোৱাত কেইবাটাও বিষয়ত বক্তব্য আগবঢ়াইছে মোহন ভাগৱতে। ভাষণ প্ৰসংগত তেওঁ কয়, ক্ষমতাই সকলোৰে আধাৰ।

শক্তিও শান্তি আৰু মংগলৰ আধাৰ। তেওঁ লগতে কয় যে, যদি সমাজখন সংগঠিত হ’ব লাগে, তেন্তে সমাজখন পুৰুষ-মহিলা উভয়ৰে দুয়োটাৰে সংগঠিত হ’ব লাগিব। সেইবাবেই আমি নাভাবো যে পুৰুষ-মহিলাৰ ভিতৰত কোন শ্ৰেষ্ঠ।

তেওঁ পুনৰ কয় যে পৰিয়ালত মাতৃশক্তিক সমান অধিকাৰ আৰু সিদ্ধান্তৰ স্বাধীনতা প্ৰদান কৰাটো প্ৰয়োজনীয়। মানুহ এজনে কৰিব পৰা সকলো কাম মাতৃশক্তিৰ দ্বাৰা কৰিব পাৰি, কিন্তু মাতৃশক্তিয়ে যি কৰিব পাৰে, সেই কাম সকলোৱে কৰিব নোৱাৰে। নাৰীক সামৰি লোৱা নহ’লে সমগ্ৰ সমাজৰ সংগঠিত শক্তি থিয় হ’ব নোৱাৰিব আৰু আমি এই কাম নকৰিলে সংগঠনটোৰ প্ৰচেষ্টা সম্পূৰ্ণ নহ’ব।

সমগ্ৰ বিশ্বত ভাৰতৰ মান বাঢ়িছে বুলি তেওঁ কয়, ভাৰতে শ্ৰীলংকাক সহায় কৰাটো উল্লেখযোগ্য কাৰ্য আছিল৷ লগতে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত হোৱা যুদ্ধৰ সময়তো ভাৰতৰ ভূমিকা সবল আছিল। ইয়াকে দেখি আমি সন্মানিত হৈছোঁ। বিশ্বই শুনি আছে আমাৰ দেশৰ কথা। ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত ভাৰত স্বাৱলম্বী হৈ উঠিছে। কৰ’নাৰ পৰা ওলাই অহাৰ পাছত পুনৰ অর্থনীতিৰ প্রাক অৱস্থালৈ ঘূৰি আহিছে৷ ক্ৰীড়াৰ ক্ষেত্ৰতো খেলুৱৈসকলে ভাল প্ৰদৰ্শন কৰিছে। দিল্লীত কৰ্তব্য পথ উদ্বোধন হৈছিল সেই সময়ত প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ নতুন উত্থানৰ কথা কৈছিল আৰু দেশৰ নতুন উত্থানৰ প্ৰতিটো ক্ষেত্ৰতে ভাৰত আগবাঢ়িছে।

ভাগৱতে কয় একাংশ লোকে বিচাৰে যে ভাৰতে অগ্ৰগতি লাভ কৰিব নালাগে। সামাজিক সমন্বয় বিঘ্নিত কৰে, আমাৰ মাজৰ দূৰত্ব বঢ়াবলৈ চেষ্টা কৰে। এইসকল লোকৰ প্ৰচেষ্টা দেশত সন্ত্ৰাস বৃদ্ধি হ’ব লাগে, যিসকল লোকে অৰাজকতাৰ পৰিৱেশ গঢ়ি তুলিছে তেওঁলোকৰ নিয়ম-নীতিৰ প্ৰতি সন্মান নাই। এনে লোকৰ বিৰুদ্ধে চৰকাৰে নিৰন্তৰ ব্যৱস্থা গ্ৰহণ কৰি আছে। এই ক্ষেত্ৰত সকলো ৰাইজে চৰকাৰক সহায় কৰিব লাগিব বুলিও তেওঁ কয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ