--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দশেৰা দিনটোতে ভগৱান ৰামে অহংকাৰী ৰাৱণক বধ কৰে। আন এটা বিশ্বাস অনুসৰি এই দিনটোতে চামুন্দেশ্বৰী দেৱীয়ে মহিষাসুৰক বধ কৰিছিল। সত্য ওপৰত অসত্য জয়ৰ কাৰণেই সমগ্ৰ দেশতে দশেৰা উৎসৱ অতি ধুমধামেৰে পালন কৰা হয় আৰু ৰাৱণৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি ঠায়ে ঠায়ে ৰাৱণ দাহন কৰাও পৰম্পৰা আছে। প্ৰত্যেক ঠাইতে দশেৰা উদযাপনৰ পৰম্পৰা বেলেগ বেলেগ যদিও কোনো কোনো ঠাইত সম্পূৰ্ণ বেলেগ ধৰণেৰে দশেৰা উৎসৱ পালন কৰা হয়।

 মধ্যপ্ৰদেশৰ মন্দসৌৰত দুশেৰাক এক অন্য ধৰণে উপস্থাপন কৰা হয়। ইয়াত ৰাৱণ দাহ কৰাৰ সলনি ৰাৱণক পূজা কৰা হয়। আচলতে ৰাৱণৰ পত্নী আৰু লংকাৰ ৰাণী মন্দোদৰী মন্দসৌৰৰ বাসিন্দা আছিল বুলি বিশ্বাস কৰা হয়। এই কাৰণে আজিও ইয়াত মানুহে ৰাৱণক জোঁৱায়েকৰ মৰ্যাদা দি পূজা কৰে। নামদেৱ সমাজৰ ৰাইজে ৰাৱণক পূজা কৰে। নামদেৱ সমাজৰ নাৰীসকলে ৰাৱণক জোঁৱাই বুলি গণ্য কৰে আৰু তেওঁৰ মূৰ্তিৰ সন্মুখত ওৰণি পৰিধান কৰে। বহুতে ৰাৱণৰ ভৰিত সূতা বান্ধি ৰোগ নিৰাময় কৰে।

 আনহাতে, মহীশূৰত অতি বিশেষভাৱে উদযাপন কৰা হয় দশেৰা। ইয়াত দশেৰাক নাধব্বা বোলা হয়। মহীশূৰৰ ৰাজপৰিয়ালে দশেৰা উপলক্ষে বিশেষ অনুষ্ঠান আয়োজন কৰে। মহীশূৰত ৰাজপ্ৰসাদৰ পৰা বন্নীমণ্ডপলৈ দশেহৰা ৰাইড উলিওৱা হয়। উট, হাতী, ঘোঁৰা আৰু বহুতো নৃত্যশিল্পীয়ে এই ৰাজকীয় যাত্ৰাত সংগ দিয়ে। ইয়াত চামুন্দেশ্বৰী দেৱীক পূজা কৰা নহয় ৰাৱণৰ পূজা কৰা হয়। দশেহৰৰ দিনা দেৱীয়ে মহিষাসুৰক বধ কৰিছিল বুলি বিশ্বাস কৰা হয়। মহীশূৰত এনেদৰে দশেৰা উদযাপনৰ আৰম্ভণি ১৫ শতিকাত আৰম্ভ হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ তাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ