--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বছৰটোৰ এখন অন্যতম বহু প্ৰত্যাশিত ছিকুৱেল ছবি ‘পুষ্পা ২: দা ৰুল’ৰ ১৭ নৱেম্বৰ তাৰিখে পাটনাত ট্ৰেইলাৰ মুকলি কৰে৷ আল্লু অৰ্জুন আৰু ৰশ্মিকা মন্দনা অভিনীত ছবিখনৰ  ট্ৰেইলাৰ মুকলি হোৱাৰ লগে লগে দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰিছে৷ ইতিমধ্যে ভাৰতীয় চিনেমাত সৰ্বাধিক দৰ্শন কৰা লাইভ ট্ৰেইলাৰৰ ৰেকৰ্ড স্থাপন কৰিছে‘পুষ্পা ২: দা ৰুল’ৰ ট্ৰেইলাৰে।

প্ৰসিদ্ধ পৰিচালক এছ এছ ৰাজামৌলীয়ে সামাজিক মাধ্যমত এটা প’ষ্টৰ জৰিয়তে আল্লু অৰ্জুনৰ ‘পুষ্পা ২: দা ৰুল’ৰ ট্ৰেইলাৰৰ প্ৰতি প্ৰশংসা প্ৰকাশ কৰিছে৷ ইয়াৰোপৰি বহু চেলিব্ৰিটিয়েও পুষ্পা ২ৰ  ট্ৰেইলাৰৰ প্ৰতি প্ৰশংসাৰে উপচাই পেলাইছে৷ 

উল্লেখযোগ্য যে ‘পুষ্পা ২: দা ৰুল’, পৰিচালক চুকুমাৰে ছুবিখনৰ প্ৰথম অংশত যি দৰে আল্লু অৰ্জুনৰ শক্তিশালী অভিনয় তথা কলা-কৌশলৰ দ্বাৰা দৰ্শকৰ জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল ছবিখনৰ দ্বিতীয় অংশ পুষ্পা ২: দা ৰুলেও দৰ্শকৰ দুগুণ সমাদৰ লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে৷

‘পুষ্পা ২: দা ৰুল’ ট্ৰেইলাৰ মুকলি হোৱাৰ পাছতে দৰ্শকৰ মাজত যি উত্তেজনা পৰিলক্ষিত হ’ল, ইয়াৰ পৰা এইটো স্পষ্ট হৈ পৰিছে যে দৰ্শকসকল ছবিখনৰ মুক্তিৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে !

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ