--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : সফলতাই যেন তেওঁক খেদিহে ফুৰে! য’তেই হাত দিছে তাতেই সফল তেওঁ। সেয়া লাগিলে ৰাজামৌলীৰ ‘মাগাধীৰা’ই হওক বা ‘বাহুবলী’ৰ দুয়োটা খণ্ডই হওক। কিন্তু এই সকলো অভিলেখ চেৰাই গৈ এইবাৰ নতুন অভিলেখ গঢ়িলে এইগৰাকী প্ৰখ্যাত ছবি নিৰ্মাতাই। তেওঁ এছ এছ ৰাজামৌলীৰ বাহিৰে আন কোন হ’ব পাৰে? ভাৰতীয় ছবিজগতৰ মিডাছ এইগৰাকী পৰিচালকৰ নতুন ছবি ‘আৰ আৰ আৰ’-এ এতিয়া দেশৰ লগতে বিদেশৰো বিভিন্ন ঠাইত তোলাপাৰ লগাইছে। নতুন সৃষ্টিৰে নিজকেই অতিক্ৰম কৰি যাবলৈ সক্ষম হৈছে ৰাজামৌলীয়ে। নতুন ছবি ‘আৰ আৰ আৰ’ৰ জৰিয়তে তেওঁ 'বাহুবলী ২'ৰ অভিলেখো ভংগ কৰিছে। মুক্তিৰ দিনটোকে ৰাজামৌলীৰ ‘আৰ আৰ আৰ’ ছবিখনে ২২৩ কোটি টকাৰ ব্যৱসায় কৰিবলা সক্ষম হৈছে। আৰু তাৰ পাছতেই এই বৃহৎ বাজেটৰ ছবিখনে শ্ৰেষ্ঠত্বৰ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে। ৰাজামৌলীৰ ছবিখন ২৫ মাৰ্চত ছবিগৃহত মুক্তি লাভ কৰিছিল। ৰামচৰণ আৰু জুনিয়ৰ এনটিআৰ-এ অভিনীত কৰিছে ছবিখনত। বলীউড তাৰকা আলিয়া ভাটৰ অভিনয়ে সোণত সুৱগা চৰাইছে 'আৰ আৰ আৰ'ক। ছবিখনৰ মুক্তিৰ লগে লগে, সাংস্কৃতিক জগতত বিয়পি পৰিছে উদ্দীপনা। আজি চলচ্চিত্ৰখনৰ বাণিজ্যিক বিশ্লেষণ তুলি ধৰিছে তৰণ আদৰ্শে। ছবিখনে প্ৰথম দিনটোতে বক্স অফিচত আলোড়ন তোলাৰ কথা তেওঁ প্ৰকাশ কৰে। তেওঁ লিখিছে যে, ইমান দিনে বাহুবলী-২ৰ ক্ষেত্ৰত যি কথা কৈ অহা হৈছিল সেই কথাৰ স্থান লৈছে ৰাজামৌলীৰ পৰৱৰ্তী ছবিখনে। প্ৰথম দিনাই বিশ্বব্যাপী কৰা ব্যৱসায়ৰ হিচাপেৰে শ্ৰেষ্ঠ বিবেচিত হৈছে ‘ৰাইজ ৰোৰ ৰিভোল্ট’। প্ৰথম দিনটোতে কৰা উপাৰ্জনৰ সকলো অভিলেখ ভংগ কৰি ‘আৰ আৰ আৰ’-এ ভাৰতীয় ছবিজগতৰ সৰ্বশ্ৰেষ্ঠ অপেনাৰৰ কৃতিত্ব অৰ্জন কৰিছে বুলি প্ৰকাশ কৰে আদৰ্শে। উল্লেখ্য যে, যোৱা সময়ছোৱাত ৰামচৰণ, এনটিআৰ আৰু ৰাজামৌলীয়ে ছবিখনৰ প্ৰচাৰৰ বাবে বিভিন্ন চহৰ ভ্ৰমণ কৰিছিল। দিল্লী, জয়পুৰৰ বৰোদাৰ হাৱা মহল আৰু অমৃতসৰৰ স্বৰ্ণ মন্দিৰত তাৰকাকেইগাৰাকীক দেখা পোৱাৰ পাছত তিনিওজন তাৰকাই মঙলবাৰে কলকাতাৰ হাওৱা দলঙতো প্ৰচাৰ চলাইছিল। নিৰ্মাতাসকলে 'আৰ আৰ আৰ'ক পৰ্দালৈ অনাৰ বাবে প্ৰায় ৩৩৬ কোটি টকা খৰচ কৰিছে। ইয়াৰ ওপৰঞ্চি হিচাপে আছে  অভিনেতা-অভিনেত্ৰীৰ পাৰিশ্ৰমিক আৰু জিএছটি। কিন্তু প্ৰথম দিনাই ছবিখনৰ ব্যাপক সাফল্যই ছবিখনৰ এই বৃহৎ ব্যয় যে নগন্য বুলি বিবেচিত কৰিব সেয়া স্পষ্ট হৈ পৰিছে। উল্লেখ্য যে, বিগত কেইটামান সপ্তাহত ভাৰতীয় ছবিজগতৰ বাবে একাধিক সুখবৰ আহিছে। প্ৰথমে ‘দ্য কাশ্মীৰ ফাইলছ’-এ ২০০কোটিৰো অধিক টকাৰ ব্যৱসায় কৰাৰ পাছত এতিয়া ‘আৰ আৰ আৰ’ৰ এই বৃহৎ সাফল্যৰ ইংগিতে ছবিজগতৰ সুদিন ঘূৰাই অনাৰ সম্ভাৱনা উজ্জ্বল কৰি তুলিছে। prag cine awards 2022

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক