--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : সফলতাই যেন তেওঁক খেদিহে ফুৰে! য’তেই হাত দিছে তাতেই সফল তেওঁ। সেয়া লাগিলে ৰাজামৌলীৰ ‘মাগাধীৰা’ই হওক বা ‘বাহুবলী’ৰ দুয়োটা খণ্ডই হওক। কিন্তু এই সকলো অভিলেখ চেৰাই গৈ এইবাৰ নতুন অভিলেখ গঢ়িলে এইগৰাকী প্ৰখ্যাত ছবি নিৰ্মাতাই। তেওঁ এছ এছ ৰাজামৌলীৰ বাহিৰে আন কোন হ’ব পাৰে? ভাৰতীয় ছবিজগতৰ মিডাছ এইগৰাকী পৰিচালকৰ নতুন ছবি ‘আৰ আৰ আৰ’-এ এতিয়া দেশৰ লগতে বিদেশৰো বিভিন্ন ঠাইত তোলাপাৰ লগাইছে। নতুন সৃষ্টিৰে নিজকেই অতিক্ৰম কৰি যাবলৈ সক্ষম হৈছে ৰাজামৌলীয়ে। নতুন ছবি ‘আৰ আৰ আৰ’ৰ জৰিয়তে তেওঁ 'বাহুবলী ২'ৰ অভিলেখো ভংগ কৰিছে। মুক্তিৰ দিনটোকে ৰাজামৌলীৰ ‘আৰ আৰ আৰ’ ছবিখনে ২২৩ কোটি টকাৰ ব্যৱসায় কৰিবলা সক্ষম হৈছে। আৰু তাৰ পাছতেই এই বৃহৎ বাজেটৰ ছবিখনে শ্ৰেষ্ঠত্বৰ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে। ৰাজামৌলীৰ ছবিখন ২৫ মাৰ্চত ছবিগৃহত মুক্তি লাভ কৰিছিল। ৰামচৰণ আৰু জুনিয়ৰ এনটিআৰ-এ অভিনীত কৰিছে ছবিখনত। বলীউড তাৰকা আলিয়া ভাটৰ অভিনয়ে সোণত সুৱগা চৰাইছে 'আৰ আৰ আৰ'ক। ছবিখনৰ মুক্তিৰ লগে লগে, সাংস্কৃতিক জগতত বিয়পি পৰিছে উদ্দীপনা। আজি চলচ্চিত্ৰখনৰ বাণিজ্যিক বিশ্লেষণ তুলি ধৰিছে তৰণ আদৰ্শে। ছবিখনে প্ৰথম দিনটোতে বক্স অফিচত আলোড়ন তোলাৰ কথা তেওঁ প্ৰকাশ কৰে। তেওঁ লিখিছে যে, ইমান দিনে বাহুবলী-২ৰ ক্ষেত্ৰত যি কথা কৈ অহা হৈছিল সেই কথাৰ স্থান লৈছে ৰাজামৌলীৰ পৰৱৰ্তী ছবিখনে। প্ৰথম দিনাই বিশ্বব্যাপী কৰা ব্যৱসায়ৰ হিচাপেৰে শ্ৰেষ্ঠ বিবেচিত হৈছে ‘ৰাইজ ৰোৰ ৰিভোল্ট’। প্ৰথম দিনটোতে কৰা উপাৰ্জনৰ সকলো অভিলেখ ভংগ কৰি ‘আৰ আৰ আৰ’-এ ভাৰতীয় ছবিজগতৰ সৰ্বশ্ৰেষ্ঠ অপেনাৰৰ কৃতিত্ব অৰ্জন কৰিছে বুলি প্ৰকাশ কৰে আদৰ্শে। উল্লেখ্য যে, যোৱা সময়ছোৱাত ৰামচৰণ, এনটিআৰ আৰু ৰাজামৌলীয়ে ছবিখনৰ প্ৰচাৰৰ বাবে বিভিন্ন চহৰ ভ্ৰমণ কৰিছিল। দিল্লী, জয়পুৰৰ বৰোদাৰ হাৱা মহল আৰু অমৃতসৰৰ স্বৰ্ণ মন্দিৰত তাৰকাকেইগাৰাকীক দেখা পোৱাৰ পাছত তিনিওজন তাৰকাই মঙলবাৰে কলকাতাৰ হাওৱা দলঙতো প্ৰচাৰ চলাইছিল। নিৰ্মাতাসকলে 'আৰ আৰ আৰ'ক পৰ্দালৈ অনাৰ বাবে প্ৰায় ৩৩৬ কোটি টকা খৰচ কৰিছে। ইয়াৰ ওপৰঞ্চি হিচাপে আছে  অভিনেতা-অভিনেত্ৰীৰ পাৰিশ্ৰমিক আৰু জিএছটি। কিন্তু প্ৰথম দিনাই ছবিখনৰ ব্যাপক সাফল্যই ছবিখনৰ এই বৃহৎ ব্যয় যে নগন্য বুলি বিবেচিত কৰিব সেয়া স্পষ্ট হৈ পৰিছে। উল্লেখ্য যে, বিগত কেইটামান সপ্তাহত ভাৰতীয় ছবিজগতৰ বাবে একাধিক সুখবৰ আহিছে। প্ৰথমে ‘দ্য কাশ্মীৰ ফাইলছ’-এ ২০০কোটিৰো অধিক টকাৰ ব্যৱসায় কৰাৰ পাছত এতিয়া ‘আৰ আৰ আৰ’ৰ এই বৃহৎ সাফল্যৰ ইংগিতে ছবিজগতৰ সুদিন ঘূৰাই অনাৰ সম্ভাৱনা উজ্জ্বল কৰি তুলিছে। prag cine awards 2022

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু