--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰত্যেক ঘৰতে বিলাহী সহজে পোৱা যায়। ইয়াক ভাজিৰ পৰা আৰম্ভ কৰি চালাড, চাটনি, জুচ আৰু আনকি ফেচ পেক হিচাপেও ব্যৱহাৰ কৰা হয়। ভাৰতীয় পাকঘৰত বিলাহীৰ আদৰ বহু বেছি। কিন্তু আপুনি জানেনে যে শুকান বিলাহী খালে বহুতো মাৰাত্মক ৰোগৰ পৰা হাত সাৰিব পাৰি। অৱশ্যে এই বিলাহী ৰ’দত শুকুৱাই ল’ব লাগে।

নিউট্ৰিচন ভেল্যু অৰ্গেনাইজেশ্যনৰ এক প্ৰতিবেদন অনুসৰি শুকান বিলাহীত বহু ধৰণৰ পুষ্টিকৰ পদাৰ্থ থাকে। ইয়াত প্ৰধানকৈ ভিটামিন চি, ভিটামিন কে, নিয়াচিন, মেংগানিজ, পটাছিয়াম, কপাৰ, প্ৰটিন, ফাইবাৰ থাকে। এনে পৰিস্থিতিত ইয়াক আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰাটো আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে।

শুকান বিলাহী খাই কি কি উপকাৰিতা পাব পাৰে জানো আহক

১) ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰেঃ ৰ’দত শুকুৱাই লোৱা বিলাহীত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে। ভিটামিন চিয়ে গুৰুতৰ স্বাস্থ্যজনিত জটিলতা প্ৰতিৰোধ কৰাত সহায় কৰে। ইয়াৰ ভিতৰত নিউমোনিয়া আৰু হাওঁফাওঁৰ সংক্ৰমণো অন্তৰ্ভুক্ত।যিসকল লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম তেওঁলোকৰ বাবেও ভিটামিন চি ভাল বুলি প্ৰমাণিত হৈছে। সেয়েহে শুকান বিলাহী খোৱা উচিত।

২) হাই ব্লাড প্ৰেছাৰ কম কৰেঃ হাই ব্লাড প্ৰেছাৰে ষ্ট্ৰোক আৰু কিডনীৰ ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে। এনে ক্ষেত্ৰত শুকান বিলাহীয়ে উচ্চ ৰক্তচাপ প্ৰতিৰোধ বা হ্ৰাস কৰাত সহায় কৰিব পাৰে। ইয়াক সেৱন কৰিলে শৰীৰে উচ্চ পটাছিয়াম আৰু কম ছডিয়াম পায়, যিয়ে উচ্চ ৰক্তচাপৰ মাত্ৰা স্বাভাৱিক কৰাত ফলপ্ৰসূ বুলি প্ৰমাণিত হয়।

৩) হৃদযন্ত্ৰৰ বাবে উপকাৰীঃ ৰ’দত শুকুৱাই লোৱা বিলাহী খালে হৃদযন্ত্ৰৰ উপকাৰ হয়। ইয়াৰ পৰা কেলচিয়াম আৰু মেগনেছিয়াম পোৱা যায়। কেলচিয়ামে হৃদযন্ত্ৰৰ স্বাস্থ্য বজাই ৰাখে বুলি জনা যায় আৰু ই হৃদযন্ত্ৰৰ পেশীকো শক্তিশালী কৰে। ই হৃদস্পন্দন স্বাভাৱিক হোৱাত সহায় কৰে। হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ শুকান বিলাহী খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে।

৪) হজম শক্তি শক্তিশালী কৰেঃ ৰ’দত শুকুৱাই লোৱা বিলাহীত আঁহৰ পৰিমাণ ৪০% তকৈ অধিক থাকে। ইয়াত দ্ৰৱণীয় আৰু অদ্ৰৱণীয় দুয়োটা আঁহ থাকে, যিয়ে পাচনতন্ত্ৰ শক্তিশালী কৰে আৰু কোষ্ঠকাঠিন্য দূৰ কৰাত সহায় কৰে।

৫) কেন্সাৰৰ পৰা ৰক্ষা কৰেঃ শুকান বিলাহী লাইকোপিনৰ এক উত্তম উৎস, যিয়ে কিছুমান স্বাস্থ্যজনিত অৱস্থা, যেনে কিছুমান বিশেষ ধৰণৰ কৰ্কট ৰোগ আৰু বয়সৰ লগত জড়িত মেকুলাৰ ডিজেনেৰেচনৰ সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু