--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰত্যেক ঘৰতে বিলাহী সহজে পোৱা যায়। ইয়াক ভাজিৰ পৰা আৰম্ভ কৰি চালাড, চাটনি, জুচ আৰু আনকি ফেচ পেক হিচাপেও ব্যৱহাৰ কৰা হয়। ভাৰতীয় পাকঘৰত বিলাহীৰ আদৰ বহু বেছি। কিন্তু আপুনি জানেনে যে শুকান বিলাহী খালে বহুতো মাৰাত্মক ৰোগৰ পৰা হাত সাৰিব পাৰি। অৱশ্যে এই বিলাহী ৰ’দত শুকুৱাই ল’ব লাগে।

নিউট্ৰিচন ভেল্যু অৰ্গেনাইজেশ্যনৰ এক প্ৰতিবেদন অনুসৰি শুকান বিলাহীত বহু ধৰণৰ পুষ্টিকৰ পদাৰ্থ থাকে। ইয়াত প্ৰধানকৈ ভিটামিন চি, ভিটামিন কে, নিয়াচিন, মেংগানিজ, পটাছিয়াম, কপাৰ, প্ৰটিন, ফাইবাৰ থাকে। এনে পৰিস্থিতিত ইয়াক আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰাটো আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে।

শুকান বিলাহী খাই কি কি উপকাৰিতা পাব পাৰে জানো আহক

১) ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰেঃ ৰ’দত শুকুৱাই লোৱা বিলাহীত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে। ভিটামিন চিয়ে গুৰুতৰ স্বাস্থ্যজনিত জটিলতা প্ৰতিৰোধ কৰাত সহায় কৰে। ইয়াৰ ভিতৰত নিউমোনিয়া আৰু হাওঁফাওঁৰ সংক্ৰমণো অন্তৰ্ভুক্ত।যিসকল লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম তেওঁলোকৰ বাবেও ভিটামিন চি ভাল বুলি প্ৰমাণিত হৈছে। সেয়েহে শুকান বিলাহী খোৱা উচিত।

২) হাই ব্লাড প্ৰেছাৰ কম কৰেঃ হাই ব্লাড প্ৰেছাৰে ষ্ট্ৰোক আৰু কিডনীৰ ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে। এনে ক্ষেত্ৰত শুকান বিলাহীয়ে উচ্চ ৰক্তচাপ প্ৰতিৰোধ বা হ্ৰাস কৰাত সহায় কৰিব পাৰে। ইয়াক সেৱন কৰিলে শৰীৰে উচ্চ পটাছিয়াম আৰু কম ছডিয়াম পায়, যিয়ে উচ্চ ৰক্তচাপৰ মাত্ৰা স্বাভাৱিক কৰাত ফলপ্ৰসূ বুলি প্ৰমাণিত হয়।

৩) হৃদযন্ত্ৰৰ বাবে উপকাৰীঃ ৰ’দত শুকুৱাই লোৱা বিলাহী খালে হৃদযন্ত্ৰৰ উপকাৰ হয়। ইয়াৰ পৰা কেলচিয়াম আৰু মেগনেছিয়াম পোৱা যায়। কেলচিয়ামে হৃদযন্ত্ৰৰ স্বাস্থ্য বজাই ৰাখে বুলি জনা যায় আৰু ই হৃদযন্ত্ৰৰ পেশীকো শক্তিশালী কৰে। ই হৃদস্পন্দন স্বাভাৱিক হোৱাত সহায় কৰে। হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ শুকান বিলাহী খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে।

৪) হজম শক্তি শক্তিশালী কৰেঃ ৰ’দত শুকুৱাই লোৱা বিলাহীত আঁহৰ পৰিমাণ ৪০% তকৈ অধিক থাকে। ইয়াত দ্ৰৱণীয় আৰু অদ্ৰৱণীয় দুয়োটা আঁহ থাকে, যিয়ে পাচনতন্ত্ৰ শক্তিশালী কৰে আৰু কোষ্ঠকাঠিন্য দূৰ কৰাত সহায় কৰে।

৫) কেন্সাৰৰ পৰা ৰক্ষা কৰেঃ শুকান বিলাহী লাইকোপিনৰ এক উত্তম উৎস, যিয়ে কিছুমান স্বাস্থ্যজনিত অৱস্থা, যেনে কিছুমান বিশেষ ধৰণৰ কৰ্কট ৰোগ আৰু বয়সৰ লগত জড়িত মেকুলাৰ ডিজেনেৰেচনৰ সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement