--°C
Loading...
Listen to Article
2 min read
80%

কাবুলঃ আফগানভূমিত মাৰ যোৱা নাই আতংকৰ কলীয়া ডাৱৰ। তালিবানে চৰকাৰ গঠন কৰাৰ পাছতো বৰ্তি আছে আফগান নাগৰিকৰ মুক্ত প্ৰতিবাদ। বিশেষকৈ এই প্ৰতিবাদৰ মূল হোতা হৈ ওলাই আহিছে আফগান মহিলাসকল। নিতৌ ন-ন প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে আফগান মহিলাসকলে। শেহতীয়াকৈ প্ৰতিবাদৰ ভাষা হিচাপে বৰ্ণিল পোছাক পৰিধান কৰিছে তেওঁলোকে। ‘আমাৰ পোছাকত হস্তক্ষেপ নকৰিব’ বুলি তালিবানী শাসকক হুংকাৰ আফগান মহিলাৰ।

আফগানভূমিত তালিবানীসকলে আসনত অধীস্থিত হোৱাৰ পাছতে সংগীত, ক্ৰীড়াৰ উপৰিও নাৰীৰ পোছাক পৰিধানক কেন্দ্ৰ কৰিও কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। শেহতীয়াকৈ, সামাজিক মাধ্যমযোগে তাৰে প্ৰতিবাদত সৰব হৈ পৰিছে আফগান মহিলাসকল। ‘ডু নট টাট্ছ মাই ক্লথ’ শিৰোনামেৰে কেম্পেইনৰ আৰম্ভণি কৰিছে তেওঁলোকে। আফগানিস্তানৰ সকলো পৰম্পৰাগত ৰঙীন পোছাক পিন্ধি সামাজিক মাধ্যমত বহুল প্ৰচাৰেৰে তালিবানী স্বৈৰাছাৰী শাসনক বুঢ়া আঙুলি দেখুৱাইছে তেওঁলোকে।

ফেচবুক-টুইটাৰত 'মোৰ কাপোৰ স্পৰ্শ নকৰিব' বা 'আফগানিস্তান সংস্কৃতি' হেছ টেগ ব্যৱহাৰেৰে আফগান মহিলাসকলৰ নেতৃত্বত এই প্ৰতিবাদ পূৰ্ণ গতিত চলি থকা পৰিলক্ষিত হৈছে। আফগানিস্তানত দুটা দশকৰ পাছত পুনৰ মহিলাসকলৰ মুক্ত চলাচলৰ পথ সংকুচিত হৈ পৰাৰ সময়তে নিজৰ অগ্ৰাধিকাৰ সাব্যস্ত কৰিবলৈ এতিয়াও প্ৰচেষ্টা অব্যাহত ৰাখিছে তেওঁলোকে। নাৰীশক্তিৰ এই নৱজাগৰণে আফগানভূমিৰ সাময়িক পৰিস্থিতিৰ ওপৰত কিদৰে প্ৰভাৱ বিস্তাৰ কৰে সেয়াহে হ’ব লক্ষ্যণীয়!


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ