--°C
Loading...
Listen to Article
2 min read
80%

কাবুলঃ ইৰানে তালিবানৰ অন্তৱৰ্তীকালীন চৰকাৰৰ ক্ষমতা গ্ৰহণ অনুষ্ঠানলৈ প্ৰতিনিধি দল প্ৰেৰণ কৰিব নে নাই সেয়া তালিবানীসকলৰ আচৰণৰ ওপৰতহে নিৰ্ভৰ কৰিব বুলি দেশখনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ছাইদ খাতিবজাদে সদৰী কৰিছে। সোমবাৰে তেহৰাণত অনুষ্ঠিত এখন সংবাদমেলত ইৰাণে তালিবান চৰকাৰৰ কাৰ্যভাৰ গ্ৰহণ কাৰ্যসূচীত উপস্থিত থাকিব নে নাই বা ইৰানে তালিবানী চৰকাৰক স্বীকৃতি দিব নে নাই বুলি সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ এই মন্তব্য কৰিছে। তালিবানে স্থায়ী চৰকাৰ গঠনৰ বাবে আমি অপেক্ষা কৰি আছো।

পৰৱৰ্তী সময়ত অন্যান্য বিষয়ৰ ওপৰতো সিদ্ধান্ত লোৱা হ’ব। তালিবানৰ আচৰণ নিৰীক্ষণ কৰাৰ পাছতহে আমি তেওঁলোকৰ অনুৰোধ আৰু আমন্ত্ৰণৰ প্ৰতি সঁহাৰি দিয়াৰ কথা বিবেচনা কৰিম বুলি সদৰী কৰে দেশখনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ গৰাকীয়ে। বিগত সপ্তাহত তালিবানৰ দ্বাৰা গঠিত অন্তৱৰ্তীকালীন চৰকাৰে ইৰাণ বা আন্তঃৰাষ্ট্ৰীয় সমাজৰ আশা-আকাংক্ষা প্ৰতিফলিত যে কৰা নাই সেয়া স্পষ্ট ৰূপত প্ৰকাশ পাইছে।

আনহাতে, ইৰাণে আফগানিস্তানৰ সকলো পক্ষৰ উপস্থিতিত এখন ‘অংশগ্ৰহণকাৰী চৰকাৰ’ৰহে পোষকতা কৰিছে। ইফালে, চৰকাৰ গঠনৰ পাছত প্ৰথমবাৰৰ বাবে আফগানিস্তানৰ তালিবান চৰকাৰৰ প্ৰধানমন্ত্ৰী মহম্মদ হাছান আখুন্দে বিদেশ ৰাজ্য পৰ্যায়ত জ্যেষ্ঠ নীতি নিৰ্মাতাসকলৰ সৈতে এখন বৈঠকৰো আয়োজন কৰিছে। শেহতীয়াকৈ, কাবুলৰ ৰাষ্ট্ৰপতি প্ৰাসাদত কাটাৰৰ উপ-প্ৰধানমন্ত্ৰী তথা বৈদেশিক মন্ত্ৰী শ্বেখ মুহাম্মাদ বিন আব্দুৰ ৰহমান আল ছানিৰ সৈতেও দীৰ্ঘকালিন ৰাজ্যিক বৈঠক তৈয়াৰ কৰে। ইৰাণৰ স্থিতি কি হ’ব সেয়া সম্প্ৰতি জানিবলৈ পৰা হোৱা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি