--°C
Loading...
Listen to Article
2 min read
80%

কাবুলঃ ইৰানে তালিবানৰ অন্তৱৰ্তীকালীন চৰকাৰৰ ক্ষমতা গ্ৰহণ অনুষ্ঠানলৈ প্ৰতিনিধি দল প্ৰেৰণ কৰিব নে নাই সেয়া তালিবানীসকলৰ আচৰণৰ ওপৰতহে নিৰ্ভৰ কৰিব বুলি দেশখনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ছাইদ খাতিবজাদে সদৰী কৰিছে। সোমবাৰে তেহৰাণত অনুষ্ঠিত এখন সংবাদমেলত ইৰাণে তালিবান চৰকাৰৰ কাৰ্যভাৰ গ্ৰহণ কাৰ্যসূচীত উপস্থিত থাকিব নে নাই বা ইৰানে তালিবানী চৰকাৰক স্বীকৃতি দিব নে নাই বুলি সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ এই মন্তব্য কৰিছে। তালিবানে স্থায়ী চৰকাৰ গঠনৰ বাবে আমি অপেক্ষা কৰি আছো।

পৰৱৰ্তী সময়ত অন্যান্য বিষয়ৰ ওপৰতো সিদ্ধান্ত লোৱা হ’ব। তালিবানৰ আচৰণ নিৰীক্ষণ কৰাৰ পাছতহে আমি তেওঁলোকৰ অনুৰোধ আৰু আমন্ত্ৰণৰ প্ৰতি সঁহাৰি দিয়াৰ কথা বিবেচনা কৰিম বুলি সদৰী কৰে দেশখনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ গৰাকীয়ে। বিগত সপ্তাহত তালিবানৰ দ্বাৰা গঠিত অন্তৱৰ্তীকালীন চৰকাৰে ইৰাণ বা আন্তঃৰাষ্ট্ৰীয় সমাজৰ আশা-আকাংক্ষা প্ৰতিফলিত যে কৰা নাই সেয়া স্পষ্ট ৰূপত প্ৰকাশ পাইছে।

আনহাতে, ইৰাণে আফগানিস্তানৰ সকলো পক্ষৰ উপস্থিতিত এখন ‘অংশগ্ৰহণকাৰী চৰকাৰ’ৰহে পোষকতা কৰিছে। ইফালে, চৰকাৰ গঠনৰ পাছত প্ৰথমবাৰৰ বাবে আফগানিস্তানৰ তালিবান চৰকাৰৰ প্ৰধানমন্ত্ৰী মহম্মদ হাছান আখুন্দে বিদেশ ৰাজ্য পৰ্যায়ত জ্যেষ্ঠ নীতি নিৰ্মাতাসকলৰ সৈতে এখন বৈঠকৰো আয়োজন কৰিছে। শেহতীয়াকৈ, কাবুলৰ ৰাষ্ট্ৰপতি প্ৰাসাদত কাটাৰৰ উপ-প্ৰধানমন্ত্ৰী তথা বৈদেশিক মন্ত্ৰী শ্বেখ মুহাম্মাদ বিন আব্দুৰ ৰহমান আল ছানিৰ সৈতেও দীৰ্ঘকালিন ৰাজ্যিক বৈঠক তৈয়াৰ কৰে। ইৰাণৰ স্থিতি কি হ’ব সেয়া সম্প্ৰতি জানিবলৈ পৰা হোৱা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু