--°C
Loading...
Listen to Article
2 min read
80%

কাণপুৰ : দেশত সঘনাই বৃদ্ধি পাইছে নাৰী নিৰ্যাতন তথা শোষণৰ ঘটনা৷ সুৰক্ষাৰ দায়িত্বত থকা লোকেই যেতিয়া নাৰীক নিৰ্যাতন কৰাৰ বাতৰি প্ৰকাশিত হ’বলৈ ধৰে, তেতিয়াই নাৰী সুৰক্ষাৰ দিশটোত ওপৰত ভয়ংকৰ প্ৰত্যাহ্বান আহি পৰে৷ বিশেষকৈ উত্তৰ প্ৰদেশত দৈনিক নাৰীৰ ওপৰত হোৱা নিৰ্যাতনৰ ঘটনাই এতিয়া সকলোকে শংকিত কৰি তুলিছে৷ এগৰাকী ২৫ বছৰীয়া যুৱতীয়ে দুটা বছৰ ধৰি যৌন নিৰ্যাতনৰ বলি হৈ অহাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে৷

জানিব পৰা মতে যুৱতীগৰাকীক নিজ খুৰাকেই এই নিৰ্লজ কাণ্ড সংঘটিত কৰিছে৷ এগৰাকী আৰক্ষীৰ কনিষ্টবল হিচাপে কৰ্মৰত এইজন লম্পটে বিভিন্ন কৌশলেৰে কামনাৰ বলি কৰিছিল নিজ ভতিজাকক৷ অৱশেষত যুৱতীগৰাকীয়ে এই পাশৱিক অত্যাচাৰৰ সহ্য কৰিব নোৱাৰি গংগা নৈত আত্মহত্যাৰ চেষ্টা চলায়৷

দেওবাৰে সন্ধিয়া যুৱতীগৰাকীয়ে আত্মহত্যাৰ চেষ্টা চলোৱাৰ সময়তে গাড়ীৰ চালক আৰু স্থানীয় আৰক্ষীয়ে উদ্ধাৰ কৰি থানালৈ আনে আৰু ইয়াৰ পাছতে সমগ্ৰ ঘৃণনীয় কাণ্ড পোহৰলৈ আহে৷ আৰক্ষীয়ে জনোৱা মতে যুৱতীগৰাকীয়ে এজাহাৰ দাখিল কৰিছে যদিও আটক কৰিবলৈ সক্ষম হোৱা নাই অভিযুক্তজনক৷

অভিযুক্ত যান-বাহন আৰক্ষীৰ মুখ্য কনিষ্টবলজনে ২০১৯ বৰ্ষত মিৰ্জাপুৰ জিলাৰ যুৱতীগৰাকীৰ পৰিয়ালক আহমেদাবাদৰ কুম্ভ মেলালৈ নিমন্ত্ৰণ দিছিল৷ যুৱতীগৰাকীয়ে উল্লেখ কৰা অভিযোগ মতে সেই সময়ত যুৱতীগৰাকীক এখন হোটেলত ঠাণ্ডা পানীয়ৰ সৈতে অচেতন হোৱা দৰব মিহলি কৰি দিছিল আৰু যৌন নিৰ্যাতন চলাই ভিডিঅ’ প্ৰস্তুত কৰিছিল৷ পৰৱৰ্তী সময়ত সেই ভিডিঅ’ৰ জৰিয়তে ব্লেকমেইল কৰি আহিছিল দীৰ্ঘদিনে৷

আৰক্ষী আয়ুক্তই জনোৱা মতে যুৱতীগৰাকীক দুটা বছৰ ধৰি যৌন নিৰ্যাতন চলাই আহিছে খুৰাকে৷ উল্লেখ্য যে যুৱতীগৰাকীক গৰ্ভপাত কৰাবৰ বাবেও ঔষধ যোগান ধৰিছিল লম্পট খুৰাকে৷ পৰৱৰ্তী সময়ত যুৱতীগৰাকীয়ে এই কাৰ্যত বাধা প্ৰদান কৰিছিল যদিও শাৰিৰীকভাৱেও যথেষ্ট অপদষ্ট কৰিছিল অভিযুক্তই৷ আৰক্ষীয়ে জনোৱা মতে এই ঘটনাৰ তদন্ত প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ