--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুৰসম্ৰাজ্ঞীক অসন্মান! সুৰৰ সমুদ্ৰ মন্থন কৰি চিৰনিদ্ৰাৰ কোলাত শুই পৰা যশস্বী শিল্পীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়াত শ্বাহৰূখ খানৰ 'দুৱা'ৰ এটা ভিডিঅ' পোহৰলৈ অহাৰ পাছতে তিক্ত বিতৰ্কৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। শ্বাহৰূখ-পূজাৰ ভিডিঅ'টোত বহুতে সাম্প্ৰদায়িক সম্প্ৰীতিৰ উদাহৰণ হিচাপে প্ৰশংসা কৰিলেও একাংশই সমালোচনাৰ দৃষ্টিৰে চোৱা পৰিলক্ষিত হৈছে। লতাৰ অন্ত্যেষ্টিক্ৰিয়াত ‘এওঁ থুৱাইছে নেকি?’ বুলি শ্বাহৰূখলৈ পোনপটীয়া প্ৰশ্ন বিজেপি নেতা অৰূণ যাদৱৰ। সম্প্ৰতি বিজেপি নেতা অৰূণ যাদৱৰ প্ৰশ্নক লৈ সামাজিক মাধ্যমত তীব্ৰ বিতৰ্কৰ সূত্ৰপাত হোৱা দেখা গৈছে। প্ৰকৃত সত্যক কাণ সৰালি দি,ঘটনাৰ পটভূমি নজনাকৈয়ে কিং খানলৈ সমালোচনাৰ আঙুলি টোঁৱাইছে শ্বাহৰূখ বিৰোধী একাংশই। শ্বাহৰূখক লক্ষ্য কৰি সৃ্ষ্টি হোৱা এই ‘দোৱা’বিতৰ্কক লৈ মাত মাতিছিল অভিনেত্ৰী-ৰাজনীতিবিদ উৰ্মিলা মাতোণ্ডকাৰে। শ্বাহৰূখৰ পক্ষত থিয় হৈ সামজলৈ বিষবাষ্প বিয়পোৱা একাংশ মানুহৰ পংগু মানসিকতাক নিৰ্লজ্জ আচৰণক ধিক্কাৰ দিছে উৰ্মিলাই। ৰাজনীতি ইমান তললৈ যাব পাৰে বুলিও আক্ষেপ জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ। কেৱল উৰ্মিলাই নহয়। অভিনেত্ৰী ভূমি পেডনেকাৰেও 'দুৱা' বিতৰ্কক লৈ সৃষ্টি হোৱা বাদানুবাদত শ্বাহৰূখৰ পক্ষত থিয় দিছে। 'বধাই দো', 'লাষ্ট ষ্ট'ৰীজ' অভিনেত্ৰীগৰাকীয়ে তেওঁৰ ইনষ্টাগ্ৰাম প্ৰ'ফাইলত এটা কাহিনী শ্বেয়াৰ কৰিছে। পোষ্টটোত শ্বাহৰূখে হাতজোৰ কৰি 'দুৱা' বিচাৰি থকা আৰু তেওঁৰ মেনেজাৰ পূজা দাদলানীয়ে প্ৰাৰ্থনা কৰা দেখা গৈছে। শ্বাহৰূখ-পূজাৰ ছবিখনে যে বহুতৰে হৃদয় জিনিছে সেয়া ধূৰূপ। এই ছবিখন সাম্প্ৰদায়িক প্ৰীতি আৰু সমন্বয়ৰ পৰিচয় বহন কৰা বুলিও সমৰ্থন জনাইছে ভূমি পেডনেকাৰে। মন কৰিবলগীয়া যে, যি সময়ত দেশৰ বিভিন্ন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে শ্বাহৰূখৰ ঘটনাক লৈ নেটিজেনসকল বিভক্ত হৈ পৰিছে। তেনে সময়তে ভূমি পেডনেকাৰৰ ইনষ্টাগ্ৰাম পোষ্টটোৱে স্পষ্টভাৱে মৌলবাদৰ বিৰুদ্ধে বুলি বিবেচিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু