--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুৰসম্ৰাজ্ঞীক অসন্মান! সুৰৰ সমুদ্ৰ মন্থন কৰি চিৰনিদ্ৰাৰ কোলাত শুই পৰা যশস্বী শিল্পীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়াত শ্বাহৰূখ খানৰ 'দুৱা'ৰ এটা ভিডিঅ' পোহৰলৈ অহাৰ পাছতে তিক্ত বিতৰ্কৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। শ্বাহৰূখ-পূজাৰ ভিডিঅ'টোত বহুতে সাম্প্ৰদায়িক সম্প্ৰীতিৰ উদাহৰণ হিচাপে প্ৰশংসা কৰিলেও একাংশই সমালোচনাৰ দৃষ্টিৰে চোৱা পৰিলক্ষিত হৈছে। লতাৰ অন্ত্যেষ্টিক্ৰিয়াত ‘এওঁ থুৱাইছে নেকি?’ বুলি শ্বাহৰূখলৈ পোনপটীয়া প্ৰশ্ন বিজেপি নেতা অৰূণ যাদৱৰ। সম্প্ৰতি বিজেপি নেতা অৰূণ যাদৱৰ প্ৰশ্নক লৈ সামাজিক মাধ্যমত তীব্ৰ বিতৰ্কৰ সূত্ৰপাত হোৱা দেখা গৈছে। প্ৰকৃত সত্যক কাণ সৰালি দি,ঘটনাৰ পটভূমি নজনাকৈয়ে কিং খানলৈ সমালোচনাৰ আঙুলি টোঁৱাইছে শ্বাহৰূখ বিৰোধী একাংশই। শ্বাহৰূখক লক্ষ্য কৰি সৃ্ষ্টি হোৱা এই ‘দোৱা’বিতৰ্কক লৈ মাত মাতিছিল অভিনেত্ৰী-ৰাজনীতিবিদ উৰ্মিলা মাতোণ্ডকাৰে। শ্বাহৰূখৰ পক্ষত থিয় হৈ সামজলৈ বিষবাষ্প বিয়পোৱা একাংশ মানুহৰ পংগু মানসিকতাক নিৰ্লজ্জ আচৰণক ধিক্কাৰ দিছে উৰ্মিলাই। ৰাজনীতি ইমান তললৈ যাব পাৰে বুলিও আক্ষেপ জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ। কেৱল উৰ্মিলাই নহয়। অভিনেত্ৰী ভূমি পেডনেকাৰেও 'দুৱা' বিতৰ্কক লৈ সৃষ্টি হোৱা বাদানুবাদত শ্বাহৰূখৰ পক্ষত থিয় দিছে। 'বধাই দো', 'লাষ্ট ষ্ট'ৰীজ' অভিনেত্ৰীগৰাকীয়ে তেওঁৰ ইনষ্টাগ্ৰাম প্ৰ'ফাইলত এটা কাহিনী শ্বেয়াৰ কৰিছে। পোষ্টটোত শ্বাহৰূখে হাতজোৰ কৰি 'দুৱা' বিচাৰি থকা আৰু তেওঁৰ মেনেজাৰ পূজা দাদলানীয়ে প্ৰাৰ্থনা কৰা দেখা গৈছে। শ্বাহৰূখ-পূজাৰ ছবিখনে যে বহুতৰে হৃদয় জিনিছে সেয়া ধূৰূপ। এই ছবিখন সাম্প্ৰদায়িক প্ৰীতি আৰু সমন্বয়ৰ পৰিচয় বহন কৰা বুলিও সমৰ্থন জনাইছে ভূমি পেডনেকাৰে। মন কৰিবলগীয়া যে, যি সময়ত দেশৰ বিভিন্ন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে শ্বাহৰূখৰ ঘটনাক লৈ নেটিজেনসকল বিভক্ত হৈ পৰিছে। তেনে সময়তে ভূমি পেডনেকাৰৰ ইনষ্টাগ্ৰাম পোষ্টটোৱে স্পষ্টভাৱে মৌলবাদৰ বিৰুদ্ধে বুলি বিবেচিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু