--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লতা মংগেশকাৰৰ শেষকৃত্যত বলীউড বাদশ্বাহ খ্যাত শ্বাহৰূখ খানৰ ‘দোৱা’ নিৱেদনৰ ফটো ইণ্টাৰনেটত ভাইৰেল হোৱাৰ পাছতে বহুতে প্ৰশংসা কৰিলেও বিষয়টো সমালোচনাৰ দৃষ্টিৰে চাইছে একাংশই। এজন বিজেপি নেতাই আক্ৰমণৰ লক্ষ্য কিৰ লৈছে শ্বাহৰূখ খানক। ‘দোৱা’ৰ নামত কিং খানে কোকিলকন্ঠীক অসন্মান কৰা নাইতো? বুলি প্ৰশ্ন বিজেপি নেতাজনৰ। শ্বাহৰূখ খানে লতাৰ শেষশয্যাৰ সন্মুখত থুৱালে। অৰূণ যাদৱ নামৰ বিজেপি নেতাজনে টুইটযোগে এই প্ৰশ্ন কৰা দেখা গৈছে। ‘এওঁ থুৱাইছে নেকি?’বুলি প্ৰশ্ন শ্বাহৰূখলৈ। বিজেপি নেতাজনৰ টুইটাৰ ‘ভেৰিফাইড একাউণ্ট’ হিচাপে চিহ্নিত।একাউণ্টত থকামতে তেওঁ হাৰিয়ানাৰ ৰাজ্যিক বিজেপিৰ দায়িত্বত আছে। বিজেপি নেতাগৰাকীৰ টুইটাৰ একাউণ্টত গৈ শ্বাহৰূখ বিৰোধী একাংশই মন্তব্য কৰা দেখা গৈছে। আনহাতে, শ্বাহৰূখৰ সমৰ্থনতো মাত মাতিছে একাংশই। ইছলাম ধৰ্মত প্ৰাৰ্থনা বা ‘দোৱা’ কৰাৰ পাছত ‘ফুঁ’ দিয়াতো নিয়ম বুলি সদৰী কৰিছে।তথাপি মাৰ যোৱা নাই উত্তেজনাৰ। উল্লেখ্য যে, প্ৰয়াত কিংবদন্তিজনৰ অন্ত্যেষ্টিক্ৰিয়াত শ্বাহৰুখৰ 'দুৱা'ৰ এটা ভিডিঅ' পোহৰলৈ অহাৰ পাছত এই বিস্ফোৰক অভিযোগ উত্থাপিত হৈছিল। এই অভিযোগৰ পাছতে বলীউডৰ বহু তাৰকাই শ্বাহৰূখৰ পক্ষত থিয় দিছে। শ্বাহৰূখৰ প্ৰকৃততে কি কৰি আছে, তেওঁ কিয় ‘ফুঁ’ দিছিল সেয়া নজনাকৈ মানুহে অযথা হুলস্থূলৰ সৃষ্টি কৰা বুলি মন্তব্য একাংশ সচেতন ব্যক্তিৰ। এনে অনাকাংক্ষিত বিতৰ্কই চুই যোৱাৰ পাছত অভিনেত্ৰী-ৰাজনীতিবিদ উৰ্মিলা মাতোণ্ডকাৰে কিং খানৰ কাষত থিয় দিছে। দেওবাৰে সন্ধিয়া শিৱাজী পাৰ্কত লতা মংগেশকাৰৰ অন্ত্যেষ্টিক্ৰিয়াত প্ৰাৰ্থনাৰ পাছত কিং খানে তেওঁৰ মুখা খুলিছিল। বিতৰ্কৰ আৰম্ভণি তেতিয়া হৈছিল যেতিয়া কিছুমান মানুহে তেওঁক থুৱাইছে বুলি ভাবি ভুল কৰিছিল। মন কিৰবলগীয়া যে, ইছলাম ধৰ্ম অনুসিৰ অনুসৰি, মৃত ব্যক্তিৰ বাবে 'দুৱা' কৰাৰ পাছত ‘ফুঁ’ দিয়াতো পৰম্পৰা হিচাপে বিবেচিত হৈ আহিছে.। শ্বাহৰূখে সুৰসম্ৰাজ্ঞীৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়তো তাকেই কৰিছিল। প্ৰকৃত সত্য অনুধাৱন কৰাৰ পাছত উৰ্মিলাই কিং খানৰ কাষত থিয় দিছে। সমাজৰ এনে একাংশ ব্যক্তিক লক্ষ্য কৰি তেওঁ কয়, ‘আমাৰ সমাজৰ ইমান অৱনতি ঘটিছে যে আজিকালি আমি প্ৰাৰ্থনাকো থুৱাইছে বুলি ভাবি ভুল কৰোঁ! আৰু যিজন ব্যক্তিৰ বিৰুদ্ধে এনে অভিযোগ উত্থাপন কৰা হৈছে, তেওঁ আন্তঃৰাষ্ট্ৰীয় মঞ্চত দেশক প্ৰতিনিধিত্ব কৰি আহিছে বহুবাৰ! ৰাজনীতি ইমান তললৈ যোৱা দেখি দুখ লাগিছে।’স্বাভাৱিকতে সুৰৰ সমুদ্ৰ মন্থন কৰি কৰি শান্তিৰ কোলাত শয্যাশায়ী সুৰসম্ৰাজ্ঞীৰ বিদায় বেলাত একাংশৰ এনে ক্ৰূৰ মানসিকতাক ধিক্কাৰ জনাইছে সুধীজনে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু