--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ দেশকে শোকস্তব্ধ কৰি যোৱা ৬ ফেব্ৰুৱাৰীত পৰলোকলৈ মহাপ্ৰস্থান কৰিলে ভাৰতৰ কিংবদন্তী শিল্পী লতা মংগেশকাৰে। সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে লতাজীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। যোৱা কেইবছৰমানৰ পৰা লতা মংগেশকাৰ সকলোৰে পৰা আঁতৰি আছিল। অৱশ্যে তেওঁ ২০১৯ চনত ইনষ্টাগ্ৰামত আত্মপ্ৰকাশ কৰিছিল আৰু প্লেটফৰ্মত তেওঁৰ অনুৰাগীসকলৰ সৈতে যোগাযোগ কৰিছিল। লতাজীয়ে তেওঁৰ অতীত আৰু বৰ্তমানৰ সময়ৰ কথা তেওঁৰ অনুৰাগীসকলৰ সৈতে ভাগ বতৰা কৰি থাকে। আপুনি জানেনে লতা মংগেশকাৰে ইনষ্টাগ্ৰামত মাত্ৰ ৬ জন লোকক ফ'ল' কৰিছিল? কোন সেই ৬ গৰাকী বিশেষ লোক? আহক জানো। তেওঁলোক হ'ল নৰেন্দ্ৰ মোদী, অমিতাভ বচ্চন, আশা ভোচলে, হেমা মালিনী, ধৰ্মেন্দ্ৰ আৰু শচীন তেণ্ডুলকাৰ। উল্লেখ্য যে লতা মংগেশকাৰক শেষ শ্ৰদ্ধা জনাবলৈ ৬ ফেব্ৰুৱাৰীত মুম্বাইৰ শিৱাজী পাৰ্কত কেইবাজনো চিৰ পৰিচিত ব্যক্তি উপস্থিত হৈছিল। সেই ব্যক্তিসকলৰ ভিতৰত আছিল যেনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, শ্বাহৰুখ খান, অমিতাভ বচ্চন, শচীন তেণ্ডুলকাৰ আদি। বলীউডৰ চেলিব্ৰিটী আৰু অনুৰাগীসকলে ছ'চিয়েল মিডিয়াত লতাজীৰ আত্মাৰ চিৰশান্তি কামনা কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লতা মংগেশকাৰক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ শিৱাজী পাৰ্কত উপস্থিত হয়। অমিতাভ বচ্চন লতাজীৰ পেড্ডাৰ ৰোডৰ ঘৰত উপস্থিত হৈছিল আৰু শচীন তেণ্ডুলকাৰ পত্নী অঞ্জলীৰ সৈতে শ্মশানত উপস্থিত হৈছিল। হেমা মালিনী আৰু ধৰ্মেন্দ্ৰই কিংবদন্তি শিল্পীগৰাকীৰ মৃত্যুত টুইটাৰত গভীৰ সমবেদনা জ্ঞাপন কৰিছিল। আশা ভোচলেই জ্যেষ্ঠ ভগ্নীক স্মৰণ কৰি সৰুকালৰ এখন থ্ৰোবেক ফটো পোষ্ট কৰিছিল। আৰু পঢ়কঃ অৰুণাচলত ভয়ংকৰ হিমস্খলন! সন্ধানহীন সাত ভাৰতীয় সেনাৰ জোৱান

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু