--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ দেশকে শোকস্তব্ধ কৰি যোৱা ৬ ফেব্ৰুৱাৰীত পৰলোকলৈ মহাপ্ৰস্থান কৰিলে ভাৰতৰ কিংবদন্তী শিল্পী লতা মংগেশকাৰে। সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে লতাজীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। যোৱা কেইবছৰমানৰ পৰা লতা মংগেশকাৰ সকলোৰে পৰা আঁতৰি আছিল। অৱশ্যে তেওঁ ২০১৯ চনত ইনষ্টাগ্ৰামত আত্মপ্ৰকাশ কৰিছিল আৰু প্লেটফৰ্মত তেওঁৰ অনুৰাগীসকলৰ সৈতে যোগাযোগ কৰিছিল। লতাজীয়ে তেওঁৰ অতীত আৰু বৰ্তমানৰ সময়ৰ কথা তেওঁৰ অনুৰাগীসকলৰ সৈতে ভাগ বতৰা কৰি থাকে। আপুনি জানেনে লতা মংগেশকাৰে ইনষ্টাগ্ৰামত মাত্ৰ ৬ জন লোকক ফ'ল' কৰিছিল? কোন সেই ৬ গৰাকী বিশেষ লোক? আহক জানো। তেওঁলোক হ'ল নৰেন্দ্ৰ মোদী, অমিতাভ বচ্চন, আশা ভোচলে, হেমা মালিনী, ধৰ্মেন্দ্ৰ আৰু শচীন তেণ্ডুলকাৰ। উল্লেখ্য যে লতা মংগেশকাৰক শেষ শ্ৰদ্ধা জনাবলৈ ৬ ফেব্ৰুৱাৰীত মুম্বাইৰ শিৱাজী পাৰ্কত কেইবাজনো চিৰ পৰিচিত ব্যক্তি উপস্থিত হৈছিল। সেই ব্যক্তিসকলৰ ভিতৰত আছিল যেনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, শ্বাহৰুখ খান, অমিতাভ বচ্চন, শচীন তেণ্ডুলকাৰ আদি। বলীউডৰ চেলিব্ৰিটী আৰু অনুৰাগীসকলে ছ'চিয়েল মিডিয়াত লতাজীৰ আত্মাৰ চিৰশান্তি কামনা কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লতা মংগেশকাৰক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ শিৱাজী পাৰ্কত উপস্থিত হয়। অমিতাভ বচ্চন লতাজীৰ পেড্ডাৰ ৰোডৰ ঘৰত উপস্থিত হৈছিল আৰু শচীন তেণ্ডুলকাৰ পত্নী অঞ্জলীৰ সৈতে শ্মশানত উপস্থিত হৈছিল। হেমা মালিনী আৰু ধৰ্মেন্দ্ৰই কিংবদন্তি শিল্পীগৰাকীৰ মৃত্যুত টুইটাৰত গভীৰ সমবেদনা জ্ঞাপন কৰিছিল। আশা ভোচলেই জ্যেষ্ঠ ভগ্নীক স্মৰণ কৰি সৰুকালৰ এখন থ্ৰোবেক ফটো পোষ্ট কৰিছিল। আৰু পঢ়কঃ অৰুণাচলত ভয়ংকৰ হিমস্খলন! সন্ধানহীন সাত ভাৰতীয় সেনাৰ জোৱান

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু