--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডুবাইৰ এটা বাসগৃহত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে। শনিবাৰে বিয়লি (স্থানীয় সময় অনুসৰি) এই ঘটনাত কমেও ১৬ জন লোকৰ মৃত্যু হয়। ইয়াৰ ভিতৰত কেৰালাৰ এজন ভাৰতীয়কে ধৰি চাৰিটা দম্পতী আছে। সংবাদ সংস্থাটোৱে জনায় যে ৯ জন লোকো আহত হৈছে।

ডুবাইৰ অন্যতম পুৰণি অঞ্চল আল ৰাছৰ এটা ওখ ঘৰৰ ৪ৰ্থ মহলাত অগ্নিকাণ্ড সংঘটিত হয়। এক মুহূৰ্তৰ ভিতৰতে চাৰিওফালৰ অঞ্চললৈ জুই বিয়পি পৰে। এই খবৰ পোৱাৰ লগে লগে সেই স্থানলৈ আহিল সুৰক্ষা বাহিনী। দুঘণ্টামানৰ পাছতে জুই নিয়ন্ত্ৰণলৈ আনে।

ডুবাইৰ ইংৰাজী কাকত "গালফ নিউজ"ত প্ৰকাশিত বাতৰি অনুসৰি, ডুবাই পুলিচ মৰ্গত উপস্থিত থকা ভাৰতীয় সমাজকৰ্মী নাছিৰ ভটনাপল্লীয়ে কয় যে এই অগ্নিকাণ্ডত ৪ জন ভাৰতীয়ৰ মৃত্যু হৈছে। ৪ জন লোককেই চিনাক্ত কৰা হৈছে। তাৰ ভিতৰত কেৰালাৰ এহাল দম্পতী আছে। বাকী ২ জন তামিলনাডুৰ বাসিন্দা। সেই বহুমহলীয়া কামত তেওঁলোকে কাম কৰি আছিল। নাছিৰে লগতে কয় যে ৪ জন ভাৰতীয়ৰ উপৰি ৩ জন পাকিস্তানী আৰু এগৰাকী নাইজেৰিয়ান মহিলাৰ মৃত্যু হৈছে।

ডুবাই অসামৰিক প্ৰতিৰক্ষা বিভাগৰ এটা দলে এই স্থান পৰিদৰ্শন কৰে। তেওঁলোকৰ মতে, প্ৰাৰম্ভিক তদন্তত কোৱা হৈছে যে সেই বহুমহলীয়া অট্টালিকাটোত কোনো উপযুক্ত নিৰাপত্তা ব্যৱস্থা নাছিল। অগ্নিকাণ্ডৰ কাৰণ জানিবলৈ তদন্তৰ নিৰ্দেশ দিয়া হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শিলচৰত মৰ্মান্তিক ঘটনা! পুত্ৰই কৰা অপৰাধ সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত পিতৃৰ
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব