--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডুবাইৰ এটা বাসগৃহত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে। শনিবাৰে বিয়লি (স্থানীয় সময় অনুসৰি) এই ঘটনাত কমেও ১৬ জন লোকৰ মৃত্যু হয়। ইয়াৰ ভিতৰত কেৰালাৰ এজন ভাৰতীয়কে ধৰি চাৰিটা দম্পতী আছে। সংবাদ সংস্থাটোৱে জনায় যে ৯ জন লোকো আহত হৈছে।

ডুবাইৰ অন্যতম পুৰণি অঞ্চল আল ৰাছৰ এটা ওখ ঘৰৰ ৪ৰ্থ মহলাত অগ্নিকাণ্ড সংঘটিত হয়। এক মুহূৰ্তৰ ভিতৰতে চাৰিওফালৰ অঞ্চললৈ জুই বিয়পি পৰে। এই খবৰ পোৱাৰ লগে লগে সেই স্থানলৈ আহিল সুৰক্ষা বাহিনী। দুঘণ্টামানৰ পাছতে জুই নিয়ন্ত্ৰণলৈ আনে।

ডুবাইৰ ইংৰাজী কাকত "গালফ নিউজ"ত প্ৰকাশিত বাতৰি অনুসৰি, ডুবাই পুলিচ মৰ্গত উপস্থিত থকা ভাৰতীয় সমাজকৰ্মী নাছিৰ ভটনাপল্লীয়ে কয় যে এই অগ্নিকাণ্ডত ৪ জন ভাৰতীয়ৰ মৃত্যু হৈছে। ৪ জন লোককেই চিনাক্ত কৰা হৈছে। তাৰ ভিতৰত কেৰালাৰ এহাল দম্পতী আছে। বাকী ২ জন তামিলনাডুৰ বাসিন্দা। সেই বহুমহলীয়া কামত তেওঁলোকে কাম কৰি আছিল। নাছিৰে লগতে কয় যে ৪ জন ভাৰতীয়ৰ উপৰি ৩ জন পাকিস্তানী আৰু এগৰাকী নাইজেৰিয়ান মহিলাৰ মৃত্যু হৈছে।

ডুবাই অসামৰিক প্ৰতিৰক্ষা বিভাগৰ এটা দলে এই স্থান পৰিদৰ্শন কৰে। তেওঁলোকৰ মতে, প্ৰাৰম্ভিক তদন্তত কোৱা হৈছে যে সেই বহুমহলীয়া অট্টালিকাটোত কোনো উপযুক্ত নিৰাপত্তা ব্যৱস্থা নাছিল। অগ্নিকাণ্ডৰ কাৰণ জানিবলৈ তদন্তৰ নিৰ্দেশ দিয়া হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস