--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ মাজত ক্ষমতাৰ সংঘাতে জোকাৰি গৈছে আফ্ৰিকান ৰাষ্ট্ৰ চুডানক। অৰ্ধসামৰিক বাহিনী আৰু সেনাৰ মাজত সৃষ্টি হোৱা এই সংঘৰ্ষত ৫৬ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ১৮৩ গৰাকী লোক আহত হোৱাৰ খবৰ প্ৰকাশ পাইছে।

দেশখনৰ ৰাজধানী খাৰ্টুমস্থিত ৰাষ্ট্ৰপতি ভৱন, ৰাজ্যিক টিভি আৰু সেনাৰ মুখ্য কাৰ্যালয়ৰ স্বত্ব দখলক লৈ সৃষ্টি হোৱা এই ভয়াৱহ সংঘাতে দেশখনৰ সাধাৰণ জনসাধাৰণৰ জীৱন সংকটৰ মুখলৈ ঠেলি দিছে।

চুডানৰ চিকিৎসক সংঘই জানিবলৈ দিয়া মতে, পশ্চিম দাৰফুৰ অঞ্চল আৰু উত্তৰ মেৰ’ৱে চহৰত সামৰিক আৰু আৰ এছ এফৰ জোৱানকে ধৰি বহু লোকৰ অগণন হতাহতি হৈছে।

সংবাদ সংস্থা ৰয়টাৰৰ প্ৰতিবেদন মতে, চুডানৰ সেনাই ৰাজধানীৰ ওচৰৰ অৰ্ধসামৰিক বাহিনীৰ ঘাটিত বিমান আক্ৰমণ চলাই দেশখনৰ ওপৰত পুনৰ নিয়ন্ত্ৰণ দখল কৰাৰ ভাবুকি প্ৰদান কৰিছে।

ৰয়টাৰে প্ৰত্যক্ষদৰ্শীৰ উদ্ধৃতিৰে প্ৰকাশ কৰা অনুসৰি এদিনীয়া তীব্ৰ যুদ্ধৰ শেষত সেনাই ৰাজধানী খাৰ্টুমৰ লগত সংলগ্ন ওমদুৰমান চহৰত চৰকাৰৰ অৰ্ধসামৰিক ৰেপিড চাপৰ্ট ফৰ্চৰ (আৰ এছ এফ) ঘাটিত আঘাত হানে।

উত্তৰ দিশৰ মেৰ’ৱে, এল ফাশ্বাৰ আৰু পশ্চিম দাৰফুৰ ৰাজ্যৰ খাৰ্টুমৰ ৰাষ্ট্ৰপতি ভৱন, সেনা প্ৰধানৰ বাসগৃহ, ৰাজ্যিক টেলিভিছন ষ্টেচন আৰু বিমানবন্দৰ জব্দ কৰা বুলি দাবী কৰে আৰ এছ এফে। অৱশ্যে সেনাই খাৰিজ কৰিছে সেই দাবী।

চুডানৰ বায়ুসেনাই আৰ এছ এফৰ কাৰ্যকলাপৰ আকাশী জৰীপ চলোৱাৰ সময়ত ঘৰৰ ভিতৰতে থাকিবলৈ পৰামৰ্শ দিছে আৰু খাৰ্টুম ৰাজ্যত আজি দিনটোৰ বাবে ছুটী ঘোষণা কৰি বিদ্যালয়, বেংক আৰু চৰকাৰী কাৰ্যালয় বন্ধ কৰি দিয়া হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শিলচৰত মৰ্মান্তিক ঘটনা! পুত্ৰই কৰা অপৰাধ সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত পিতৃৰ
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব