--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ মাজত ক্ষমতাৰ সংঘাতে জোকাৰি গৈছে আফ্ৰিকান ৰাষ্ট্ৰ চুডানক। অৰ্ধসামৰিক বাহিনী আৰু সেনাৰ মাজত সৃষ্টি হোৱা এই সংঘৰ্ষত ৫৬ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ১৮৩ গৰাকী লোক আহত হোৱাৰ খবৰ প্ৰকাশ পাইছে।

দেশখনৰ ৰাজধানী খাৰ্টুমস্থিত ৰাষ্ট্ৰপতি ভৱন, ৰাজ্যিক টিভি আৰু সেনাৰ মুখ্য কাৰ্যালয়ৰ স্বত্ব দখলক লৈ সৃষ্টি হোৱা এই ভয়াৱহ সংঘাতে দেশখনৰ সাধাৰণ জনসাধাৰণৰ জীৱন সংকটৰ মুখলৈ ঠেলি দিছে।

চুডানৰ চিকিৎসক সংঘই জানিবলৈ দিয়া মতে, পশ্চিম দাৰফুৰ অঞ্চল আৰু উত্তৰ মেৰ’ৱে চহৰত সামৰিক আৰু আৰ এছ এফৰ জোৱানকে ধৰি বহু লোকৰ অগণন হতাহতি হৈছে।

সংবাদ সংস্থা ৰয়টাৰৰ প্ৰতিবেদন মতে, চুডানৰ সেনাই ৰাজধানীৰ ওচৰৰ অৰ্ধসামৰিক বাহিনীৰ ঘাটিত বিমান আক্ৰমণ চলাই দেশখনৰ ওপৰত পুনৰ নিয়ন্ত্ৰণ দখল কৰাৰ ভাবুকি প্ৰদান কৰিছে।

ৰয়টাৰে প্ৰত্যক্ষদৰ্শীৰ উদ্ধৃতিৰে প্ৰকাশ কৰা অনুসৰি এদিনীয়া তীব্ৰ যুদ্ধৰ শেষত সেনাই ৰাজধানী খাৰ্টুমৰ লগত সংলগ্ন ওমদুৰমান চহৰত চৰকাৰৰ অৰ্ধসামৰিক ৰেপিড চাপৰ্ট ফৰ্চৰ (আৰ এছ এফ) ঘাটিত আঘাত হানে।

উত্তৰ দিশৰ মেৰ’ৱে, এল ফাশ্বাৰ আৰু পশ্চিম দাৰফুৰ ৰাজ্যৰ খাৰ্টুমৰ ৰাষ্ট্ৰপতি ভৱন, সেনা প্ৰধানৰ বাসগৃহ, ৰাজ্যিক টেলিভিছন ষ্টেচন আৰু বিমানবন্দৰ জব্দ কৰা বুলি দাবী কৰে আৰ এছ এফে। অৱশ্যে সেনাই খাৰিজ কৰিছে সেই দাবী।

চুডানৰ বায়ুসেনাই আৰ এছ এফৰ কাৰ্যকলাপৰ আকাশী জৰীপ চলোৱাৰ সময়ত ঘৰৰ ভিতৰতে থাকিবলৈ পৰামৰ্শ দিছে আৰু খাৰ্টুম ৰাজ্যত আজি দিনটোৰ বাবে ছুটী ঘোষণা কৰি বিদ্যালয়, বেংক আৰু চৰকাৰী কাৰ্যালয় বন্ধ কৰি দিয়া হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস