--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চৌদি আৰৱৰ আবুধাবিত নিৰ্মাণৰ কাম চলি আছে প্ৰথমটো হিন্দু মন্দিৰ। মুছলমান সংখ্যাগৰিষ্ঠ এইখন দেশত এই বিশাল মন্দিৰ নিৰ্মাণৰ খৰচ ৭০০ কোটি টকা বুলি অনুমান কৰা হৈছে। আবুধাবিত ৫৫ হাজাৰ বৰ্গমিটাৰ এলেকাত এটা হিন্দু মন্দিৰ নিৰ্মাণ কৰা হৈছে। ভাৰতীয় মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰা হ’ব এই মন্দিৰ। ই মধ্যপ্ৰাচ্যৰ প্ৰথমটো হিন্দু মন্দিৰ।

এই মন্দিৰৰ বিশেষত্ব- 

এই স্বামীনাৰায়ণ মন্দিৰ। সমগ্ৰ মন্দিৰটো শিলেৰে নিৰ্মিত হ’ব। ই হ’ব পশ্চিম এছিয়াৰ আটাইতকৈ ডাঙৰ মন্দিৰ। ৭০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই মন্দিৰ। মন্দিৰত আচৰিত ধৰণৰ খোদিত শিল্পকৰ্ম থাকিব। মন্দিৰ নিৰ্মাণৰ বাবে গোলাপী ৰঙৰ বেলেগ শিলৰ ব্যৱহাৰ কৰা হ’ব।

মন্দিৰ নিৰ্মাণৰ বাবে ৪০,০০০ ঘনমিটাৰ মাৰ্বল, ১,৮০,০০০ ঘনমিটাৰ ষ্টেণ্ডষ্টোন আৰু ১৮ লাখ ইটাৰ প্ৰয়োজন হ’ব। এতিয়ালৈকে শ্ৰমিকসকলে ৪ লাখ ঘন্টা কাম কৰিছে। মন্দিৰ কমপ্লেক্স নিৰ্মাণৰ বাবে বহু সময় বাকী আছে। এইটোৱেই হ’ব ইউ এ ইৰ প্ৰথমটো হিন্দু মন্দিৰ যিয়ে বৃহৎ সংখ্যক ভক্তক আকৰ্ষণ কৰাৰ সম্ভাৱনা আছে। এই মন্দিৰৰ উচ্চতা হ’ব ১০৮ ফুট। পশ্চিম এছিয়াৰ আটাইতকৈ ডাঙৰ হিন্দু মন্দিৰ হ’বলৈ গৈ আছে। মন্দিৰৰ ডিজাইন বৈদিক স্থাপত্য আৰু ভাস্কৰ্য্যৰ পৰা অনুপ্ৰাণিত। ইতিমধ্যে বহুতো মূৰ্তি নিৰ্মাণ কৰা হৈছে। সেই মূৰ্তিবোৰ বহুদিন খোদিত কৰি শিল্পীসকলে নিৰ্মাণ কৰিছিল। আবুধাবিলৈ প্ৰেৰণৰ প্ৰক্ৰিয়াও আৰম্ভ হৈছে। এই মন্দিৰটোৱেই হ’ব ভাৰতৰ সভ্যতা আৰু সংস্কৃতিৰ পৰিচয়। আবুধাবিত নিৰ্মিত গংগা, যমুনা আৰু সৰস্বতীৰ কাল্পনিক সংগমস্থলত ই প্ৰায় সাজু হৈছে। এই মন্দিৰত গংগা, যমুনা আৰু সৰস্বতী নদীৰ পানী ঢালি দিয়া হ’ব। 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৮ চনত এই মন্দিৰৰ আধাৰশিলা স্থাপন কৰিছিল। ২০১৮ চনত ইউ এ ই ভ্ৰমণৰ সময়ত তেওঁ  স্বামীনাৰায়ণ মন্দিৰৰ আধাৰশিলা স্থাপন কৰিছিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে মন্দিৰ পৰিদৰ্শন কৰে। এই সন্দৰ্ভত জয়শংকৰেও টুইট কৰে। মন্দিৰৰ ডিজাইনত সাতটা গোলক একত্ৰিত কৰা হ’ব। প্ৰতিটোৱেই সংযুক্ত আৰব আমিৰশ্বাহীৰ প্ৰতীক। এই ডিজাইনৰ প্ৰকৃত লক্ষ্য হৈছে বিশ্বৰ আগত বিদেশী মাটিত ঐক্য আৰু সমন্বয়ৰ বাৰ্তা প্ৰতিষ্ঠা কৰা। ২০১৫ চনত যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউ এ ই ভ্ৰমণ কৰিছিল তেতিয়া ইউ এ ইৰ ৰাষ্ট্ৰপতি শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ানে মন্দিৰৰ বাবে মাটিখিনি উপহাৰ দিছিল।

মন্দিৰত সৃষ্টি হোৱা শিল্পকৰ্মসমূহ ৰামায়ণ, মহাভাৰত আৰু ভাৰতীয় মহাকাব্যৰ ঘটনাৰ আধাৰত। ইয়াৰ উপৰিও মন্দিৰটোত উটৰ শিল্পকৰ্ম অন্তৰ্ভুক্ত কৰি আৰব দেশৰ স্পৰ্শও আছে। সাতটা মন্দিৰ কমপ্লেক্সত দৰ্শনাৰ্থী কেন্দ্ৰ, প্ৰাৰ্থনা হল, পুথিভঁৰাল শ্ৰেণীকোঠা, কমিউনিটি চেণ্টাৰ, মছজিদ, এম্ফিথিয়েটাৰ, খেলপথাৰ, বাগিচা, কিতাপ আৰু উপহাৰৰ দোকান আৰু ফুড ক’ৰ্ট থাকিব। এই মন্দিৰ নিৰ্মাণত কোনো ধৰণৰ তীখা বা কংক্ৰিটৰ ব্যৱহাৰ কৰা নহয়। মন্দিৰটো ইমান শক্তিশালী কৰি তোলা হৈছে যে আগন্তুক ১০০০ বছৰলৈকে মন্দিৰটো অক্ষত অৱস্থাত থাকিব। ২০১৯ চনৰ ডিচেম্বৰ মাহত এই মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল। এতিয়া অতি সোনকালে এই মন্দিৰ সম্পূৰ্ণ সাজু হ’ব। অহা বছৰ অৰ্থাৎ ২০২৪ চনৰ ১৫ ফেব্ৰুৱাৰীত ইয়াৰ উদ্বোধন হ’ব পাৰে। এই মন্দিৰ ১৮ ফেব্ৰুৱাৰীৰ পৰা সাধাৰণ লোকৰ বাবেও মুকলি কৰিব পাৰে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তম গগৈক হত্যা কৰি পত্নী বৰ্তমান ন্যায়িক জিম্মাত,কন্যা জুভেনাইল হোমত! পুত্ৰৰ জন্মদিন পাতিলে ওচৰ-চুবুৰীয়াই
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
বহু প্রতীক্ষিত ট্রাম্প-পুটিনৰ বৈঠক ১৫ আগষ্টত
হ্ৰাস পাব নেকি LPG চিলিণ্ডাৰৰ দাম ? ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্য ঘোষণাৰ দিশে কেন্দ্ৰীয় চৰকাৰ
পদপথ কেৱল পদযাত্ৰীৰ বাবেহে: উচ্চতম ন্যায়ালয়
আমেৰিকাৰ পৰা খাৰুৱা তেল ক্রয় দুগুণ বৃদ্ধি ভাৰতৰ
১১৩৭ কোটি টকাৰ অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ ছাৰা তেণ্ডুলকাৰ ; এই দেশত বৃদ্ধি কৰিব পৰ্যটন
চাইবাৰ চক্ৰৰ পৰা ৯৩ লাখ টকা উদ্ধাৰ মৰিগাঁও আৰক্ষীৰ
বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰৰ পৰলোকপ্ৰাপ্তি
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
তিনি মাহত খাদ্যৰ বাবে অপেক্ষাৰত ১৪০০ পেলেষ্টাইনীক হত্যা
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত মণিপুৰৰ মহিলা আদাছো কপেছা