--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চৌদি আৰৱৰ আবুধাবিত নিৰ্মাণৰ কাম চলি আছে প্ৰথমটো হিন্দু মন্দিৰ। মুছলমান সংখ্যাগৰিষ্ঠ এইখন দেশত এই বিশাল মন্দিৰ নিৰ্মাণৰ খৰচ ৭০০ কোটি টকা বুলি অনুমান কৰা হৈছে। আবুধাবিত ৫৫ হাজাৰ বৰ্গমিটাৰ এলেকাত এটা হিন্দু মন্দিৰ নিৰ্মাণ কৰা হৈছে। ভাৰতীয় মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰা হ’ব এই মন্দিৰ। ই মধ্যপ্ৰাচ্যৰ প্ৰথমটো হিন্দু মন্দিৰ।

এই মন্দিৰৰ বিশেষত্ব- 

এই স্বামীনাৰায়ণ মন্দিৰ। সমগ্ৰ মন্দিৰটো শিলেৰে নিৰ্মিত হ’ব। ই হ’ব পশ্চিম এছিয়াৰ আটাইতকৈ ডাঙৰ মন্দিৰ। ৭০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই মন্দিৰ। মন্দিৰত আচৰিত ধৰণৰ খোদিত শিল্পকৰ্ম থাকিব। মন্দিৰ নিৰ্মাণৰ বাবে গোলাপী ৰঙৰ বেলেগ শিলৰ ব্যৱহাৰ কৰা হ’ব।

মন্দিৰ নিৰ্মাণৰ বাবে ৪০,০০০ ঘনমিটাৰ মাৰ্বল, ১,৮০,০০০ ঘনমিটাৰ ষ্টেণ্ডষ্টোন আৰু ১৮ লাখ ইটাৰ প্ৰয়োজন হ’ব। এতিয়ালৈকে শ্ৰমিকসকলে ৪ লাখ ঘন্টা কাম কৰিছে। মন্দিৰ কমপ্লেক্স নিৰ্মাণৰ বাবে বহু সময় বাকী আছে। এইটোৱেই হ’ব ইউ এ ইৰ প্ৰথমটো হিন্দু মন্দিৰ যিয়ে বৃহৎ সংখ্যক ভক্তক আকৰ্ষণ কৰাৰ সম্ভাৱনা আছে। এই মন্দিৰৰ উচ্চতা হ’ব ১০৮ ফুট। পশ্চিম এছিয়াৰ আটাইতকৈ ডাঙৰ হিন্দু মন্দিৰ হ’বলৈ গৈ আছে। মন্দিৰৰ ডিজাইন বৈদিক স্থাপত্য আৰু ভাস্কৰ্য্যৰ পৰা অনুপ্ৰাণিত। ইতিমধ্যে বহুতো মূৰ্তি নিৰ্মাণ কৰা হৈছে। সেই মূৰ্তিবোৰ বহুদিন খোদিত কৰি শিল্পীসকলে নিৰ্মাণ কৰিছিল। আবুধাবিলৈ প্ৰেৰণৰ প্ৰক্ৰিয়াও আৰম্ভ হৈছে। এই মন্দিৰটোৱেই হ’ব ভাৰতৰ সভ্যতা আৰু সংস্কৃতিৰ পৰিচয়। আবুধাবিত নিৰ্মিত গংগা, যমুনা আৰু সৰস্বতীৰ কাল্পনিক সংগমস্থলত ই প্ৰায় সাজু হৈছে। এই মন্দিৰত গংগা, যমুনা আৰু সৰস্বতী নদীৰ পানী ঢালি দিয়া হ’ব। 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৮ চনত এই মন্দিৰৰ আধাৰশিলা স্থাপন কৰিছিল। ২০১৮ চনত ইউ এ ই ভ্ৰমণৰ সময়ত তেওঁ  স্বামীনাৰায়ণ মন্দিৰৰ আধাৰশিলা স্থাপন কৰিছিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে মন্দিৰ পৰিদৰ্শন কৰে। এই সন্দৰ্ভত জয়শংকৰেও টুইট কৰে। মন্দিৰৰ ডিজাইনত সাতটা গোলক একত্ৰিত কৰা হ’ব। প্ৰতিটোৱেই সংযুক্ত আৰব আমিৰশ্বাহীৰ প্ৰতীক। এই ডিজাইনৰ প্ৰকৃত লক্ষ্য হৈছে বিশ্বৰ আগত বিদেশী মাটিত ঐক্য আৰু সমন্বয়ৰ বাৰ্তা প্ৰতিষ্ঠা কৰা। ২০১৫ চনত যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউ এ ই ভ্ৰমণ কৰিছিল তেতিয়া ইউ এ ইৰ ৰাষ্ট্ৰপতি শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ানে মন্দিৰৰ বাবে মাটিখিনি উপহাৰ দিছিল।

মন্দিৰত সৃষ্টি হোৱা শিল্পকৰ্মসমূহ ৰামায়ণ, মহাভাৰত আৰু ভাৰতীয় মহাকাব্যৰ ঘটনাৰ আধাৰত। ইয়াৰ উপৰিও মন্দিৰটোত উটৰ শিল্পকৰ্ম অন্তৰ্ভুক্ত কৰি আৰব দেশৰ স্পৰ্শও আছে। সাতটা মন্দিৰ কমপ্লেক্সত দৰ্শনাৰ্থী কেন্দ্ৰ, প্ৰাৰ্থনা হল, পুথিভঁৰাল শ্ৰেণীকোঠা, কমিউনিটি চেণ্টাৰ, মছজিদ, এম্ফিথিয়েটাৰ, খেলপথাৰ, বাগিচা, কিতাপ আৰু উপহাৰৰ দোকান আৰু ফুড ক’ৰ্ট থাকিব। এই মন্দিৰ নিৰ্মাণত কোনো ধৰণৰ তীখা বা কংক্ৰিটৰ ব্যৱহাৰ কৰা নহয়। মন্দিৰটো ইমান শক্তিশালী কৰি তোলা হৈছে যে আগন্তুক ১০০০ বছৰলৈকে মন্দিৰটো অক্ষত অৱস্থাত থাকিব। ২০১৯ চনৰ ডিচেম্বৰ মাহত এই মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল। এতিয়া অতি সোনকালে এই মন্দিৰ সম্পূৰ্ণ সাজু হ’ব। অহা বছৰ অৰ্থাৎ ২০২৪ চনৰ ১৫ ফেব্ৰুৱাৰীত ইয়াৰ উদ্বোধন হ’ব পাৰে। এই মন্দিৰ ১৮ ফেব্ৰুৱাৰীৰ পৰা সাধাৰণ লোকৰ বাবেও মুকলি কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ