--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : সমগ্ৰ বিশ্বই বৰদিন উদযাপন কৰাৰ বিপৰীতে যীচুখ্ৰীষ্টৰ জন্মস্থান বেথেলহামত খ্ৰীষ্টমাছৰ আনন্দ-উৎসৱৰ পৰিৱৰ্তে দেখা গ’ল যুদ্ধৰ হুমুনিয়াহ। বৰদিনৰ সময়ত অন্যতম ব্যস্ত স্থান বেথেলহামত দেওবাৰৰ পৰাই অৰ্থাৎ বৰদিনৰ পূৰ্বেই দেখা দিলে নিৰ্জনতাই। ইজৰাইল-হামাছ যুদ্ধৰ বাবে বেথেলহামৰ মেংগাৰ চ’কত দেখিবলৈ পোৱা নগ’ল আলোকেড়ে সুসজ্জিত কৰা উৎসৱমুখৰ পোহৰৰ লগতে বৰদিন উৎসৱৰ আনন্দ। 

উল্লেখ্য যে বৰদিনৰ পূৰ্বে বহু পেলেষ্টাইনী নিৰাপত্তাৰক্ষীয়ে খালী চৌহদত টহল দি থকা দেখা গৈছিল। বিগত ছয় বছৰ ধৰি জেৰুজালেমত বাস কৰা ভিয়েটনামী ‘ফ্ৰান্সিস্কান ভিক্ষু’ ব্ৰাডাৰ জন ভিন্ধে কয় যে ‘এই বছৰ খ্ৰীষ্টমাছ ট্ৰী আৰু পোহৰৰ অবিহনে ইয়াত কেৱল দেখা গৈছে আন্ধাৰ। তেওঁ লগতে কয় যে প্ৰতি বছৰে তেওঁ বেথেলহামলৈ বৰদিন উদযাপন কৰিবলৈ আহে। এইবেলি বৰদিনৰ উদযাপন বাতিল কৰাৰ ফলত বেথেলহামৰ অৰ্থনীতিত এক গুৰুতৰ প্ৰভাৱ পৰে। বেথেলহামৰ আয়ৰ আনুমানিক ৭০ শতাংশই পৰ্যটনৰ পৰা আহে। প্ৰায় সকলো পৰ্যটনৰ ৰাজহ বৰদিনৰ বতৰতে আহে। কিন্তু বিমান সংস্থাই ইজৰাইললৈ বিমান সেৱা বাতিল কৰাৰ ফলত অৰ্থনৈতিক ক্ষেত্ৰতো ইয়াৰ ডাঙৰ প্ৰভাৱ পৰলক্ষিত হয়।

স্মৰ্তব্য যে বেথেলহামৰ ৭০খনতকৈও অধিক হোটেল বন্ধ কৰিবলগীয়া পৰিস্থিতি সৃষ্টি হৈছে, যাৰ ফলত হাজাৰ হাজাৰ লোক নিবনুৱা হৈ পৰিছে। মেংগাৰ স্কোৱাৰৰ পৰা মাত্ৰ কেইখোজমান দূৰৈত অৱস্থিত আফটিম ৰেষ্টুৰেণ্টখনৰ অন্যতম মালিক আলা ছালামেহে কয় যে বৰদিনৰ সময়ত আমাৰ ব্যস্ততা দুগুণে বাঢ়িবলৈ ধৰে। গাজাত মানুহ থাকিবলৈ হোটেল নোহোৱা হৈ পৰে। কিন্তু এইবাৰ বৰদিনৰ উদযাপন বাতিল কৰাৰ ফলত মাত্ৰ এখন টেবুলহে কেইজনমান সাংবাদিকে বুকিং কৰিছে।

গাজাস্থিত স্বাস্থ্য মন্ত্ৰালয়ে দিয়া এক বিবৃতি অনুসৰি ৭ অক্টোবৰৰ পৰা গাজা ষ্ট্ৰিপত ইজৰাইলৰ আক্ৰমণত নিহত পেলেষ্টাইনীৰ সংখ্যা ২০-২৫লৈ বৃদ্ধি পোৱাৰ বিপৰীতে ৫৩,৬৮৮জন লোক আহত হয়। ছিনহুয়া এটা সংবাদ সংস্থাৰ প্ৰতিবেদন অনুসৰি যুদ্ধ অব্যাহত থকাৰ ফলতেই বিগত ২৪ ঘণ্টাত ইজৰাইলৰ আক্ৰমণত কমেও ২০১জন পেলেষ্টাইনী নিহত হোৱাৰ লগতে ৩৬৮জন লোক আহত হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
বানে সৃষ্টি কৰা সমস্যা দূৰ কৰিবলৈ ‘অসম বান-সহায় সেতু’ নিৰ্মাণ যুৱ উদ্যোগী প্ৰীতম ৰঞ্জন ডেকাৰ
শীঘ্ৰেই মুকলি হ’ব হৰমুজ প্রণালী; ইৰান-ওমানৰ মাজত বুজাবুজি
অসম প্ৰিমিয়াৰ লীগ: নগাঁও ৰেঞ্জাৰ্চৰ বিৰুদ্ধে ৭০ ৰানৰ বৃহৎ বিজয় সাব্যস্ত বৰপেটা ব্ৰেভছৰ
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ