--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : সমগ্ৰ বিশ্বই বৰদিন উদযাপন কৰাৰ বিপৰীতে যীচুখ্ৰীষ্টৰ জন্মস্থান বেথেলহামত খ্ৰীষ্টমাছৰ আনন্দ-উৎসৱৰ পৰিৱৰ্তে দেখা গ’ল যুদ্ধৰ হুমুনিয়াহ। বৰদিনৰ সময়ত অন্যতম ব্যস্ত স্থান বেথেলহামত দেওবাৰৰ পৰাই অৰ্থাৎ বৰদিনৰ পূৰ্বেই দেখা দিলে নিৰ্জনতাই। ইজৰাইল-হামাছ যুদ্ধৰ বাবে বেথেলহামৰ মেংগাৰ চ’কত দেখিবলৈ পোৱা নগ’ল আলোকেড়ে সুসজ্জিত কৰা উৎসৱমুখৰ পোহৰৰ লগতে বৰদিন উৎসৱৰ আনন্দ। 

উল্লেখ্য যে বৰদিনৰ পূৰ্বে বহু পেলেষ্টাইনী নিৰাপত্তাৰক্ষীয়ে খালী চৌহদত টহল দি থকা দেখা গৈছিল। বিগত ছয় বছৰ ধৰি জেৰুজালেমত বাস কৰা ভিয়েটনামী ‘ফ্ৰান্সিস্কান ভিক্ষু’ ব্ৰাডাৰ জন ভিন্ধে কয় যে ‘এই বছৰ খ্ৰীষ্টমাছ ট্ৰী আৰু পোহৰৰ অবিহনে ইয়াত কেৱল দেখা গৈছে আন্ধাৰ। তেওঁ লগতে কয় যে প্ৰতি বছৰে তেওঁ বেথেলহামলৈ বৰদিন উদযাপন কৰিবলৈ আহে। এইবেলি বৰদিনৰ উদযাপন বাতিল কৰাৰ ফলত বেথেলহামৰ অৰ্থনীতিত এক গুৰুতৰ প্ৰভাৱ পৰে। বেথেলহামৰ আয়ৰ আনুমানিক ৭০ শতাংশই পৰ্যটনৰ পৰা আহে। প্ৰায় সকলো পৰ্যটনৰ ৰাজহ বৰদিনৰ বতৰতে আহে। কিন্তু বিমান সংস্থাই ইজৰাইললৈ বিমান সেৱা বাতিল কৰাৰ ফলত অৰ্থনৈতিক ক্ষেত্ৰতো ইয়াৰ ডাঙৰ প্ৰভাৱ পৰলক্ষিত হয়।

স্মৰ্তব্য যে বেথেলহামৰ ৭০খনতকৈও অধিক হোটেল বন্ধ কৰিবলগীয়া পৰিস্থিতি সৃষ্টি হৈছে, যাৰ ফলত হাজাৰ হাজাৰ লোক নিবনুৱা হৈ পৰিছে। মেংগাৰ স্কোৱাৰৰ পৰা মাত্ৰ কেইখোজমান দূৰৈত অৱস্থিত আফটিম ৰেষ্টুৰেণ্টখনৰ অন্যতম মালিক আলা ছালামেহে কয় যে বৰদিনৰ সময়ত আমাৰ ব্যস্ততা দুগুণে বাঢ়িবলৈ ধৰে। গাজাত মানুহ থাকিবলৈ হোটেল নোহোৱা হৈ পৰে। কিন্তু এইবাৰ বৰদিনৰ উদযাপন বাতিল কৰাৰ ফলত মাত্ৰ এখন টেবুলহে কেইজনমান সাংবাদিকে বুকিং কৰিছে।

গাজাস্থিত স্বাস্থ্য মন্ত্ৰালয়ে দিয়া এক বিবৃতি অনুসৰি ৭ অক্টোবৰৰ পৰা গাজা ষ্ট্ৰিপত ইজৰাইলৰ আক্ৰমণত নিহত পেলেষ্টাইনীৰ সংখ্যা ২০-২৫লৈ বৃদ্ধি পোৱাৰ বিপৰীতে ৫৩,৬৮৮জন লোক আহত হয়। ছিনহুয়া এটা সংবাদ সংস্থাৰ প্ৰতিবেদন অনুসৰি যুদ্ধ অব্যাহত থকাৰ ফলতেই বিগত ২৪ ঘণ্টাত ইজৰাইলৰ আক্ৰমণত কমেও ২০১জন পেলেষ্টাইনী নিহত হোৱাৰ লগতে ৩৬৮জন লোক আহত হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মাৰ্ঘেৰিটাত টালি টোপোলা বান্ধিছে অবৈধ বেদখলকাৰীয়ে
মই যি বাটেৰে ওলালো আজি! কেতিয়াও উভতি নহাৰ বাটেৰে গুচি গ'ল স্বনামধন্য নাট্যকাৰ, গীতিকাৰ হেমন্ত দত্ত
উত্তম গগৈক হত্যা কৰি পত্নী বৰ্তমান ন্যায়িক জিম্মাত,কন্যা জুভেনাইল হোমত! পুত্ৰৰ জন্মদিন পাতিলে ওচৰ-চুবুৰীয়াই
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
তিনি মাহত খাদ্যৰ বাবে অপেক্ষাৰত ১৪০০ পেলেষ্টাইনীক হত্যা
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত মণিপুৰৰ মহিলা আদাছো কপেছা
উচ্ছেদৰ পাছতে ৰজাপুখুৰী, গেলাজান নিজৰ বুলি দাবী নগাৰ
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস