--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পাকিস্তানৰ বিৰুদ্ধে দেওবাৰে অনুষ্ঠিত হোৱা এছিয়া কাপ প্ৰতিযোগিতাৰ মুখামুখিত ভাৰতে ৫ উইকেটত  দৰ্শনীয় বিজয় সাব্যস্ত কৰে। এই জয়েৰে ডিফেণ্ডিং চেম্পিয়ন ভাৰতে এছিয়া কাপত আশাপ্ৰদ আৰম্ভণি কৰে। ভাৰতৰ এই জয়ত মুখ্য ভূমিকা গ্ৰহণ কৰে দলৰ পেচ বলিং আক্ৰমণে। মেচখনত ভাৰতীয় দলত থকা পেচ আক্ৰমণৰ চাৰিওগৰাকী পেচাৰ ভুৱনেশ্বৰ কুমাৰ, অৰ্শদ্বীপ সিং, হাৰ্দিক পাণ্ডিয়া আৰু আভেশ খানে সন্মিলিত আক্ৰমণেৰে পাকিস্তানৰ বেটিং লাইন আপত খহনীয়াৰ সৃষ্টি কৰে। ভাৰতীয় বলিং আক্ৰমণৰ মেৰুদণ্ডস্বৰূপ যশপ্ৰীত বুমৰাহৰ অনুপস্থিতিত ভাৰতীয় পেচ আক্ৰমণ কিমান সফল হ’ব, সেই লৈ সন্দেহ প্ৰকাশ কৰিছিল ক্ৰিকেট অনুৰাগীসকলে। তদুপৰি দলত নাছিল অভিজ্ঞ মহম্মদ ছামি আৰু হৰ্ষল পেটেলো।

কিন্তু অভিজ্ঞ পেচাৰ ভুৱনেশ্বৰ কুমাৰৰ নেতৃত্বত ভাৰতৰ এই পেচ বলিং আক্ৰমণেই চমকপ্ৰদ প্ৰদৰ্শনেৰে পাকিস্তানৰ বেটিং লাইন আপ বিধ্বস্ত কৰি দখল কৰে দলটোৰ আটাইকেইটা উইকেট। এইদৰে টি-২০ ক্ৰিকেট ইতিহাসত বিপক্ষৰ আটাইকেইটা উইকেট দখল কৰাৰ এক বিৰল অভিলেখ গঢ়ি তোলে ভাৰতৰ পেচ বিভাগে। ২০০৪ চনৰ পৰা আৰম্ভ হোৱা ক্ৰিকেটৰ এই চুটি ফৰ্মেটটোত ইয়াৰ পূৰ্বে কেতিয়াও এইয়া সম্ভৱ হোৱা নাছিল। 

ভাৰতৰ হৈ মেচখনত প্লেয়াৰ অফ দ্য মেচ বিবেচিত হোৱা হাৰ্দিক পাণ্ডিয়াই ২৫ ৰানত ৩ টা উইকেট লাভ কৰে। আনহাতে বুমৰাহৰ অনুপস্থিতিত অতিৰিক্ত ভাৰ বহন কৰিবলগীয়া হোৱা ভুৱনেশ্বৰে ২৪ ৰাণ খৰচ কৰি দখল কৰে ৪ টা উইকেট। উদীয়মান পেচাৰ অৰ্শদ্বীপ সিঙে ৩৩ ৰানত দুটা আৰু আভেশ খানে ১৯ ৰানত এটা উইকেট দখল কৰে। 

চাৰিও পেচাৰৰ এই পেচ ত্ৰাসত বিধ্বস্ত হৈ পৰা পাকিস্তানে প্ৰথমে বেটিং কৰি মাত্ৰ ১৪৭ ৰানতে ইনিংছ সামৰিবলৈ বাধ্য হয় আৰু ভাৰতৰ সমুখত ১৪৮ ৰানত জয়ৰ লক্ষ্য বান্ধি দিয়ে। পাক ইনিংছৰ তৃতীয়টো অভাৰতে দলটোৰ মূল বেটিং স্তম্ভ স্বৰূপ অধিনায়ক বাবৰ আজমক পেভিলিয়নৰ পথ দেখুৱাই প্ৰথমটো আঘাত হানে ভুৱনেশ্বৰে। তাৰ পাছতে পাৱাৰ প্লে’ৰ অন্তিমটো অভাৰত আভেশ খানে বিদায় দিয়ে ফখৰ জামানক।

অৱশ্যে তৃতীয় উইকেটৰ যুটিত অপেনাৰ ৰিজৱান আৰু ইফটিকাৰে ৪৫ ৰান যোগ দি দলৰ স্ক’ৰ ৮৭ লৈ আগবঢ়াই নিয়ে যদিও ব্যক্তিগত ২৮ ৰানত ইফটিকাৰ হাৰ্দিক পাণ্ডিয়াৰ চিকাৰ হয়। ইয়াৰ কিছু সময় পাছতে পাণ্ডিয়াই ৰিজৱানকো পেভিলিয়নৰ বাট দেখুৱায়। দলৰ হৈ সৰ্বাধিক ৪৩ ৰান সংগ্ৰহ কৰিলেই ইয়াৰ বাবে ৰিজৱানে খেলিবলগীয়া হয় ৪২ টা বল।

ইফটিকাৰ আৰু ৰিজৱানৰ বিদায়ৰ পাছতে পাকিস্তানৰ সঘনে উইকেটৰ পতন হয় আৰু ১২৮ ৰানতে ৯ টা উইকেট হেৰুৱায়। অৱশ্যে শেষৰ ফালে টেইল এণ্ডাৰ বেটাৰ হেৰিচ ৰ’ফে দুটা চাৰিৰে ১৩ আৰু দাহানিয়ে দুটা ছয়েৰে ১৬ ৰান সংগ্ৰহ কৰি দলীয় স্ক’ৰ ১৪৭ ত উপনীত কৰায়। ইনিংছৰ অন্তিম অভাৰৰ পঞ্চমটো বলত অৰ্শদ্বীপ সিঙে দাহানিক ব’ল্ড কৰি পাকিস্তানৰ ইনিংছ সমাপ্ত কৰে।

ইফালে ১৪৮ ৰানৰ লক্ষ্য অনুসৰণ কৰি ভাৰতে ইনিংছৰ দ্বিতীয়টো বলতে উজুটি খায়। কোনো ৰান সংগ্ৰহ নকৰাকৈয়ে পেভিলিয়নমুখী হয় দলৰ সহ-অধিনায়ক লোকেশ ৰাহুল। ব্যৰ্থ হয় অধিনায়ক ৰোহিতো। ফৰ্মহীনতাত ভুগি থকা তাৰকা বেটাৰ কোহলীয়ে অৱশ্যে হেৰুওৱা ফৰ্ম ঘূৰাই পোৱাৰ ইঙ্গিত দি ৩৫ ৰানৰ অৱদান আগবঢ়ায়। আনহাতে সূৰ্যকুমাৰ যাদৱৰ বেটৰ পৰা আহে ১৮ ৰান।

অৱশ্যে চতুৰ্থ উইকেট যুটিত জাদেজা আৰু পাণ্ডিয়াই ৫২ ৰানৰ যুটি বান্ধি ভাৰতক জয়ৰ প্ৰায় দুৱাৰদলিত থিয় কৰায়। ভাৰতক অন্তিম দুই অভাৰত জয়ৰ বাবে প্ৰয়োজন আছিল ২১ ৰানৰ আৰু পাণ্ডিয়াই হেৰিচ ৰ’ফৰ অভাৰটোত তিনিটাকৈ চাৰি কোবাই অন্তিমটো অভাৰত ৭ ৰানৰ লক্ষ্যলৈ কাষ চপাই আনে। কিন্তু অভাৰৰ প্ৰথমটো বলতে জাদেজাক ব’ল্ড কৰি ভাৰতীয় শিবিৰক চিন্তিত কৰি তোলে মহম্মদ নৱাজে।

জাদেজাই যথেষ্ট ধৈৰ্য্য তথা সংযমেৰে ৩৫ ৰানৰ এক গুৰুত্বপূৰ্ণ ইনিংছ খেলি ভাৰতৰ জয়ৰ ভেঁটি গঢ়ি তোলে। অৱশ্যে জাদেজা আউট হোৱাৰ পিছত পাণ্ডিয়াই অভাৰৰ চতুৰ্থটো বলত ছয় কোবাই ভাৰতলৈ ইপ্সিত জয় কঢ়িয়াই আনে। মাত্ৰ ১৭ বলত ৪ টা চাৰি আৰু এটা ছয়েৰে ৩৩ ৰানত অপৰাজিত থাকে পাণ্ডিয়া। দুৰন্ত অলৰাউণ্ড প্ৰদৰ্শনৰ বাবে পাণ্ডিয়া মেচৰ শ্ৰেষ্ঠ খেলুৱৈ বিবেচিত হয়। ভাৰতে ৩১ তাৰিখে নিজৰ দ্বিতীয়খন খেলত হংকঙৰ সন্মুখীন হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক