--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২০২৪ চনৰ পৰা ২০২৭ চনলৈ ভাৰতত অনুষ্ঠিত হ'বলবীয়া সকলো আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ (আইচিচি) প্ৰতিযোগিতাৰ বাবে টিভি আৰু ডিজিটেল অধিকাৰস্বত্ব লাভ কৰিছে ডিজনী ষ্টাৰে। আইচিচিৰ গৱৰ্ণিং বডীয়ে এক বিবৃতি যোগে এই কথা প্ৰকাশ কৰিছে। বিবৃতিটোত বিশ্ব ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থাটোৱে কয় যে ২০২৪ চনৰ পৰা ২০২৭ চনৰ শেষলৈকে ভাৰতত অনুষ্ঠিত হ’বলগীয়া পুৰুষ আৰু মহিলা ক্ৰিকেটৰ বিশ্বব্যাপী সম্প্ৰচাৰৰ বাবে টেলিভিচন আৰু ডিজিটেল অধিকাৰ লাভ কৰিছে। 

চলিত বৰ্ষৰে জুন মাহত আৰম্ভ হোৱা নিবিদা প্ৰক্ৰিয়াৰ পাছত ডিজনী ষ্টাৰে এই স্বত্ব লাভ কৰে বুলি আইচিচিয়ে লগতে উল্লেখ কৰে। আইচিচিৰ অধ্যক্ষ গ্ৰেগ বাৰ্কলীয়ে এক বিবৃতিত পৰৱৰ্তী চাৰি বছৰৰ বাবে ডিজনী ষ্টাৰৰ সৈতে অংশীদাৰীত্ব গঢ়ি তুলিবলৈ সক্ষম হোৱাৰ বাবে আনন্দিত হোৱা বুলি মন্তব্য কৰে। 

বাৰ্কলীয়ে লগত আইচিচিৰ উচ্চাকাংক্ষী বিকশিত পৰিকল্পনাক সমৰ্থন কৰি বিশ্ব ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থাটোৰ সদস্যসমূহৰ বাবে এক উৎকৃষ্ট ফলাফল প্ৰদান কৰিব বুলিও আশা প্ৰকাশ কৰিছে। তেওঁ লগতে কয় যে ডিজনী ষ্টাৰে ক্ৰিকেটীয় ভৱিষ্যতত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব আৰু পূৰ্বতকৈ অধিক অনুৰাগীৰ সৈতে সংযোগ ঘটিব তথা কাষ চাপিব।

ডিজনী ষ্টাৰে মহিলা ক্ৰিকেটৰ প্ৰচাৰৰ বাবে এক চিত্তাকৰ্ষক পৰিকল্পনা উপস্থাপন কৰিছে বুলিও বাৰ্কলীয়ে উল্লেখ কৰিছে। ভাৰতত মহিলাৰ ক্ৰিকেট প্ৰতিযোগিতাৰ বাবে সম্প্ৰচাৰ আৰু ডিজিটেল অংশীদাৰ মহিলা ক্ৰিকেটৰ বিকাশৰ ক্ষেত্ৰত আইচিচিৰ উচ্চাকাংক্ষী পৰিকল্পনাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলিও তেওঁ মন্তব্য কৰে।

“ডিজনী ষ্টাৰে মহিলা ক্ৰিকেটৰ প্ৰচাৰৰ বাবে আকৰ্ষণীয় পৰিকল্পনা উপস্থাপন কৰিছিল আৰু তেওঁলোকে স্পষ্টকৈ আমাৰ পৰিকল্পনাৰ বিষয়েও যথোচিত আলোচনা কৰিছে। সেয়েহে মই এই পৰিকল্পনাৰ আগন্তুক ফলাফলৰ বাবে যথেষ্ট উৎসাহিত।"- তেওঁ কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী