--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২০২৪ চনৰ পৰা ২০২৭ চনলৈ ভাৰতত অনুষ্ঠিত হ'বলবীয়া সকলো আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ (আইচিচি) প্ৰতিযোগিতাৰ বাবে টিভি আৰু ডিজিটেল অধিকাৰস্বত্ব লাভ কৰিছে ডিজনী ষ্টাৰে। আইচিচিৰ গৱৰ্ণিং বডীয়ে এক বিবৃতি যোগে এই কথা প্ৰকাশ কৰিছে। বিবৃতিটোত বিশ্ব ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থাটোৱে কয় যে ২০২৪ চনৰ পৰা ২০২৭ চনৰ শেষলৈকে ভাৰতত অনুষ্ঠিত হ’বলগীয়া পুৰুষ আৰু মহিলা ক্ৰিকেটৰ বিশ্বব্যাপী সম্প্ৰচাৰৰ বাবে টেলিভিচন আৰু ডিজিটেল অধিকাৰ লাভ কৰিছে। 

চলিত বৰ্ষৰে জুন মাহত আৰম্ভ হোৱা নিবিদা প্ৰক্ৰিয়াৰ পাছত ডিজনী ষ্টাৰে এই স্বত্ব লাভ কৰে বুলি আইচিচিয়ে লগতে উল্লেখ কৰে। আইচিচিৰ অধ্যক্ষ গ্ৰেগ বাৰ্কলীয়ে এক বিবৃতিত পৰৱৰ্তী চাৰি বছৰৰ বাবে ডিজনী ষ্টাৰৰ সৈতে অংশীদাৰীত্ব গঢ়ি তুলিবলৈ সক্ষম হোৱাৰ বাবে আনন্দিত হোৱা বুলি মন্তব্য কৰে। 

বাৰ্কলীয়ে লগত আইচিচিৰ উচ্চাকাংক্ষী বিকশিত পৰিকল্পনাক সমৰ্থন কৰি বিশ্ব ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থাটোৰ সদস্যসমূহৰ বাবে এক উৎকৃষ্ট ফলাফল প্ৰদান কৰিব বুলিও আশা প্ৰকাশ কৰিছে। তেওঁ লগতে কয় যে ডিজনী ষ্টাৰে ক্ৰিকেটীয় ভৱিষ্যতত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব আৰু পূৰ্বতকৈ অধিক অনুৰাগীৰ সৈতে সংযোগ ঘটিব তথা কাষ চাপিব।

ডিজনী ষ্টাৰে মহিলা ক্ৰিকেটৰ প্ৰচাৰৰ বাবে এক চিত্তাকৰ্ষক পৰিকল্পনা উপস্থাপন কৰিছে বুলিও বাৰ্কলীয়ে উল্লেখ কৰিছে। ভাৰতত মহিলাৰ ক্ৰিকেট প্ৰতিযোগিতাৰ বাবে সম্প্ৰচাৰ আৰু ডিজিটেল অংশীদাৰ মহিলা ক্ৰিকেটৰ বিকাশৰ ক্ষেত্ৰত আইচিচিৰ উচ্চাকাংক্ষী পৰিকল্পনাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলিও তেওঁ মন্তব্য কৰে।

“ডিজনী ষ্টাৰে মহিলা ক্ৰিকেটৰ প্ৰচাৰৰ বাবে আকৰ্ষণীয় পৰিকল্পনা উপস্থাপন কৰিছিল আৰু তেওঁলোকে স্পষ্টকৈ আমাৰ পৰিকল্পনাৰ বিষয়েও যথোচিত আলোচনা কৰিছে। সেয়েহে মই এই পৰিকল্পনাৰ আগন্তুক ফলাফলৰ বাবে যথেষ্ট উৎসাহিত।"- তেওঁ কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু