--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দলত নাই বলিং আক্ৰমণৰ মূল কাণ্ডাৰী যশপ্ৰীত বুমৰাহ। নাই অভিজ্ঞ পেচাৰ ছামিও। আঘাতৰ বাবে বাহিৰ হ'বলগীয়া হ'ল হৰ্ষল পেটেলো। এনে অৱস্থাত দুই অনভিজ্ঞ তথা উদীয়মান পেচাৰ অৰ্শদ্বীপ সিং আৰু আভেশ খানক লগত লৈ ভুৱনেশ্বৰ কুমাৰৰ কান্ধত বলিং নেতৃত্ব তুলি দি এছিয়ান মহাসমৰত অৱতীৰ্ণ হৈছে ভাৰত। অৱশ্যে পেচ বলিং আক্ৰমণত সহযোগ কৰিবলৈ দলত আছিল অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া। তথাপি আঘাতৰ পৰা সুস্থ হৈ কেইমাহমানৰ পূৰ্বে পুনৰ বলিং আৰম্ভ কৰা পাণ্ডিয়াই বলিঙত কিমানদূৰ সহযোগিতা কৰিব পাৰিব, সিও সন্দেহৰ মাজত আছিল। 

কিন্তু বলিং বিভাগৰ ওপৰত থকা এই সকলো সন্দেহ অমূলক প্ৰমাণিত কৰি আজি ডুবাইৰ ইণ্টাৰনেচনেল ক্ৰিকেট ষ্টেডিয়ামত উজলি উঠিল ভাৰতৰ পেচ আক্ৰমণ। দুৰন্ত প্ৰদৰ্শনেৰে পাকিস্তানৰ বেটিং লাইন আপত খহনীয়াৰ সৃষ্টি কৰি এই পেচ আক্ৰমণেই মাত্ৰ ১৪৭ ৰানতে স্তব্ধ কৰিলে পাকিস্তানক। যোৱা বৰ্ষৰ টি-২০ বিশ্বকাপৰ মেচত কোনো উইকেট নেহেৰুৱাকৈয়ে ভাৰতক শোচনীয়ভাৱে পৰাস্ত কৰা পাকিস্তান আজি দিশহাৰা হৈ পৰিল ভাৰতীয় পেচ বলাৰৰ সন্মিলিত আক্ৰমণত।

পাকিস্তানৰ এই বিপৰ্যয় মূল কাৰণ হিচাপে ধৰা দিয়ে ভাৰতীয় বলিঙৰ নেতৃত্ব বহনকাৰী ভুৱনেশ্বৰ কুমাৰ আৰু হাৰ্দিক পাণ্ডিয়াই। ইনিংছৰ তৃতীয়টো অভাৰতে পাকিস্তানৰ মূল বেটিং স্তম্ভ স্বৰূপ অধিনায়ক বাবৰ আজমক পেভিলিয়নৰ পথ দেখুৱাই প্ৰথমটো আঘাত হানে ভুৱনেশ্বৰে। তাৰ পাছতে পাৱাৰ প্লে’ৰ অন্তিমটো অভাৰত আভেশ খানে বিদায় দিয়ে ফখৰ জামানক।

অৱশ্যে তৃতীয় উইকেটৰ যুটিত অপেনাৰ ৰিজৱান আৰু ইফটিকাৰে ৪৫ ৰান যোগ দি দলৰ স্ক’ৰ ৮৭ লৈ আগবঢ়াই নিয়ে যদিও ব্যক্তিগত ২৮ ৰানত ইফটিকাৰ হাৰ্দিক পাণ্ডিয়াৰ চিকাৰ হয়। ইয়াৰ কিছু সময় পাছতে পাণ্ডিয়াই ৰিজৱানকো পেভিলিয়নৰ বাট দেখুৱায়। দলৰ হৈ সৰ্বাধিক ৪৩ ৰান সংগ্ৰহ কৰিলেই ইয়াৰ বাবে ৰিজৱানে খেলিবলগীয়া হয় ৪২ টা বল।

ইফটিকাৰ আৰু ৰিজৱানৰ বিদায়ৰ পাছতে পাকিস্তানৰ সঘনে উইকেটৰ পতন হয় আৰু ১২৮ ৰানতে ৯ টা উইকেট হেৰুৱায়। অৱশ্যে শেষৰ ফালে টেইল এণ্ডাৰ বেটাৰ হেৰিচ ৰ’ফে দুটা চাৰিৰে ১৩ আৰু দাহানিয়ে দুটা ছয়েৰে ১৬ ৰান সংগ্ৰহ কৰি দলীয় স্ক’ৰ ১৪৭ ত উপনীত কৰায়। ইনিংছৰ অন্তিম অভাৰৰ পঞ্চমটো বলত অৰ্শদ্বীপ সিঙে দাহানিক ব’ল্ড কৰি পাকিস্তানৰ ইনিংছ সমাপ্ত কৰে।

ভাৰতৰ হৈ ভুৱনেশ্বৰে ৪ টা উইকেট দখল কৰাৰ বিপৰীতে পাণ্ডিয়াই ৩ টা উইকেট লাভ কৰে। অৰ্শদ্বীপ সিঙৰ হাতলৈ দুটা আৰু আভেশ খানৰ হাতলৈ যায় এটা উইকেট।

ইফালে ১৪৮ ৰানৰ লক্ষ্য অনুসৰণ কৰি ভাৰতে ইনিংছৰ দ্বিতীয়টো বলতে উজুটি খায়। কোনো ৰান সংগ্ৰহ নকৰাকৈয়ে পেভিলিয়নমুখী হয় দলৰ সহ-অধিনায়ক লোকেশ ৰাহুল। অৱশ্যে ভাৰতীয় বেটিঙৰ দুই মূল ভৰসা অধিনায়ক ৰোহিত শৰ্মা আৰু প্ৰাক্তন অধিনায়ক বিৰাট কোহলীয়ে দলীয় স্ক’ৰ আগবঢ়াই নিয়াৰ সময়তে দুয়োগৰাকী বেটাৰ অগা-পিছাকৈ বিদায় লয়। ৰোহিতে ১২ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ফৰ্মহীনতাত ভুগি থকা কোহলীয়ে ফৰ্ম ঘূৰাই পোৱাৰ ইঙ্গিত দিছিল যদিও ৩৫ ৰানৰ ব্যক্তিগত স্ক’ৰত বিদায় লয়। 

হাতত ৭ টা উইকেট সুৰক্ষিত থকা অৱস্থাত ভাৰতক জয়ৰ বাবে এতিয়া ১০ অভাৰত ৮৬ ৰানৰ প্ৰয়োজন। বৰ্তমান ক্ৰীজত ক্ৰমে ৮ আৰু ২ ৰানত বেটিং কৰি আছে জাদেজা আৰু যাদৱে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী