--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলিত মাহতে অনুষ্ঠিত হ’ব দেশৰ ৫খন ৰাজ্যৰ বিধানসভা নিৰ্বাচন৷এই নিৰ্বাচনৰ ঠিক আগতেই কেন্দ্ৰীয় চৰকাৰৰ বাবে এটা বেয়া খবৰ। ব্যক্তিগত গৱেষণা সংস্থা চিএমআইইয়ে দাবী কৰিছে যে ভাৰতত নিবনুৱা সমস্যাই ২০২৩ চনৰ অক্টোবৰ মাহত ২ বছৰৰ ভিতৰত সৰ্বোচ্চ স্তৰত উপনীত হৈছে। দেশৰ গ্ৰামাঞ্চলত অধিক পৰিমাণে বৃদ্ধি পাইছে নিবনুৱা সমস্যা।বিজনেছ ষ্টেণ্ডাৰ্ডত প্ৰকাশিত প্ৰতিবেদন অনুসৰি চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইকনমি লিমিটেডে নিজৰ তথ্যৰ জৰিয়তে জনাইছে যে অক্টোবৰ মাহত নিবনুৱাৰ হাৰ ১০.০৫ শতাংশ হৈছে। আনহাতে ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত নিবনুৱাৰ হাৰ আছিল প্ৰায় ৭.০৯ শতাংশ।

উল্লেখ্য যে ২০২১ চনৰ মে’ মাহৰ পাছত অক্টোবৰ মাহত নিবনুৱাৰ হাৰ এইবাৰেই সৰ্বাধিক হৈছে। অক্টোবৰ মাহত গ্ৰামাঞ্চলত নিবনুৱাৰ হাৰ ৬.২০ শতাংশৰ পৰা ১০.৮২ শতাংশলৈ বৃদ্ধি পাইছে। একে সময়তে দেশৰ চহৰসমূহত নতুনকৈ চাকৰি অহাৰ বাবে নিবনুৱাৰ হাৰ ৮.৪৪ শতাংশলৈ হ্ৰাস পাইছে।

চলিত মাহত পাঁচখন ৰাজ্য ছত্তীশগড়, মধ্যপ্ৰদেশ, ৰাজস্থান, তেলেংগানা আৰু মিজোৰামত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। এনে পৰিস্থিতিত নিৰ্বাচনৰ পূৰ্বে এই নিবনুৱা সংখ্যাই চৰকাৰৰ চিন্তা বৃদ্ধি কৰিছে। মন কৰিবলগীয়া কথাটো হ’ল বিশেষজ্ঞসকলৰ মতে ভাৰতৰ জিডিপি ৬ শতাংশ হাৰত বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে, কিন্তু তেতিয়াও যুৱক-যুৱতীসকলৰ বাবে নতুন চাকৰিৰ সৃষ্টি সেই গতিত হোৱা নাই৷ এনে পৰিস্থিতিত আগন্তুক নিৰ্বাচনত নিবনুৱা সমস্যা এটা ডাঙৰ বিষয় হৈ পৰিব।

ইয়াৰ পূৰ্বে দেশত বৃহৎ পৰিসৰত যুৱক-যুৱতীক কৰ্মসংস্থাপন প্ৰদান কৰা ইনফ’ছিছ আৰু উইপ্ৰ’ৰ দৰে আই টি কোম্পানীয়ে এইবাৰ নতুন নিযুক্তিৰ প্ৰক্ৰিয়া বন্ধ কৰাৰ কথা কৈছিল। এনে পৰিস্থিতিত কলেজৰ পৰা উত্তীৰ্ণ হোৱা হাজাৰ হাজাৰ নতুন অভিযান্ত্ৰিক ছাত্ৰ-ছাত্ৰীৰ বাবে চাকৰিৰ সংকটৰ সৃষ্টি হৈছে। দেশত নিবনুৱা সমস্যাটো দীৰ্ঘদিন ধৰি এটা ডাঙৰ বিষয় আৰু চিএমআইইৰ সদ্যপ্ৰকাশিত তথ্যই ইয়াৰে স্পষ্ট ইংগিত দিছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ