--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলিত মাহতে অনুষ্ঠিত হ’ব দেশৰ ৫খন ৰাজ্যৰ বিধানসভা নিৰ্বাচন৷এই নিৰ্বাচনৰ ঠিক আগতেই কেন্দ্ৰীয় চৰকাৰৰ বাবে এটা বেয়া খবৰ। ব্যক্তিগত গৱেষণা সংস্থা চিএমআইইয়ে দাবী কৰিছে যে ভাৰতত নিবনুৱা সমস্যাই ২০২৩ চনৰ অক্টোবৰ মাহত ২ বছৰৰ ভিতৰত সৰ্বোচ্চ স্তৰত উপনীত হৈছে। দেশৰ গ্ৰামাঞ্চলত অধিক পৰিমাণে বৃদ্ধি পাইছে নিবনুৱা সমস্যা।বিজনেছ ষ্টেণ্ডাৰ্ডত প্ৰকাশিত প্ৰতিবেদন অনুসৰি চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইকনমি লিমিটেডে নিজৰ তথ্যৰ জৰিয়তে জনাইছে যে অক্টোবৰ মাহত নিবনুৱাৰ হাৰ ১০.০৫ শতাংশ হৈছে। আনহাতে ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত নিবনুৱাৰ হাৰ আছিল প্ৰায় ৭.০৯ শতাংশ।

উল্লেখ্য যে ২০২১ চনৰ মে’ মাহৰ পাছত অক্টোবৰ মাহত নিবনুৱাৰ হাৰ এইবাৰেই সৰ্বাধিক হৈছে। অক্টোবৰ মাহত গ্ৰামাঞ্চলত নিবনুৱাৰ হাৰ ৬.২০ শতাংশৰ পৰা ১০.৮২ শতাংশলৈ বৃদ্ধি পাইছে। একে সময়তে দেশৰ চহৰসমূহত নতুনকৈ চাকৰি অহাৰ বাবে নিবনুৱাৰ হাৰ ৮.৪৪ শতাংশলৈ হ্ৰাস পাইছে।

চলিত মাহত পাঁচখন ৰাজ্য ছত্তীশগড়, মধ্যপ্ৰদেশ, ৰাজস্থান, তেলেংগানা আৰু মিজোৰামত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। এনে পৰিস্থিতিত নিৰ্বাচনৰ পূৰ্বে এই নিবনুৱা সংখ্যাই চৰকাৰৰ চিন্তা বৃদ্ধি কৰিছে। মন কৰিবলগীয়া কথাটো হ’ল বিশেষজ্ঞসকলৰ মতে ভাৰতৰ জিডিপি ৬ শতাংশ হাৰত বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে, কিন্তু তেতিয়াও যুৱক-যুৱতীসকলৰ বাবে নতুন চাকৰিৰ সৃষ্টি সেই গতিত হোৱা নাই৷ এনে পৰিস্থিতিত আগন্তুক নিৰ্বাচনত নিবনুৱা সমস্যা এটা ডাঙৰ বিষয় হৈ পৰিব।

ইয়াৰ পূৰ্বে দেশত বৃহৎ পৰিসৰত যুৱক-যুৱতীক কৰ্মসংস্থাপন প্ৰদান কৰা ইনফ’ছিছ আৰু উইপ্ৰ’ৰ দৰে আই টি কোম্পানীয়ে এইবাৰ নতুন নিযুক্তিৰ প্ৰক্ৰিয়া বন্ধ কৰাৰ কথা কৈছিল। এনে পৰিস্থিতিত কলেজৰ পৰা উত্তীৰ্ণ হোৱা হাজাৰ হাজাৰ নতুন অভিযান্ত্ৰিক ছাত্ৰ-ছাত্ৰীৰ বাবে চাকৰিৰ সংকটৰ সৃষ্টি হৈছে। দেশত নিবনুৱা সমস্যাটো দীৰ্ঘদিন ধৰি এটা ডাঙৰ বিষয় আৰু চিএমআইইৰ সদ্যপ্ৰকাশিত তথ্যই ইয়াৰে স্পষ্ট ইংগিত দিছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু