--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ মানুহে কম সময় কাম কৰে। ঠিক এনে ধৰণৰ ধাৰণাই পোষণ কৰি আহিছে বহুতে। কিছুদিন পূৰ্বে ইনফোচিছৰ প্ৰতিষ্ঠাতা নাৰায়ণ মূৰ্তিয়ে মন্তব্য  কৰিছিল যে মানুহে  সপ্তাহত ৭০ ঘণ্টা কাম কৰিব লাগিব।নাৰায়ণ মূৰ্তিৰ মন্তব্যই  দেশজুৰি বিতৰ্কৰ সৃষ্টি কৰিছে। ইয়াৰ মাজতে আন্তৰ্জাতিক শ্ৰমিক সংগঠনৰ এক নতুন তথ্যই নাৰায়ণ মূৰ্তিৰ মন্তব্যক অসাৰ প্ৰতিপন্ন কৰিছে। আন্তৰ্জাতিক শ্ৰমিক সংগঠনৰ তথ্য অনুসৰি ভাৰত এসপ্তাহত আটাইতকৈ দীঘলীয়া সময়ৰ বাবে কাম কৰাৰ ক্ষেত্ৰত শীৰ্ষ স্থানত আছে। গড় হিচাপত ভাৰতীয় লোকসকলে সপ্তাহত প্ৰায় ৪৮  ঘণ্টা কাম কৰে। ভাৰত হৈছে বিশ্বৰ শীৰ্ষ ১০ খন এনে  দেশৰ ভিতৰৰে এখন। 

প্ৰসিদ্ধ উদ্যোগপতি আৰু ইনফোচিছৰ প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্তিয়ে কৈছিল, "ভাৰতত চাকৰিৰ উৎপাদনশীলতা বিশ্বৰ ভিতৰত সৰ্বনিম্ন। মই ভাবো যুৱ সকলে ক'ব লাগিব যে এইখন মোৰ দেশ। মই  ৭০ মই ঘণ্টা কাম কৰিব বিচাৰো।’’ তেওঁ জাৰ্মানী আৰু জাপানৰ উদাহৰণো দাঙি ধৰিছিল।  তেওঁ স্মৰণ কৰে যে কেনেকৈ সেই দেশবোৰে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত উন্নতিৰ দিশলৈ উভতি আহিবলৈ অনুশাসনৰ সৈতে উৎপাদনশীলতা বৃদ্ধি কৰিছিল। 

নাৰায়ণ মূৰ্তিৰ মন্তব্য পোহৰলৈ অহাৰ লগে লগে সমগ্ৰ দেশতে  বিতৰ্কৰ সৃষ্টি হয়। বহুতে  উদ্যোগপতিগৰাকীৰ  মন্তব্যক সমালোচনা কৰে। ইনফোচিছৰ মুখ্য কাৰ্যবাহী বিষয়াৰ জীয়ৰী অক্ষতা আৰু জোৱায়েক তথা  ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি চুনাককো বহুতে  সমালোচনা কৰে। এনে পৰিস্থিতিত, ৰাষ্ট্ৰসংঘৰ অধীনস্থ সংস্থা এটাৰ  প্ৰতিবেদনে নাৰায়ণ মূৰ্তিৰ দাবীক প্ৰায় অস্বীকাৰ কৰিছে। এক কথাত ভাৰত বিশ্বৰ আটাইতকৈ পৰিশ্ৰমী দেশসমূহৰ ভিতৰৰে এখন।
 
ভাৰতীয়সকলে  প্ৰতি সপ্তাহত ৪৭.৭ ঘণ্টাকৈ কাম কৰে। এই সময় আমেৰিকা যুক্তৰাষ্ট্ৰ বা চীনৰ দৰে শক্তিশালী দেশতকৈ বহু বেছি। কঠোৰ পৰিশ্ৰমৰ ক্ষেত্ৰত  ভাৰত বিশ্বৰ সপ্তম স্থানত আছে। ভাৰতৰ পিছতে আছে কাটাৰ, কঙ্গো, লেচোথো, ভূটান, গাম্বিয়া আৰু সংযুক্ত আৰৱ গণৰাজ্য। আন্তৰ্জাতিক শ্ৰমিক সংগঠনে (আইএলঅ') কৈছে যে সংস্থাটোৱে  ভাৰতৰ কামৰ সময় আৰু উৎপাদন ক্ষমতাৰ বিষয়ে  এক পৃথক প্ৰতিবেদন প্ৰকাশ  কৰিব।



 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু