--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ মানুহে কম সময় কাম কৰে। ঠিক এনে ধৰণৰ ধাৰণাই পোষণ কৰি আহিছে বহুতে। কিছুদিন পূৰ্বে ইনফোচিছৰ প্ৰতিষ্ঠাতা নাৰায়ণ মূৰ্তিয়ে মন্তব্য  কৰিছিল যে মানুহে  সপ্তাহত ৭০ ঘণ্টা কাম কৰিব লাগিব।নাৰায়ণ মূৰ্তিৰ মন্তব্যই  দেশজুৰি বিতৰ্কৰ সৃষ্টি কৰিছে। ইয়াৰ মাজতে আন্তৰ্জাতিক শ্ৰমিক সংগঠনৰ এক নতুন তথ্যই নাৰায়ণ মূৰ্তিৰ মন্তব্যক অসাৰ প্ৰতিপন্ন কৰিছে। আন্তৰ্জাতিক শ্ৰমিক সংগঠনৰ তথ্য অনুসৰি ভাৰত এসপ্তাহত আটাইতকৈ দীঘলীয়া সময়ৰ বাবে কাম কৰাৰ ক্ষেত্ৰত শীৰ্ষ স্থানত আছে। গড় হিচাপত ভাৰতীয় লোকসকলে সপ্তাহত প্ৰায় ৪৮  ঘণ্টা কাম কৰে। ভাৰত হৈছে বিশ্বৰ শীৰ্ষ ১০ খন এনে  দেশৰ ভিতৰৰে এখন। 

প্ৰসিদ্ধ উদ্যোগপতি আৰু ইনফোচিছৰ প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্তিয়ে কৈছিল, "ভাৰতত চাকৰিৰ উৎপাদনশীলতা বিশ্বৰ ভিতৰত সৰ্বনিম্ন। মই ভাবো যুৱ সকলে ক'ব লাগিব যে এইখন মোৰ দেশ। মই  ৭০ মই ঘণ্টা কাম কৰিব বিচাৰো।’’ তেওঁ জাৰ্মানী আৰু জাপানৰ উদাহৰণো দাঙি ধৰিছিল।  তেওঁ স্মৰণ কৰে যে কেনেকৈ সেই দেশবোৰে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত উন্নতিৰ দিশলৈ উভতি আহিবলৈ অনুশাসনৰ সৈতে উৎপাদনশীলতা বৃদ্ধি কৰিছিল। 

নাৰায়ণ মূৰ্তিৰ মন্তব্য পোহৰলৈ অহাৰ লগে লগে সমগ্ৰ দেশতে  বিতৰ্কৰ সৃষ্টি হয়। বহুতে  উদ্যোগপতিগৰাকীৰ  মন্তব্যক সমালোচনা কৰে। ইনফোচিছৰ মুখ্য কাৰ্যবাহী বিষয়াৰ জীয়ৰী অক্ষতা আৰু জোৱায়েক তথা  ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি চুনাককো বহুতে  সমালোচনা কৰে। এনে পৰিস্থিতিত, ৰাষ্ট্ৰসংঘৰ অধীনস্থ সংস্থা এটাৰ  প্ৰতিবেদনে নাৰায়ণ মূৰ্তিৰ দাবীক প্ৰায় অস্বীকাৰ কৰিছে। এক কথাত ভাৰত বিশ্বৰ আটাইতকৈ পৰিশ্ৰমী দেশসমূহৰ ভিতৰৰে এখন।
 
ভাৰতীয়সকলে  প্ৰতি সপ্তাহত ৪৭.৭ ঘণ্টাকৈ কাম কৰে। এই সময় আমেৰিকা যুক্তৰাষ্ট্ৰ বা চীনৰ দৰে শক্তিশালী দেশতকৈ বহু বেছি। কঠোৰ পৰিশ্ৰমৰ ক্ষেত্ৰত  ভাৰত বিশ্বৰ সপ্তম স্থানত আছে। ভাৰতৰ পিছতে আছে কাটাৰ, কঙ্গো, লেচোথো, ভূটান, গাম্বিয়া আৰু সংযুক্ত আৰৱ গণৰাজ্য। আন্তৰ্জাতিক শ্ৰমিক সংগঠনে (আইএলঅ') কৈছে যে সংস্থাটোৱে  ভাৰতৰ কামৰ সময় আৰু উৎপাদন ক্ষমতাৰ বিষয়ে  এক পৃথক প্ৰতিবেদন প্ৰকাশ  কৰিব।



 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ