--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত শাস্তি ঘোষণা হ’ল। দুগৰাকীকৈ শিষ্যাক ধৰ্ষণ কৰাৰ গোচৰত আদালতে আজি ৮১ বছৰীয়া ধৰ্মগুৰু আশাৰাম বাপুক যাবজ্জীৱন  কাৰাদণ্ড বিহে। আশাৰাম এতিয়া  যোধপুৰৰ  কাৰাগাৰত বন্দী হৈ আছে। আজি কাৰাগাৰৰ পৰাই তেওঁ ভিডিঅ' কলৰ জৰিয়তে শুনানিত অংশগ্ৰহণ কৰে।   গোচৰটোৰ আন এগৰাকী  অভিযুক্ত আছিল আশাৰামৰ পত্নী। তেওঁ অসুস্থ হৈ পৰাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। 

উল্লেখ্য আশাৰামে  এগৰাকী শিষ্যাক ধৰ্ষণ কৰাৰ অপৰাধত ইতিমধ্যে যোধপুৰৰ কাৰাগাৰত আজীৱন কাৰাদণ্ড ভোগ কৰি আছে। ইয়াৰ মাজতে স্বঘোষিত গুৰু আশাৰাম বাপুক আজি আন এগৰাকী শিষ্যাক  বলাৎকাৰ কৰাৰ অপৰাধত পুনৰ  আজীৱন কাৰাদণ্ড বিহা হয়। ২০১৩ চনত নিজৰ আশ্মতে আশাৰামে দুই শিষ্যাক   ধৰ্ষণ কৰিছিল। উক্ত  গোচৰত গুজৰাটৰ গান্ধীনগৰৰ এখন সত্ৰ আদালতে তেওঁক দণ্ডিত কৰে। তেওঁক  ৫০,০০০ জৰিমনাও বিহা হয়। 

উল্লেখ্য আশাৰামৰ কন্যাই  সময়মতে আদালতত উপস্থিত হোৱাত ব্যৰ্থ হৈছিল। ফলস্বৰূপে সত্ৰ ন্যায়াধীশ ডি.কে. চোনীয়ে শাস্তি ঘোষণা কৰিবলৈ মঙলবাৰে কিছু সময় অপেক্ষা কৰিব লগা হয়।

সত্ৰ ন্যায়াধীশ ডি কে চোনীয়ে সোমবাৰে আশাৰামক ধৰ্ষণৰ  অভিযোগত  দোষী সাব্যস্ত কৰিছিল। আদালতে প্ৰমাণৰ অভাৱত আশাৰামৰ পত্নীকে ধৰি ছয়জন লোকক নিৰ্দোষী সাব্যস্ত কৰে। আহমেদাবাদৰ চান্দখেৰা আৰক্ষী থানাত আশাৰামৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰা হৈছিল। এজাহাৰত উল্লেখ থকা অনুসৰি, আশাৰামে ২০০১ ৰ পৰা ২০০৬ চনৰ ভিতৰত এগৰাকী শিষ্যাক  একাধিকবাৰ ধৰ্ষণ কৰিছিল। ভুক্তভোগীগৰাকীয়ে  আহমেদাবাদ চহৰৰ উপকণ্ঠত থকা তেওঁৰ আশ্ৰমত বাস কৰিছিল। আশাৰামক ভাৰতীয় দণ্ডবিধিৰ ৩৭৬ ২(গ) (ধৰ্ষণ) আৰু ৩৭৭ (অপ্ৰাকৃতিক অপৰাধ) ধাৰাৰ অধীনত দোষী সাব্যস্ত কৰা হৈছে।

২০১৩ চনৰ অক্টোবৰ মাহত চুৰাটৰ এগৰাকী মহিলাই আশাৰাম আৰু আন সাতজনৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰিছিল। তেওঁ অভিযোগ কৰিছিল যে তেওঁক আশ্ৰমত বলপূৰ্বক আটক কৰি ৰখা  হৈছিল। আৰক্ষীয়ে ২০১৪ চনৰ জুলাইত অভিযোগনামা দাখিল কৰিছিল। বিচাৰৰ সময়তে এজন অভিযুক্তৰ মৃত্যু হৈছিল। এইবাৰ আদালতে আশাৰামক আজীৱন কাৰাদণ্ড প্ৰদান কৰে। বাকী ছয়জনক নিৰ্দোষী ঘোষণা  কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক