--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত শাস্তি ঘোষণা হ’ল। দুগৰাকীকৈ শিষ্যাক ধৰ্ষণ কৰাৰ গোচৰত আদালতে আজি ৮১ বছৰীয়া ধৰ্মগুৰু আশাৰাম বাপুক যাবজ্জীৱন  কাৰাদণ্ড বিহে। আশাৰাম এতিয়া  যোধপুৰৰ  কাৰাগাৰত বন্দী হৈ আছে। আজি কাৰাগাৰৰ পৰাই তেওঁ ভিডিঅ' কলৰ জৰিয়তে শুনানিত অংশগ্ৰহণ কৰে।   গোচৰটোৰ আন এগৰাকী  অভিযুক্ত আছিল আশাৰামৰ পত্নী। তেওঁ অসুস্থ হৈ পৰাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। 

উল্লেখ্য আশাৰামে  এগৰাকী শিষ্যাক ধৰ্ষণ কৰাৰ অপৰাধত ইতিমধ্যে যোধপুৰৰ কাৰাগাৰত আজীৱন কাৰাদণ্ড ভোগ কৰি আছে। ইয়াৰ মাজতে স্বঘোষিত গুৰু আশাৰাম বাপুক আজি আন এগৰাকী শিষ্যাক  বলাৎকাৰ কৰাৰ অপৰাধত পুনৰ  আজীৱন কাৰাদণ্ড বিহা হয়। ২০১৩ চনত নিজৰ আশ্মতে আশাৰামে দুই শিষ্যাক   ধৰ্ষণ কৰিছিল। উক্ত  গোচৰত গুজৰাটৰ গান্ধীনগৰৰ এখন সত্ৰ আদালতে তেওঁক দণ্ডিত কৰে। তেওঁক  ৫০,০০০ জৰিমনাও বিহা হয়। 

উল্লেখ্য আশাৰামৰ কন্যাই  সময়মতে আদালতত উপস্থিত হোৱাত ব্যৰ্থ হৈছিল। ফলস্বৰূপে সত্ৰ ন্যায়াধীশ ডি.কে. চোনীয়ে শাস্তি ঘোষণা কৰিবলৈ মঙলবাৰে কিছু সময় অপেক্ষা কৰিব লগা হয়।

সত্ৰ ন্যায়াধীশ ডি কে চোনীয়ে সোমবাৰে আশাৰামক ধৰ্ষণৰ  অভিযোগত  দোষী সাব্যস্ত কৰিছিল। আদালতে প্ৰমাণৰ অভাৱত আশাৰামৰ পত্নীকে ধৰি ছয়জন লোকক নিৰ্দোষী সাব্যস্ত কৰে। আহমেদাবাদৰ চান্দখেৰা আৰক্ষী থানাত আশাৰামৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰা হৈছিল। এজাহাৰত উল্লেখ থকা অনুসৰি, আশাৰামে ২০০১ ৰ পৰা ২০০৬ চনৰ ভিতৰত এগৰাকী শিষ্যাক  একাধিকবাৰ ধৰ্ষণ কৰিছিল। ভুক্তভোগীগৰাকীয়ে  আহমেদাবাদ চহৰৰ উপকণ্ঠত থকা তেওঁৰ আশ্ৰমত বাস কৰিছিল। আশাৰামক ভাৰতীয় দণ্ডবিধিৰ ৩৭৬ ২(গ) (ধৰ্ষণ) আৰু ৩৭৭ (অপ্ৰাকৃতিক অপৰাধ) ধাৰাৰ অধীনত দোষী সাব্যস্ত কৰা হৈছে।

২০১৩ চনৰ অক্টোবৰ মাহত চুৰাটৰ এগৰাকী মহিলাই আশাৰাম আৰু আন সাতজনৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰিছিল। তেওঁ অভিযোগ কৰিছিল যে তেওঁক আশ্ৰমত বলপূৰ্বক আটক কৰি ৰখা  হৈছিল। আৰক্ষীয়ে ২০১৪ চনৰ জুলাইত অভিযোগনামা দাখিল কৰিছিল। বিচাৰৰ সময়তে এজন অভিযুক্তৰ মৃত্যু হৈছিল। এইবাৰ আদালতে আশাৰামক আজীৱন কাৰাদণ্ড প্ৰদান কৰে। বাকী ছয়জনক নিৰ্দোষী ঘোষণা  কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু