--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আধুনিক ভাৰতীয় সমাজখন বহুতো ৰীতি-নীতি আৰু অদ্ভূত পৰম্পৰাৰ সমাহাৰ। কাৰণ গোটেই বছৰটোত বেশ্যাসকলক পৰিহাৰ কৰি হেয় প্ৰতিপন্ন কৰা হয়। কিন্তু নৱৰাত্ৰি বা দুৰ্গা পূজাৰ সময়ত তেওঁলোকক শ্ৰদ্ধাৰ চকুৰে চোৱা হয়। আৰু তেওঁলোকৰ চাহিদা বৃদ্ধি পায়, কিন্তু কিয়? বেশ্যাৰ ঘৰৰ বাহিৰৰ পৰা সংগ্ৰহ কৰা মাটি প্ৰতিমা নিৰ্মাণত ব্যৱহাৰ কৰা হয়। ‘পুণ্য মাটি’ নামেৰে খ্যাত এই মাটি নিষিদ্ধ পল্লী বা নিষিদ্ধ ভূখণ্ডৰ পৰা আহে। মূৰ্তি নিৰ্মাণ কৰি পূজা চলোৱা পুৰোহিতে এগৰাকী বেশ্যাৰ পৰা মাটি ভিক্ষা কৰে। কিন্তু কিয় ব্যৱহাৰ কৰা হয় বেশ্যাৰ ঘৰৰ মাটি?

 উল্লেখ্য যে ‘যুগ যুগ ধৰি এই পৰম্পৰা চলি আছে যদিও ইয়াৰ কোনো সুদুত্তৰ আজিপৰ্যন্ত নাই। কিন্তু ইতিহাস অনুসৰি প্ৰথমবাৰৰ বাবে নিৰ্মিত দুৰ্গা মূৰ্তিত এগৰাকী বেশ্যাৰ ঘৰৰ মাটিৰ পৰা তৈয়াৰ কৰা হৈছিল। আচৰিত কথাটো এয়ে যে এই পৰম্পৰাৰ উৎপত্তি কেনেকৈ হ’ল আৰু এই মাটি ব্যৱহাৰ কৰাৰ আঁৰৰ কাৰণ কি?

 ১. এই মাটি হৈছে ‘আটাইতকৈ বিশুদ্ধ’ মাটি-

লোকবিশ্বাস অনুসৰি যেতিয়া এজন লোকে বেশ্যাৰ ঘৰত প্ৰৱেশ কৰে তেতিয়া তেওঁ নিজৰ সত্যতা আৰু নিজৰ পৱিত্ৰতা হেৰুৱায় পেলায়। অৰ্থাৎ তেওঁৰ সকলো বিশুদ্ধতা আৰু পৱিত্ৰতা বেশ্যাগৰাকীৰ ঘৰৰ ঠিক বাহিৰতে এৰি থৈ যায়। সেয়েহে এই মাটি আটাইতকৈ বিশুদ্ধ বুলি গণ্য কৰা হয়। গতিকে এই মাটি মূৰ্তি নিৰ্মাণত ব্যৱহাৰ কৰা হয়।

 ২. এই মাটি নাৰী শক্তিৰ প্ৰতিক-

মহিষাসুৰ আৰু মাদুৰ্গাৰ মাজত হোৱা যুদ্ধৰ সময়ত মহিষাসুৰে মাদুৰ্গাক নিৰ্যাতন চলাবলৈ চেষ্টা কৰিছিল। কিন্তু দুৰ্গাই নিজৰ শক্তি আৰু ক্ৰোধেৰে বাধা দি অনায়াসে বিজয়ী হৈছিল। বেশ্যাৰ ঘৰৰ বাহিৰৰ পৰা মাটি ব্যৱহাৰ কৰাটো সমাজৰ দ্বাৰা নিপীড়িত আৰু অপমানিত হোৱা সেই মহিলাসকলক শ্ৰদ্ধা জনোৱা হয়। ইফালে পুৰোহিতে মাটিৰ বাবে ভিক্ষা কৰা কাৰণ হৈছে ঈশ্বৰৰ দৃষ্টিত সকলো সত্তা সমান বুলি প্ৰমাণ কৰাৰ এটা উপায়।

 ৩. সকলো শ্ৰেণীৰ লোকক অন্তৰ্ভুক্ত কৰা-

যিহেতু বেশ্যাসকলক সমাজত হেয় প্ৰতিপন্ন কৰে। সেয়েহে বেশ্যাৰ ঘৰৰ বাহিৰৰ পৰা অহা মাটি ব্যৱহাৰ কৰা হৈছে, যাতে এই প্ৰক্ৰিয়াৰ জৰিয়তে তেওঁলোকক সমাজৰ অংশ হিচাপে অন্তৰ্ভুক্ত কৰা।

 ৪. ৰক্ষিতাসকলক সন্মান জনোৱা-

মহিলাসকলক যৌনকৰ্মী হিচাপে ব্যৱহাৰ কৰি সমাজৰ পৰা আঁতৰাই ৰখাৰ বহু আগতেই তেওঁলোক আছিল ৰক্ষিতা। তেওঁলোকৰ শিল্পৰ বাবে সন্মান কৰা হৈছিল আৰু সেই শিল্পৰ জৰিয়তে তেওঁলোকে এচাম লোকক শুশ্ৰূষা কৰিছিল। তেওঁলোকৰ সেই কৰ্মক সন্মান জনাই উৎসৱৰ অংশ কৰা হৈছিল।

 ৫. বেশ্যাসকলক পাপৰ পৰা মুক্ত কৰা-

এই প্ৰক্ৰিয়াৰে বেশ্যাসকল ‘পাপ’ৰ পৰা মুক্ত হয় বুলি বিশ্বাস কৰা হয়। মূৰ্তি নিৰ্মাণত এই মাটি ব্যৱহাৰ কৰি তেওঁলোকক পৱিত্ৰ কামৰ অংশ কৰি লোৱা হয় বুলি কোৱা হয়। এই মাটি লোৱাৰ সময়ত পুৰোহিতে এটা মন্ত্ৰ জপ কৰে আৰু এই মন্ত্ৰই তেওঁলোকৰ ওপৰত থকা সকলো পাপ খণ্ডন কৰি তেওঁলোকক পাপমুক্ত কৰে বুলি বিশ্বাস কৰা হয়।






FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক