--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে। দুটাকৈ পৃথক দুৰ্ঘটনাত একেটা পৰিয়ালৰ চাৰিজন আৰু অন্য এজন লোককে ধৰি মুঠ ৫জন লোকৰ মৃত্যু হয়। তেলেংগানাৰ নলগণ্ডা জিলাত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা। 

ঘন কুঁৱলীৰ ফলতেই এই শোকাৱহ দুৰ্ঘটনা সংঘটিত হয়। জিলাখনৰ মাজেৰে যোৱা ১৮৬ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা দুটা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

আৰক্ষীৰ তথ্য অনুসৰি দেওবাৰে নিশা ভেম্পাহাডত হোৱা প্ৰথমটো দুৰ্ঘটনাত এজন পথচাৰীকে ধৰি দুজন লোক নিহত হয়।

নাগাৰাজু (২৮) নামৰ এজন যুৱকে বাইকেৰে গৈ থকা অৱস্থাত কুঁৱলীৰ বাবে একো মনিব নোৱাৰি খোজকাঢ়ি গৈ থকা কেশৱ ৰামাৱত(১৯)ক খুন্দা মাৰে।

এই দুৰ্ঘটনাত দুয়োৰে থিতাতে মৃত্যু হয়। ইফালে দুৰ্ঘটনাৰ বিষয়ে জানিব পাৰি কেশৱৰ পৰিয়ালে এখন বাহনত ঘটনাস্থলী অভিমুখে যাত্ৰা কৰে।

কিন্তু বাটতে যেন ৰৈ আছিল যমদূত। পাৰ্বতীপুৰমৰ সমীপত ঘন কুঁৱলীৱে আৱৰি থকাত তেওঁলোকৰ বাহনখনে এখন তেল টেংকাৰৰ সৈতে খুন্দা মাৰে।

এই দুৰ্ঘটনাত বাহনখনত যাত্ৰা কৰা ৭ জন লোকৰ ভিতৰত তিনিজনৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে আন চাৰিজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, মৃত্যু হোৱা তিনিজনক ক্ৰমে পাণ্ডু ৰামাৱত (৪০), গণ্যা ৰামাৱত (৪০) আৰু বুজ্জী ৰামাৱত(৩৮) বুলি চিনাক্ত কৰা হৈছে।

মৃত্যু হোৱা আটাইকেইজন লোক মল্লেৱনী কুন্তা থাণ্ডা নামৰ এখন গাঁৱৰ। তেওঁলোকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

এই ঘটনাত সমগ্ৰ অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক