--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউদৰ মডেল-অভিনেত্ৰী মালাইকা আৰোৰা এক দুৰ্ঘটনাত পতিত হৈছে। পথ দুৰ্ঘটনাটোত সামান্য পৰিমানে আঘাতপ্ৰাপ্ত হৈছে মালাইকা। তিনিখন গাড়ীৰ মাজত সংঘৰ্ষৰ ফলত তেওঁ আঘাতপ্ৰাপ্ত হৈছিল। ঘটনাটো শনিবাৰে নিশা মুম্বাইৰ খোপলি অঞ্চলত সংঘটিত হৈছিল।শনিবাৰে দুপৰীয়া মালাইকাই এটা ফেশ্বন অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈছিল। 

মালাইকাই তেওঁৰ ইনষ্টা ষ্টৰীত অনুষ্ঠানটোৰ ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰিছিল। দুৰ্ঘটনাৰ পাছত তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। খোপলি আৰক্ষী থানাৰ আৰক্ষী বিষয়া শিৰিষ পাৱাৰে সংবাদ মাধ্যমক জনায় যে মুম্বাই-পুনে এক্সপ্ৰেছ পথত দুৰ্ঘটনাটো সংঘটিত হোৱা সেই স্থান ইতিমধ্যে দুৰ্ঘটনাপ্ৰৱণ অঞ্চল আছিল। তিনিখন গাড়ীৰ মাজত সংঘৰ্ষ হৈছিল। আৰু মালাইকা আঘাতপ্ৰাপ্ত হৈছিল। 

এতিয়ালৈকে পোৱা বাতৰি অনুসৰি তেওঁৰ আঘাত খুব গুৰুতৰ নহয়। মালাইকাৰ ঘনিষ্ঠ বন্ধুসকলে জনোৱা অনুসৰি তেওঁৰ দেহৰ কিছু স্থানত চিলাই পৰিছে। মালাইকাৰ গাড়ীখন দুখন পৰ্যটকৰ ভানৰ মাজত পৰিছিল, সেইকাৰণে গাড়ীখন ক্ষতিগ্ৰস্ত হৈছিল। আৰক্ষীয়ে দুৰ্ঘটনাটোৰ কাৰণ অনুসন্ধান কৰি আছে। সাক্ষীসকলক ইতিমধ্যে সোধপোচ কৰিছে আৰক্ষীয়ে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ