--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ বিতৰ্কত লিপ্ত হৈছে বলীউড অভিনেত্ৰী পুনম পাণ্ডে। আৰু এইবাৰ বিতৰ্কৰ কাৰণ হৈছে নগ্নতা! পুনমক সামাজিক মাধ্যমত ইতিমধ্যে ট্ৰ'ল কৰা আৰম্ভ কৰিছে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে। পাছে এইবোৰক লৈ একেবাৰে চিন্তিত নহয়  পুনম পাণ্ডে। পুনমৰ বাবে এয়া অতি সাধাৰণ কথা।

উল্লেখ্য যে, কংগনা ৰাণাৱট আয়োজিত নতুন ৰিয়েলিটি শ্ব' ‘লকআপ’ ইতিমধ্যে শ্ৰোতা দৰ্শকৰ মাজত জনপ্ৰিয় হৈ পৰিছে। প্ৰতিদিনে এই অনুষ্ঠানটোত যিধৰণে বিতৰ্কৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে তাকে লৈ এতিয়া হতবাক অনুৰাগী। কংগনাৰ 'লকআপ’-এ এই জনপ্ৰিয়তা কিমান দিনলৈ বৰ্তাই ৰাখিব পাৰে সেয়া হৈ পৰিছে লক্ষ্যণীয় বিষয়।

কংগনাৰ 'লকআপ'ত এতিয়া আছে পুনম পাণ্ডে। চলিত সপ্তাহত পুনম আছে ডেঞ্জাৰ জ’নত। পুনমে অনুষ্ঠানটোত তিষ্টি থাকিবলৈ দৰ্শকৰ পৰা বিচাৰিছিল ভোট। তাৰ পৰিৱৰ্তে পুনমে ক'লে, 'মোক বচাওক, সকলোৱে। যদি আপোনালোকে মোক ভোট নিদিয়ে, মই টি-চাৰ্ট নিপিন্ধাকৈয়ে লাইভ আহিম আৰু আপোনাৰ সৈতে আড্ডাত বহিম! স্বাভাৱিকতে পুনমৰ এই মন্তব্যই আচৰিত কৰি তুলিছে দৰ্শকক।


দিনদিয়েক আগেয়ে পুনমে নিজৰ স্বামীৰ বিষয়ে মুখ খুলিছিল। পুনমে কৈছিল যে তেওঁ এতিয়া ছিংগল। সম্প্ৰতি কোনো সম্পৰ্কত জড়ি ত হোৱাৰ মন মেলা মেলা নাই পুনমে। নিসংগতাক আকোঁৱালি লোৱা পুনমে জীৱনটো এতিয়া অকলশৰে কটাবলৈ বিচাৰিছে। কাৰণ, বিবাহৰ ওপৰত পুনমৰ বিশ্বাস ক্ৰমাত্‍ নাইকিয়া হৈ পৰিছে। ইয়াৰ নেপথ্যত আছে পুনমৰ স্বামী ছেম। পুনমে কয়, ‘সংসাৰখনক লৈ অলেখ সপোন দেখিছিলো। মোৰ সকলো সপোন ভাগি গ’ল। ছেমে মোৰ ওপৰত বৰকৈ অত্যাচাৰ কৰিছিল। বৰ বেয়া সময়ৰ মাজেৰে দিন কটাইছো মই। এতিয়া মই শান্তিৰে জীয়াই থাকিব বিচাৰো। এইবোৰৰ পৰা মই বহু দূৰলৈ গুছি যাব বিচাৰো। পাহৰিব বিচাৰো কালিকা লগা অতীতক। নিজকে ভালকৈ ৰাখিব বিচাৰো।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ