--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ বিতৰ্কত লিপ্ত হৈছে বলীউড অভিনেত্ৰী পুনম পাণ্ডে। আৰু এইবাৰ বিতৰ্কৰ কাৰণ হৈছে নগ্নতা! পুনমক সামাজিক মাধ্যমত ইতিমধ্যে ট্ৰ'ল কৰা আৰম্ভ কৰিছে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে। পাছে এইবোৰক লৈ একেবাৰে চিন্তিত নহয়  পুনম পাণ্ডে। পুনমৰ বাবে এয়া অতি সাধাৰণ কথা।

উল্লেখ্য যে, কংগনা ৰাণাৱট আয়োজিত নতুন ৰিয়েলিটি শ্ব' ‘লকআপ’ ইতিমধ্যে শ্ৰোতা দৰ্শকৰ মাজত জনপ্ৰিয় হৈ পৰিছে। প্ৰতিদিনে এই অনুষ্ঠানটোত যিধৰণে বিতৰ্কৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে তাকে লৈ এতিয়া হতবাক অনুৰাগী। কংগনাৰ 'লকআপ’-এ এই জনপ্ৰিয়তা কিমান দিনলৈ বৰ্তাই ৰাখিব পাৰে সেয়া হৈ পৰিছে লক্ষ্যণীয় বিষয়।

কংগনাৰ 'লকআপ'ত এতিয়া আছে পুনম পাণ্ডে। চলিত সপ্তাহত পুনম আছে ডেঞ্জাৰ জ’নত। পুনমে অনুষ্ঠানটোত তিষ্টি থাকিবলৈ দৰ্শকৰ পৰা বিচাৰিছিল ভোট। তাৰ পৰিৱৰ্তে পুনমে ক'লে, 'মোক বচাওক, সকলোৱে। যদি আপোনালোকে মোক ভোট নিদিয়ে, মই টি-চাৰ্ট নিপিন্ধাকৈয়ে লাইভ আহিম আৰু আপোনাৰ সৈতে আড্ডাত বহিম! স্বাভাৱিকতে পুনমৰ এই মন্তব্যই আচৰিত কৰি তুলিছে দৰ্শকক।


দিনদিয়েক আগেয়ে পুনমে নিজৰ স্বামীৰ বিষয়ে মুখ খুলিছিল। পুনমে কৈছিল যে তেওঁ এতিয়া ছিংগল। সম্প্ৰতি কোনো সম্পৰ্কত জড়ি ত হোৱাৰ মন মেলা মেলা নাই পুনমে। নিসংগতাক আকোঁৱালি লোৱা পুনমে জীৱনটো এতিয়া অকলশৰে কটাবলৈ বিচাৰিছে। কাৰণ, বিবাহৰ ওপৰত পুনমৰ বিশ্বাস ক্ৰমাত্‍ নাইকিয়া হৈ পৰিছে। ইয়াৰ নেপথ্যত আছে পুনমৰ স্বামী ছেম। পুনমে কয়, ‘সংসাৰখনক লৈ অলেখ সপোন দেখিছিলো। মোৰ সকলো সপোন ভাগি গ’ল। ছেমে মোৰ ওপৰত বৰকৈ অত্যাচাৰ কৰিছিল। বৰ বেয়া সময়ৰ মাজেৰে দিন কটাইছো মই। এতিয়া মই শান্তিৰে জীয়াই থাকিব বিচাৰো। এইবোৰৰ পৰা মই বহু দূৰলৈ গুছি যাব বিচাৰো। পাহৰিব বিচাৰো কালিকা লগা অতীতক। নিজকে ভালকৈ ৰাখিব বিচাৰো।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু