--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় দলৰ সৈতে নিউয়ৰ্কলৈ উৰা মাৰিছিল টি-২০ বিশ্বকাপ খেলিবলৈ। কিন্তু ২০২২ চনৰ ডিচেম্বৰ মাহৰ সেই নিশা সংঘটিত হোৱা ভয়ানক গাড়ী দুৰ্ঘটনাৰ ভয়ৰ পৰা ঋষভ পণ্টে তেতিয়াও মুক্ত হ’ব পৰা নাছিল।

ভাৰতীয় উইকেটকীপাৰ বেটছমেনগৰাকীয়ে ৰাষ্ট্ৰীয় দলৰ একালৰ সতীৰ্থ শিখৰ ধাৱনৰ সৈতে হোৱা বাৰ্তালাপত এই কথা প্ৰকাশ কৰে- ‘‘সেই দুৰ্ঘটনাটোৱে মোৰ জীৱনটো ৰাতিটোৰ ভিতৰতে সলনি কৰি দিলে। ঘটনাটোৰ পিছত মই জীয়াই থাকিম নে নাই গম পোৱা নাছিলো। কিন্তু ঈশ্বৰে মোক ৰক্ষা কৰিলে।”

তাতে ৰৈ নোযোৱাকৈয়ে ঋষভেও ক'লে, "সেই দুৰ্ঘটনাৰ পিছত মোৰ এয়াৰপৰ্টলৈ যোৱাৰ সাহস নাছিল। মানুহে মোক হুইল চেয়াৰত বহি থকা দেখিব, সেইটো ভাবিয়ে মই নাৰ্ভাছ হৈ পৰিছিলো। একেৰাহে দুমাহ ধৰি দাঁত ব্ৰাছও কৰিব পৰা নাছিলো। আৰু যোৱা ছমাহ ধৰি মই অসহ্যকৰ শাৰীৰিক বিষৰ সৈতে যুঁজিবলগীয়া হৈছে।’’

 ঋষভে কয়, “সেই সময়ত আত্মবিশ্বাস আৰু মানসিক ধৈৰ্য্য বজাই ৰখাটোৱেই আছিল আটাইতকৈ গুৰুত্বপূৰ্ণ কাম। চাৰিওফালে হয়তো বহুত মানুহ থাকিব পাৰে, কিন্তু এজন ব্যক্তি হিচাপে নিজৰ কথা ভাবি সিদ্ধান্ত ল’ব লাগিব, যদি আপুনি যিকোনো নিৰ্দেশনা মানি চলে তেন্তে ই লাভজনক হ’ব। ইয়াৰ বাহিৰেও কোনো হেঁচাই মোক নতুনকৈ চিন্তা কৰিবলৈ বাধ্য কৰিব নোৱাৰিলে।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ