--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেটৰ উদীয়মান তাৰকা শুভমন গীল। ৰঙীন প্ৰেম জীৱনৰ বাবেও শুভমানে লাইমলাইটত থাকে। কেতিয়াবা ক্ৰিকেটাৰগৰাকীৰ নাম শচীন তেণ্ডুলকাৰৰ কন্যাৰ লগত, কেতিয়াবা বলীউডৰ নবাব চঈফৰ কন্যাৰ লগত জড়িত হৈ থাকে। কিন্তু সেই সকলোবোৰ এতিয়া অতীত। আন এগৰাকী নায়িকাৰ প্ৰেমত পৰিছে ক্ৰিকেট তাৰকাগৰাকী। কিন্তু কোন সেই নায়িকা?

নায়িকাগৰাকী হৈছে ৰশ্মিকা মণ্ডনা। লাজ লাজকৈ ৰশ্মিকাৰ কথা ক’লে শুভমনে। এটা শেহতীয়া সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰিছে ক্ৰিকেটাৰগৰাকীয়ে। তাৰপাছতে ভাইৰেল হৈ পৰিছে সাক্ষাৎকাৰৰ ভিডিঅ’ ক্লিপটো। উল্লাসিত হৈ পৰিছে ৰশ্মিকাৰ অনুৰাগীমহল। এই সম্পৰ্কত এতিয়ালৈকে অভিনেত্ৰীগৰাকীয়ে কোনো মন্তব্য আগবঢ়োৱা নাই।

উল্লেখ্য যে ২০১৬ চনত ‘কিৰিক পাৰ্টি’ ছবিৰ জৰিয়তে চিনেমা জগতত আত্মপ্ৰকাশ কৰিছিল ৰশ্মিকাই। ইয়াৰ পিছত তেওঁ ‘গীত গোবিন্দম’, ‘প্ৰিয় সতীৰ্থ’ আদি ছবিত অভিনয় কৰিছিল। ‘পুষ্পা: দ্য ৰাইজ’ ছবিখনে তেওঁক সৰ্বভাৰতীয় স্বীকৃতি কঢ়িয়াই আনিছিল।

ৰশ্মিকাই নিজৰ সৰলতা আৰু মধুৰতাৰ বাবে সমগ্ৰ দেশৰ ‘ক্ৰাছ’ খিতাপ অৰ্জন কৰিছিল। ইতিমধ্যে তেওঁ বলীউডত ভৰি দিয়াৰ পিছত দুখন ছবিত অভিনয় কৰিছে। ‘গুডবাই’ আৰু ‘মিছন মাজনু’ত কাম কৰাৰ পিছত সম্প্ৰতি সন্দীপ ৰেড্ডীৰ বাংলা ছবি ‘এনিমেল’ৰ শ্বুটিং কৰি আছে ৰশ্মিকাই। সেই ছবিখনত তেওঁক ৰণবীৰ কাপুৰৰ বিপৰীতে দেখা যাব।

অভিনেত্ৰীগৰাকীৰ প্ৰেম জীৱনো অন্তহীন। শুনা যায় যে দক্ষিণৰ তাৰকা বিজয় দেৱেৰাকোণ্ডাৰ প্ৰেমত পৰিছে ৰশ্মিকা। যদিও অভিনেত্ৰীগৰাকীয়ে কেতিয়াও সংবাদ মাধ্যমৰ সন্মুখত মুখ মেলা নাই।

আনহাতে, শুভমান গিলৰ নামটো দুগৰাকী সাৰাৰ সৈতে কেইবাবাৰো জড়িত হৈ পৰিছে। কেতিয়াবা ছাৰা আলী খানৰ লগত, কেতিয়াবা ছাৰা টেণ্ডুলকাৰৰ লগত জল্পনা-কল্পনাৰ সৃষ্টি হৈ আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন