--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহিলা প্ৰিমিয়াৰ লীগৰ প্ৰথম দিনটোতে চমকৰ সৃষ্টি হৈছে। মেচখনত হৰমনপ্ৰীত কৌৰৰ এটা ৰিভিউক লৈ চৰ্চা আৰম্ভ হৈছে। ক্ৰিকেটৰ নিয়মৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে। ল’ৰাৰ আই পি এলত এই নিয়ম নাই।

মহিলা প্ৰিমিয়াৰ লীগৰ প্ৰথমখন খেলত মুম্বাই ইণ্ডিয়ানছে গুজৰাট জায়েন্টছক বৃহৎ ব্যৱধানত পৰাস্ত কৰে। কিন্তু সেই সকলোবোৰ চেৰাই হৰমনপ্ৰীতে লোৱা এটা ৰিভিউ চৰ্চালৈ আহিছে।

গুজৰাটৰ ইনিংছৰ ত্ৰয়োদশ অভাৰত বলিং কৰি আছিল ছাইকা ইছহাকে। তেওঁৰ শেষৰ বলটো লেগ ষ্টাম্পৰ বাহিৰলৈ যায়। বেটাৰ মণিকা পেটেলে পুল শ্বট খেলাত ব্যৰ্থ হয়। আম্পায়াৰে ৱাইড বলৰ ইংগিত দিয়ে। সেই সিদ্ধান্তৰ বিৰোধিতা কৰিছিল মুম্বাইয়ে। ৰিভিউত দেখা যায় যে বলটোৱে গ্ল’ভছত খুন্দা মাৰিছে। গুজৰাটে ৱাইড বলৰ ৰান নাপালে।

মহিলাৰ আই পি এলত নতুন নিয়ম প্ৰৱৰ্তন কৰা হৈছে। আম্পায়াৰে দিয়া কোনো ৱাইড বা ন’ বলৰ সিদ্ধান্তও ৰিভিউ বিচাৰিব পাৰি। এইবাৰ প্ৰথমবাৰৰ বাবে মেচত এনে নিয়ম প্ৰৱৰ্তন কৰা হৈছে।

এই সন্দৰ্ভত ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে কয় যে, “যি কোনো ভুল সিদ্ধান্তই যাতে মেচৰ ফলাফল সলনি নকৰে তাৰ বাবে এই নিয়ম প্ৰৱৰ্তন কৰা হৈছে।” 

হৰমনপ্ৰীতৰ মুম্বাইয়ে প্ৰথমে বেটিং কৰি ২০৭ ৰান সংগ্ৰহ কৰে। অধিনায়কগৰাকীয়ে নিজেই ৬৫ ৰান সংগ্ৰহ কৰে। ইয়াৰ উত্তৰত গুজৰাটে ৬৪ ৰান সংগ্ৰহ কৰি অন্ত পেলায়। মুম্বাইৰ ছাইকাই অকলেই ৪ উইকেট দখল কৰে। নেট ছিভাৰ আৰু আমেলিয়া কেৰে দুটাকৈ উইকেট দখল কৰে। ইচি আঙে এটা উইকেট দখল কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক