--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহিলা প্ৰিমিয়াৰ লীগৰ প্ৰথম দিনটোতে চমকৰ সৃষ্টি হৈছে। মেচখনত হৰমনপ্ৰীত কৌৰৰ এটা ৰিভিউক লৈ চৰ্চা আৰম্ভ হৈছে। ক্ৰিকেটৰ নিয়মৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে। ল’ৰাৰ আই পি এলত এই নিয়ম নাই।

মহিলা প্ৰিমিয়াৰ লীগৰ প্ৰথমখন খেলত মুম্বাই ইণ্ডিয়ানছে গুজৰাট জায়েন্টছক বৃহৎ ব্যৱধানত পৰাস্ত কৰে। কিন্তু সেই সকলোবোৰ চেৰাই হৰমনপ্ৰীতে লোৱা এটা ৰিভিউ চৰ্চালৈ আহিছে।

গুজৰাটৰ ইনিংছৰ ত্ৰয়োদশ অভাৰত বলিং কৰি আছিল ছাইকা ইছহাকে। তেওঁৰ শেষৰ বলটো লেগ ষ্টাম্পৰ বাহিৰলৈ যায়। বেটাৰ মণিকা পেটেলে পুল শ্বট খেলাত ব্যৰ্থ হয়। আম্পায়াৰে ৱাইড বলৰ ইংগিত দিয়ে। সেই সিদ্ধান্তৰ বিৰোধিতা কৰিছিল মুম্বাইয়ে। ৰিভিউত দেখা যায় যে বলটোৱে গ্ল’ভছত খুন্দা মাৰিছে। গুজৰাটে ৱাইড বলৰ ৰান নাপালে।

মহিলাৰ আই পি এলত নতুন নিয়ম প্ৰৱৰ্তন কৰা হৈছে। আম্পায়াৰে দিয়া কোনো ৱাইড বা ন’ বলৰ সিদ্ধান্তও ৰিভিউ বিচাৰিব পাৰি। এইবাৰ প্ৰথমবাৰৰ বাবে মেচত এনে নিয়ম প্ৰৱৰ্তন কৰা হৈছে।

এই সন্দৰ্ভত ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে কয় যে, “যি কোনো ভুল সিদ্ধান্তই যাতে মেচৰ ফলাফল সলনি নকৰে তাৰ বাবে এই নিয়ম প্ৰৱৰ্তন কৰা হৈছে।” 

হৰমনপ্ৰীতৰ মুম্বাইয়ে প্ৰথমে বেটিং কৰি ২০৭ ৰান সংগ্ৰহ কৰে। অধিনায়কগৰাকীয়ে নিজেই ৬৫ ৰান সংগ্ৰহ কৰে। ইয়াৰ উত্তৰত গুজৰাটে ৬৪ ৰান সংগ্ৰহ কৰি অন্ত পেলায়। মুম্বাইৰ ছাইকাই অকলেই ৪ উইকেট দখল কৰে। নেট ছিভাৰ আৰু আমেলিয়া কেৰে দুটাকৈ উইকেট দখল কৰে। ইচি আঙে এটা উইকেট দখল কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন