--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নতুন দিল্লীৰ আফগান দূতাবাস দেওবাৰৰ পৰা বন্ধ হৈ পৰিছে। তালিবানে এই বিষয়ত শনিবাৰেই এটা বিবৃতি জাৰি কৰিছিল। কিন্তু এনে সিদ্ধান্ত কিয়? তালিবান শাসিত ইছলামিক ৰিপাব্লিক অৱ আফগানিস্তানে দাবী কৰিছে যে ইয়াৰ আঁৰত ভাৰতৰ অসহযোগিতাই প্ৰধান কাৰণ।  দূতাবাস বন্ধ কৰাকলৈ দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ অৱনতি ঘটিব পাৰে বুলি আশংকা কৰা হৈছে।

বিবৃতিটোত কোৱা হৈছে, "অতি দুখ  আৰু হতাশাৰ সৈতে আমি ঘোষণা কৰিছো যে নতুন দিল্লীৰ আফগান দূতাবাস বন্ধ কৰা হ'ব।" উল্লেখ্য  দিল্লীৰ দূতাবাসত আফগান কৰ্মচাৰী আৰু বিত্তীয় সহায়ৰ অভাৱ হৈছে। তালিবানৰ এই বিবৃতিৰ পিছতে  পাঁচজন আফগান কূটনীতিবিদে ভাৰত ত্যাগ কৰিছে।

তালিবানে দুবছৰ আগতে আফগানিস্তান দখল কৰিছিল। তেতিয়াৰে পৰা তালিবানকলৈ  ভাৰতৰ উদ্বেগ বৃদ্ধি পাইছিল। ৯/১১ ৰ পিছৰ সময়ছোৱাত আফগানিস্তানৰ সৈতে ভাৰতৰ কূটনৈতিক সম্পৰ্ক পুনৰ শক্তিশালী হৈছিল। তেতিয়াৰে  পৰা ভাৰতে আফগানিস্তানত   বিনিয়োগো কৰিছে। 

ঘাইপথৰ পৰা আফগান সংসদ, বিদ্যালয়, চিকিৎসালয়লৈকে সকলোতে ভাৰতে বিনিয়োগ কৰিছিল যদিও  তালিবানৰ পৰা অহা তীব্ৰ ভাবুকিৰ পিছত ভাৰত-আফগান সম্পৰ্ক তিক্ত হৈ পৰে।  এতিয়া ভাৰতত থকা আফগান দূতাবাস বন্ধ হোৱাৰ পিছত তালিবানৰ সৈতে যে ভাৰতৰ সম্পৰ্ক অধিক বেয়া হৈছে তাকেই প্ৰতীয়মান কৰিছে।  


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু