--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নতুন দিল্লীৰ আফগান দূতাবাস দেওবাৰৰ পৰা বন্ধ হৈ পৰিছে। তালিবানে এই বিষয়ত শনিবাৰেই এটা বিবৃতি জাৰি কৰিছিল। কিন্তু এনে সিদ্ধান্ত কিয়? তালিবান শাসিত ইছলামিক ৰিপাব্লিক অৱ আফগানিস্তানে দাবী কৰিছে যে ইয়াৰ আঁৰত ভাৰতৰ অসহযোগিতাই প্ৰধান কাৰণ।  দূতাবাস বন্ধ কৰাকলৈ দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ অৱনতি ঘটিব পাৰে বুলি আশংকা কৰা হৈছে।

বিবৃতিটোত কোৱা হৈছে, "অতি দুখ  আৰু হতাশাৰ সৈতে আমি ঘোষণা কৰিছো যে নতুন দিল্লীৰ আফগান দূতাবাস বন্ধ কৰা হ'ব।" উল্লেখ্য  দিল্লীৰ দূতাবাসত আফগান কৰ্মচাৰী আৰু বিত্তীয় সহায়ৰ অভাৱ হৈছে। তালিবানৰ এই বিবৃতিৰ পিছতে  পাঁচজন আফগান কূটনীতিবিদে ভাৰত ত্যাগ কৰিছে।

তালিবানে দুবছৰ আগতে আফগানিস্তান দখল কৰিছিল। তেতিয়াৰে পৰা তালিবানকলৈ  ভাৰতৰ উদ্বেগ বৃদ্ধি পাইছিল। ৯/১১ ৰ পিছৰ সময়ছোৱাত আফগানিস্তানৰ সৈতে ভাৰতৰ কূটনৈতিক সম্পৰ্ক পুনৰ শক্তিশালী হৈছিল। তেতিয়াৰে  পৰা ভাৰতে আফগানিস্তানত   বিনিয়োগো কৰিছে। 

ঘাইপথৰ পৰা আফগান সংসদ, বিদ্যালয়, চিকিৎসালয়লৈকে সকলোতে ভাৰতে বিনিয়োগ কৰিছিল যদিও  তালিবানৰ পৰা অহা তীব্ৰ ভাবুকিৰ পিছত ভাৰত-আফগান সম্পৰ্ক তিক্ত হৈ পৰে।  এতিয়া ভাৰতত থকা আফগান দূতাবাস বন্ধ হোৱাৰ পিছত তালিবানৰ সৈতে যে ভাৰতৰ সম্পৰ্ক অধিক বেয়া হৈছে তাকেই প্ৰতীয়মান কৰিছে।  


FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক