--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মোবাইল ফোন ব্যৱহাৰ কৰোতে আমি বহু কেইটা বিষয়ত অধিক সতৰ্ক হ’ব লাগে। কাৰণ এতিয়া দেশৰ তথ্য-প্ৰযুক্তি আইন খন বহু কঠোৰ হৈছে। মোবাইল ফোনৰ অপব্যৱহাৰৰ ফলত নানান বিপৰ্যয়ো ঘটাৰ উদাহৰণ দেখিবলৈ পোৱা যায়। সেয়ে ইয়াৰ ব্যৱহাৰত  সাৱধানতা অৱলম্বন কৰাটো নিতান্তই প্ৰয়োজনীয় কথা। 

বহু লোকে  মোবাইল ফোনটো ব্যৱহাৰ কৰোঁতে বহু লোকে প্ৰায়ে তিনিটা ভুল কৰে। সেই ৩ টা গুৰুত্বপূৰ্ণ কথাই ক'বলৈ গৈছো।

যি কথা কেইটা আপুনি সদায় মনত ৰাখিলে কোনো দিনেই মোবাইল ফোনৰ ব্যৱহাৰে আপোনাৰ ক্ষতি কৰিব নোৱাৰিব।
 
এই ৩ টা ভুল কৰা পৰিহাৰ কৰকঃ

যদি আমি স্মাৰ্টফোনত কিবা বিচাৰিব লগা হয়, আমি গুগলৰ আশ্ৰয় লওঁ আৰু যদি আমি কিবা শ্বেয়াৰ কৰিব বিচাৰো, তেন্তে ছ'চিয়েল মিডিয়াৰ সহায়ত সেয়া কৰো। যদি আপুনি দুয়োটা প্লেটফৰ্ম সঠিকভাৱে ব্যৱহাৰ কৰে, তেন্তে সেয়া ভাল কথা, যদি আপুনি এই দুয়োটা প্লেটফৰ্মৰ অপব্যৱহাৰ কৰি ধৰা পৰে, তেন্তে হয়তো কাৰাগাৰলৈও যাবলগীয়া হ'ব পাৰে।  ম'বাইল ফোনটো ব্যৱহাৰ কৰোঁতে আপুনি এনেবোৰ কাম কেতিয়াও নকৰিব- 

১)অনুমতি নোলোৱাকৈ ছ'চিয়েল মিডিয়াত যিকোনো লোকৰে ব্যক্তিগত ছবি বা ভিডিঅ' শ্বেয়াৰ কৰাটো অপৰাধ হ'ব পাৰে। যদি আপুনি এনে কৰে, তেন্তে আহুকালৰ সন্মুখীন হ'ব পাৰে।কিয়নো ই এক অপৰাধ।

২)কৌতূহল থাকিলেও আপুনি আপোনাৰ স্মাৰ্টফোনত অস্ত্ৰ বা বোমা আদি  বনোৱাৰ সৈতে সম্পৰ্কিত একো বিষয় বিচাৰিব নালাগে। যদি আপুনি এনে কোনো কাম কৰি ধৰা পৰে, আপুনি কাৰাগাৰলৈ যাব লাগিব পাৰে।কাৰণ বিভিন্ন সংস্থাই অনবৰতে চাইবাৰ জগত খনত চকু ৰাখি আছে। আপুনি কৌতূহলবশতঃ কৰা কামটোক তেন্তে সুৰক্ষা সংস্থাসমূহে সহজভাবে নল'বও পাৰে। ইয়াৰ অৰ্থ হৈছে পোনে পোনে কাৰাগাৰ।

৩) আপুনি কাৰোৱাৰ জাতি বা ধৰ্মীয় অনুভূতিত আঘাত  কৰিব পৰা, সন্ত্ৰাসবাদীক সমৰ্থন কৰা আদি একো বিষয় বা পোষ্ট শ্বেয়াৰ নকৰিব বা নিজেও নিদিব। এনে কৰিলে আপুনি হিংসা বিয়পোৱাৰ অপৰাধৰ বাবে যাব লাগিব পাৰে।দেশত শেহতীয়াকৈ তেনে ঘটনা বহু ঘটিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক