--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মোবাইল ফোন ব্যৱহাৰ কৰোতে আমি বহু কেইটা বিষয়ত অধিক সতৰ্ক হ’ব লাগে। কাৰণ এতিয়া দেশৰ তথ্য-প্ৰযুক্তি আইন খন বহু কঠোৰ হৈছে। মোবাইল ফোনৰ অপব্যৱহাৰৰ ফলত নানান বিপৰ্যয়ো ঘটাৰ উদাহৰণ দেখিবলৈ পোৱা যায়। সেয়ে ইয়াৰ ব্যৱহাৰত  সাৱধানতা অৱলম্বন কৰাটো নিতান্তই প্ৰয়োজনীয় কথা। 

বহু লোকে  মোবাইল ফোনটো ব্যৱহাৰ কৰোঁতে বহু লোকে প্ৰায়ে তিনিটা ভুল কৰে। সেই ৩ টা গুৰুত্বপূৰ্ণ কথাই ক'বলৈ গৈছো।

যি কথা কেইটা আপুনি সদায় মনত ৰাখিলে কোনো দিনেই মোবাইল ফোনৰ ব্যৱহাৰে আপোনাৰ ক্ষতি কৰিব নোৱাৰিব।
 
এই ৩ টা ভুল কৰা পৰিহাৰ কৰকঃ

যদি আমি স্মাৰ্টফোনত কিবা বিচাৰিব লগা হয়, আমি গুগলৰ আশ্ৰয় লওঁ আৰু যদি আমি কিবা শ্বেয়াৰ কৰিব বিচাৰো, তেন্তে ছ'চিয়েল মিডিয়াৰ সহায়ত সেয়া কৰো। যদি আপুনি দুয়োটা প্লেটফৰ্ম সঠিকভাৱে ব্যৱহাৰ কৰে, তেন্তে সেয়া ভাল কথা, যদি আপুনি এই দুয়োটা প্লেটফৰ্মৰ অপব্যৱহাৰ কৰি ধৰা পৰে, তেন্তে হয়তো কাৰাগাৰলৈও যাবলগীয়া হ'ব পাৰে।  ম'বাইল ফোনটো ব্যৱহাৰ কৰোঁতে আপুনি এনেবোৰ কাম কেতিয়াও নকৰিব- 

১)অনুমতি নোলোৱাকৈ ছ'চিয়েল মিডিয়াত যিকোনো লোকৰে ব্যক্তিগত ছবি বা ভিডিঅ' শ্বেয়াৰ কৰাটো অপৰাধ হ'ব পাৰে। যদি আপুনি এনে কৰে, তেন্তে আহুকালৰ সন্মুখীন হ'ব পাৰে।কিয়নো ই এক অপৰাধ।

২)কৌতূহল থাকিলেও আপুনি আপোনাৰ স্মাৰ্টফোনত অস্ত্ৰ বা বোমা আদি  বনোৱাৰ সৈতে সম্পৰ্কিত একো বিষয় বিচাৰিব নালাগে। যদি আপুনি এনে কোনো কাম কৰি ধৰা পৰে, আপুনি কাৰাগাৰলৈ যাব লাগিব পাৰে।কাৰণ বিভিন্ন সংস্থাই অনবৰতে চাইবাৰ জগত খনত চকু ৰাখি আছে। আপুনি কৌতূহলবশতঃ কৰা কামটোক তেন্তে সুৰক্ষা সংস্থাসমূহে সহজভাবে নল'বও পাৰে। ইয়াৰ অৰ্থ হৈছে পোনে পোনে কাৰাগাৰ।

৩) আপুনি কাৰোৱাৰ জাতি বা ধৰ্মীয় অনুভূতিত আঘাত  কৰিব পৰা, সন্ত্ৰাসবাদীক সমৰ্থন কৰা আদি একো বিষয় বা পোষ্ট শ্বেয়াৰ নকৰিব বা নিজেও নিদিব। এনে কৰিলে আপুনি হিংসা বিয়পোৱাৰ অপৰাধৰ বাবে যাব লাগিব পাৰে।দেশত শেহতীয়াকৈ তেনে ঘটনা বহু ঘটিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক