--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিহাৰত চুৰি হৈছে এটা ৰেল লাইন। এটা চুগাৰ মিলৰ পৰা মূল ৰেলপথৰ সৈতে সংযোগী এটা ৰেল লাইন চুৰি হৈছে! কিন্তু কেতিয়া চুৰি হ’ল সেয়া কৰ্তৃপক্ষই জানিব পৰা নাই।। এই ঘটনাত ৰে’ল সুৰক্ষা বাহিনীয়ে এফআইআৰ দাখিল কৰিছে। আৰ পি এফৰ দুজন জোৱানকো নিলম্বন কৰা হৈছে।

ৰেলৱেৰ সূত্ৰ অনুসৰি, প্ৰায় ২ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰেল লাইনটোৱে বিহাৰৰ সমষ্টিপুৰ জিলাৰ পণ্ডাউল ষ্টেচনৰ সৈতে লোহাট চেনি কলটো সংযোগ কৰিছে। সেই লাইনটোৱে চুৰি হৈছে। কেইবছৰমানৰ আগতে চেনি কলটো বন্ধ কৰি দিয়া হৈছিল বাবে ৰেল লাইনটোত মালবাহী যাতায়ত বন্ধ হৈ পৰিছিল। ইয়াৰ পিছতে ৰে’লপথটো চুৰি হোৱা বুলি ৰে’ল কৰ্তৃপক্ষই বিশ্বাস কৰে।

এই ঘটনা পোহৰলৈ অহাৰ পাছতহে সমষ্টিপুৰৰ ডি আৰ এম য়ে তদন্তৰ নিৰ্দেশ দিয়ে। তদন্তকাৰী দলো গঠন কৰা হৈছে। কৰ্তৃপক্ষই অনুমান কৰিছে যে আৰ পি এফৰ সমৰ্থন অবিহনে এই কাম কাৰ্যতঃ অসম্ভৱ হ’ব। চুৰিৰ লগত জড়িত থকাৰ অভিযোগত ২ আৰ পি এফ জোৱানকো নিলম্বন কৰা হৈছে।

উল্লেখ্য যে বিহাৰত পূর্বেও বিহাৰত চুৰি আৰু পেলনীয়া ৰে’লৰ অংশ বিক্ৰীৰ ঘটনা সংঘটিত হৈছে৷ কিন্তু ৰেলৱেৰ সূত্ৰই দাবী কৰিছে যে ২ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰেলপথ চুৰিৰ এইটোৱেই প্ৰথম ঘটনা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক