--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিহাৰত চুৰি হৈছে এটা ৰেল লাইন। এটা চুগাৰ মিলৰ পৰা মূল ৰেলপথৰ সৈতে সংযোগী এটা ৰেল লাইন চুৰি হৈছে! কিন্তু কেতিয়া চুৰি হ’ল সেয়া কৰ্তৃপক্ষই জানিব পৰা নাই।। এই ঘটনাত ৰে’ল সুৰক্ষা বাহিনীয়ে এফআইআৰ দাখিল কৰিছে। আৰ পি এফৰ দুজন জোৱানকো নিলম্বন কৰা হৈছে।

ৰেলৱেৰ সূত্ৰ অনুসৰি, প্ৰায় ২ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰেল লাইনটোৱে বিহাৰৰ সমষ্টিপুৰ জিলাৰ পণ্ডাউল ষ্টেচনৰ সৈতে লোহাট চেনি কলটো সংযোগ কৰিছে। সেই লাইনটোৱে চুৰি হৈছে। কেইবছৰমানৰ আগতে চেনি কলটো বন্ধ কৰি দিয়া হৈছিল বাবে ৰেল লাইনটোত মালবাহী যাতায়ত বন্ধ হৈ পৰিছিল। ইয়াৰ পিছতে ৰে’লপথটো চুৰি হোৱা বুলি ৰে’ল কৰ্তৃপক্ষই বিশ্বাস কৰে।

এই ঘটনা পোহৰলৈ অহাৰ পাছতহে সমষ্টিপুৰৰ ডি আৰ এম য়ে তদন্তৰ নিৰ্দেশ দিয়ে। তদন্তকাৰী দলো গঠন কৰা হৈছে। কৰ্তৃপক্ষই অনুমান কৰিছে যে আৰ পি এফৰ সমৰ্থন অবিহনে এই কাম কাৰ্যতঃ অসম্ভৱ হ’ব। চুৰিৰ লগত জড়িত থকাৰ অভিযোগত ২ আৰ পি এফ জোৱানকো নিলম্বন কৰা হৈছে।

উল্লেখ্য যে বিহাৰত পূর্বেও বিহাৰত চুৰি আৰু পেলনীয়া ৰে’লৰ অংশ বিক্ৰীৰ ঘটনা সংঘটিত হৈছে৷ কিন্তু ৰেলৱেৰ সূত্ৰই দাবী কৰিছে যে ২ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰেলপথ চুৰিৰ এইটোৱেই প্ৰথম ঘটনা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু