--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ শিক্ষাৰ্থীসকলৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আয়োজন কৰা শিক্ষা বিষয়ক অনুষ্ঠান  ‘পৰীক্ষা পে চৰ্চা’ৰ নামত চৰকাৰে কোটি কোটি টকা খৰচ কৰিছে৷ অনুষ্ঠানটোৱে দেশৰ ছাত্ৰ-ছাত্ৰীৰ কিমান উপকাৰ সাধিছে সেয়া অন্য এক বিষয় যদিও চৰকাৰে এনে অনুষ্ঠান পৰিচালনা কৰাৰ বাবে খৰচ কৰাত মুঠেও কাৰ্পন্য কৰা নাই৷ 

মোদীৰ ‘পৰীক্ষা পে চৰ্চা’ৰ প্রথম পাঁচটা সংস্কৰণত চৰকাৰে ২৮ কোটি টকা ব্যয় কৰিছে ।দেশৰ  শিক্ষা মন্ত্রণালয়ে সংসদত দাখিল কৰা তথ্যত এই কথা পোহৰলৈ আহিছে। এই অনুষ্ঠানৰ  ষষ্ঠ সংস্কৰণ যোৱা ২৭ জানুৱাৰীত দিল্লীৰ তালকোটৰা ষ্টেডিয়ামত আয়োজন কৰা হৈছিল।

 কেন্দ্ৰীয় শিক্ষা ৰাজ্যমন্ত্ৰী অন্নপূর্ণা দেৱীয়ে লোকসভাত এটা লিখিত প্রশ্নৰ উত্তৰত প্ৰকাশ কৰে যে ২০১৮ চনত পৰীক্ষা পে চর্চা কার্যক্রমত ৩:৬৭ কোটি টকা ব্যয় হৈছিল। ২০১৯ চনত এই কাৰ্যক্ৰমৰ বাবে ৪.৯৩ কোটি, ২০২০ চনত ৫.৬৯ কোটি, ২০২১ চনত ৬ কোটি আৰু ২০২২ চনত ৮.৬১ কোটি টকা ব্যয় হয়। মন্ত্ৰীগৰাকীয়ে অৱশ্যে চলিত বৰ্ষত পৰীক্ষা পে চৰ্চাৰ নামত কিমান টকা ব্যয় হৈছে, সেই বিষয়ত কোনো তথ্য প্ৰকাশ নকৰিলে। উল্লেখ্য দেশৰ শিক্ষাৰ্থীসকলক নানান বিষয়ত উপদেশ দিয়াৰ বাবে  ২০১৮ চনৰ ১৬ ফেব্ৰুৱাৰীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমে আৰম্ভ কৰিছিল  পৰীক্ষা পে চৰ্চাৰ শীৰ্ষক অনুষ্ঠানটি৷ 







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু