--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ শিক্ষাৰ্থীসকলৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আয়োজন কৰা শিক্ষা বিষয়ক অনুষ্ঠান  ‘পৰীক্ষা পে চৰ্চা’ৰ নামত চৰকাৰে কোটি কোটি টকা খৰচ কৰিছে৷ অনুষ্ঠানটোৱে দেশৰ ছাত্ৰ-ছাত্ৰীৰ কিমান উপকাৰ সাধিছে সেয়া অন্য এক বিষয় যদিও চৰকাৰে এনে অনুষ্ঠান পৰিচালনা কৰাৰ বাবে খৰচ কৰাত মুঠেও কাৰ্পন্য কৰা নাই৷ 

মোদীৰ ‘পৰীক্ষা পে চৰ্চা’ৰ প্রথম পাঁচটা সংস্কৰণত চৰকাৰে ২৮ কোটি টকা ব্যয় কৰিছে ।দেশৰ  শিক্ষা মন্ত্রণালয়ে সংসদত দাখিল কৰা তথ্যত এই কথা পোহৰলৈ আহিছে। এই অনুষ্ঠানৰ  ষষ্ঠ সংস্কৰণ যোৱা ২৭ জানুৱাৰীত দিল্লীৰ তালকোটৰা ষ্টেডিয়ামত আয়োজন কৰা হৈছিল।

 কেন্দ্ৰীয় শিক্ষা ৰাজ্যমন্ত্ৰী অন্নপূর্ণা দেৱীয়ে লোকসভাত এটা লিখিত প্রশ্নৰ উত্তৰত প্ৰকাশ কৰে যে ২০১৮ চনত পৰীক্ষা পে চর্চা কার্যক্রমত ৩:৬৭ কোটি টকা ব্যয় হৈছিল। ২০১৯ চনত এই কাৰ্যক্ৰমৰ বাবে ৪.৯৩ কোটি, ২০২০ চনত ৫.৬৯ কোটি, ২০২১ চনত ৬ কোটি আৰু ২০২২ চনত ৮.৬১ কোটি টকা ব্যয় হয়। মন্ত্ৰীগৰাকীয়ে অৱশ্যে চলিত বৰ্ষত পৰীক্ষা পে চৰ্চাৰ নামত কিমান টকা ব্যয় হৈছে, সেই বিষয়ত কোনো তথ্য প্ৰকাশ নকৰিলে। উল্লেখ্য দেশৰ শিক্ষাৰ্থীসকলক নানান বিষয়ত উপদেশ দিয়াৰ বাবে  ২০১৮ চনৰ ১৬ ফেব্ৰুৱাৰীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমে আৰম্ভ কৰিছিল  পৰীক্ষা পে চৰ্চাৰ শীৰ্ষক অনুষ্ঠানটি৷ 







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক