--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ দেশতে গৌতম আদানীৰ জালিয়াতিক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিত্তীয় গৱেষণা সংস্থা হিণ্ডেনবাৰ্গৰ প্ৰতিবেদন প্ৰকাশৰ পিছৰে পৰা আদানী গ্ৰুপৰ শ্বেয়াৰ বজাৰলৈ নামি আহিল সংকট। শ্বেয়াৰ মূল্য হ্ৰাস হৈ আছে আদানী গ্ৰুপৰ। যাৰ প্ৰভাৱ গ্ৰুপটোৰ সৰ্বমুঠ মূলধনৰ ওপৰত পোনপটীয়াকৈ পৰা পৰিলক্ষিত হৈছে। শেহতীয়া পৰিসংখ্যা অনুসৰি, গৌতম আদানী বৰ্তমান বিশ্বৰ ২০ জন শীৰ্ষ ধনাঢ্য ব্যক্তিৰ তালিকাৰ পৰা বাদ পৰিল।

এই বিষয়টোক লৈ কংগ্ৰেছে সমগ্ৰ দেশতে প্ৰতিবাদ সাৱ্যস্ত কৰাৰ পৰিকল্পনা কৰিছে। সোমবাৰে কংগ্ৰেছৰ কৰ্মী-সমৰ্থকসকলে জীৱন বীমা নিগম (এলআইচি) আৰু ভাৰতীয় ষ্টেট বেংকৰ শাখাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। সংসদৰ চৌহদৰ ভিতৰত থকা গান্ধী প্ৰতিমূৰ্তিৰ সমীপতো প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ দলৰ সাংসদসকলে।

এই বিষয়টোক লৈ কংগ্ৰেছ দলে প্ৰতিদিনে তিনিটাকৈ প্ৰশ্নৰ ধাৰাবাহিকতা আৰম্ভ কৰিছে। এই প্ৰশ্ন শিতানৰ নাম ৰখা হৈছে- 'হাম আদানী কে হে কৌন'?' কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে টুইটযোগে এই তথ্য প্ৰদান কৰে। জয়ৰাম ৰমেশে নিজৰ টুইটত লিখিছে, "আদানীৰ মহা কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীৰ মৌনতাই আমাক 'হাম আদানী কে হে কৌন' ধাৰাবাহিক প্ৰশ্ন শিতান আৰম্ভ কৰিবলৈ বাধ্য কৰাইছে। আজিৰ পৰা আমি দৈনিক প্ৰধানমন্ত্ৰীক তিনিটা প্ৰশ্ন সুধিম।" এতিয়ালৈকে তেওঁ দুটা প্ৰশ্ন উত্থাপন কৰে। ইয়াত তেওঁ গৌতম আদানীৰ ভাতৃ বিনোদ আদানীৰ সৈতে জড়িত প্ৰথম প্ৰশ্নটো সুধিছিল। দ্বিতীয় প্ৰশ্নত তেওঁ প্ৰশ্ন কৰে যে ইডি, চিবিআই আৰু আয়কৰৰ দ্বাৰা গৌতম আদানীৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে?

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু