--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ দেশতে গৌতম আদানীৰ জালিয়াতিক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিত্তীয় গৱেষণা সংস্থা হিণ্ডেনবাৰ্গৰ প্ৰতিবেদন প্ৰকাশৰ পিছৰে পৰা আদানী গ্ৰুপৰ শ্বেয়াৰ বজাৰলৈ নামি আহিল সংকট। শ্বেয়াৰ মূল্য হ্ৰাস হৈ আছে আদানী গ্ৰুপৰ। যাৰ প্ৰভাৱ গ্ৰুপটোৰ সৰ্বমুঠ মূলধনৰ ওপৰত পোনপটীয়াকৈ পৰা পৰিলক্ষিত হৈছে। শেহতীয়া পৰিসংখ্যা অনুসৰি, গৌতম আদানী বৰ্তমান বিশ্বৰ ২০ জন শীৰ্ষ ধনাঢ্য ব্যক্তিৰ তালিকাৰ পৰা বাদ পৰিল।

এই বিষয়টোক লৈ কংগ্ৰেছে সমগ্ৰ দেশতে প্ৰতিবাদ সাৱ্যস্ত কৰাৰ পৰিকল্পনা কৰিছে। সোমবাৰে কংগ্ৰেছৰ কৰ্মী-সমৰ্থকসকলে জীৱন বীমা নিগম (এলআইচি) আৰু ভাৰতীয় ষ্টেট বেংকৰ শাখাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। সংসদৰ চৌহদৰ ভিতৰত থকা গান্ধী প্ৰতিমূৰ্তিৰ সমীপতো প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ দলৰ সাংসদসকলে।

এই বিষয়টোক লৈ কংগ্ৰেছ দলে প্ৰতিদিনে তিনিটাকৈ প্ৰশ্নৰ ধাৰাবাহিকতা আৰম্ভ কৰিছে। এই প্ৰশ্ন শিতানৰ নাম ৰখা হৈছে- 'হাম আদানী কে হে কৌন'?' কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে টুইটযোগে এই তথ্য প্ৰদান কৰে। জয়ৰাম ৰমেশে নিজৰ টুইটত লিখিছে, "আদানীৰ মহা কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীৰ মৌনতাই আমাক 'হাম আদানী কে হে কৌন' ধাৰাবাহিক প্ৰশ্ন শিতান আৰম্ভ কৰিবলৈ বাধ্য কৰাইছে। আজিৰ পৰা আমি দৈনিক প্ৰধানমন্ত্ৰীক তিনিটা প্ৰশ্ন সুধিম।" এতিয়ালৈকে তেওঁ দুটা প্ৰশ্ন উত্থাপন কৰে। ইয়াত তেওঁ গৌতম আদানীৰ ভাতৃ বিনোদ আদানীৰ সৈতে জড়িত প্ৰথম প্ৰশ্নটো সুধিছিল। দ্বিতীয় প্ৰশ্নত তেওঁ প্ৰশ্ন কৰে যে ইডি, চিবিআই আৰু আয়কৰৰ দ্বাৰা গৌতম আদানীৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে?

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক