--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুই নম্বৰী উপায়েৰে দেশৰ অন্যতম ধনী ব্যক্তি গৌতম আদানিয়ে তেওঁৰ কোম্পানীৰ শ্বেয়াৰৰ মূল্য দ্বাৰা বৃদ্ধি কৰিছে! আমেৰিকাৰ বিনিয়োগ গৱেষণা সংস্থা হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ প্ৰতিবেদনে এই দাবী কৰিছে। তাৰপাছতে হুলস্থূলৰ সৃষ্টি হৈছে। আদানি গোটৰ কোম্পানীবোৰৰ শ্বেয়াৰ ৰাতিটোৰ ভিতৰতে হ্ৰাস পাইছে। চেঞ্চেক্সো তললৈ নামিছে।

দেশৰ অন্যতম আগশাৰীৰ উদ্যোগপতি গৌতম আদানীয়ে বিশ্বত চহকী লোকসকলৰ তালিকাৰ তললৈ নামি আহিছে। ধনী ব্যক্তিৰ তালিকাত চতুৰ্থৰ পৰা সপ্তম স্থানলৈ নামিছে আদানী। কিন্তু এই আকস্মিক পতন কিয়? আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংস্থাৰ প্ৰতিবেদনত প্ৰকৃততে কি কোৱা হৈছে?

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোম্পানীটোৱে দাবী কৰিছে যে আদানি গ্ৰুপে জালিয়াতি কৰি ইয়াৰ কোম্পানীবোৰৰ শ্বেয়াৰৰ মূল্য বৃদ্ধি কৰিছে। প্ৰতিবেদনত দাবী কৰা হৈছে যে তেওঁলোকে দুবছৰ ধৰি বিষয়টো অনুসন্ধান কৰাৰ পিছত এই তথ্য জানিব পাৰিছে।

হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ এক প্ৰতিবেদন অনুসৰি, আদানি গোটে যোৱা এক দশকত ইয়াৰ কোম্পানীবোৰৰ শ্বেয়াৰৰ মূল্য কৃত্ৰিমভাৱে বৃদ্ধি কৰিছে। 

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোম্পানীৰ প্ৰতিবেদনত আদানি গোটৰ ওপৰত প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন কৰা হৈছে। মৰিচাছ আৰু ইউ.এ.ই.-ৰ দৰে কিছুমান দেশত আদানি পৰিয়ালৰ মালিকানাধীন কিছুমান ভুৱা কোম্পানীৰ কথা তাত উল্লেখ কৰা হৈছে।

এই আৰৱীয় দেশকেইখনত আয়কৰ ৰেহাই দিয়া হয়। আদানীৰ বিৰুদ্ধে অভিযোগ কৰা হৈছে যে  ভুৱা কোম্পানীবিলাকৰ জৰিয়তে অবৈধ লেনদেন আৰু কৰ ফাঁকি দিয়া হৈছে।

আদানীয়ে কৃত্ৰিমভাৱে কেইবাবাৰো শ্বেয়াৰৰ মূল্য বৃদ্ধি কৰি বৃহৎ সম্পদ সৃষ্টি কৰিছে। যোৱা তিনি বছৰত আদানিৰ শ্বেয়াৰসম্পত্তি আঠশ শতাংশতকৈও অধিক বৃদ্ধি হৈছে।

হিণ্ডেনবাৰ্গে দাবী কৰে যে এই গৱেষণাটো সম্পাদন কৰিবলৈ আদানি গোটৰ কিছুমান প্ৰাক্তন উচ্চ পদস্থ বিষয়াৰ সৈতে কথা পতা হৈছিল। তেওঁলোকে হাজাৰ হাজাৰ নথিপত্ৰও পৰ্যালোচনা কৰিছিল। সকলো দিশ পৰীক্ষা কৰাৰ পিছত এই প্ৰতিবেদন প্ৰকাশ কৰা হৈছে।

আদানি গ্ৰুপে আমেৰিকান কোম্পানীটোৰ প্ৰতিবেদনক ‘মিছা আৰু ভিত্তিহীন’ বুলি দাবী কৰিছে। কয় যে তেওঁলোকৰ ভাবমূৰ্তি কলংকিত হৈছে আৰু বিনিয়োগকাৰীক বিপথে পৰিচালিত কৰা হৈছে। হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ বিৰুদ্ধে ‘শাস্তিমূলক ব্যৱস্থা’ গ্ৰহণৰ বাবেও আগবাঢ়িছে আদানীয়ে।

আনহাতে, আদানী গোটৰ বিৰুদ্ধে সৰৱ হৈছে বিৰোধী দল কংগ্ৰেছ। কংগ্ৰেছে ষ্টক মাৰ্কেট নিয়ন্ত্ৰক ছেবি আৰু ৰিজাৰ্ভ বেংকক এই অভিযোগৰ তদন্ত কৰিবলৈ দাবী জনাইছে। কংগ্ৰেছৰ সাংসদ জয়ৰাম ৰমেশে কয় যে এই ‘প্ৰৱঞ্চনা’ত কোনোবাই আদানীক ইন্ধন যোগান ধৰিছে নেকি সেয়া তদন্ত কৰাটো গুৰুত্বপূৰ্ণ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক