--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘আমাৰ চহৰত প্ৰতিটো ধৰ্মৰ লোকৰ বাবে বিভিন্ন মন্দিৰ/কিন্তু সকলো ধৰ্মৰ লোকৰ বাবে কেৱল এখনেই পতিতালয় …’ কবিতাটো ৰঞ্জিত দাসৰ। সঞ্জয় লীলা ভাঞ্চালীয়ে হয়তো তেওঁৰ কবিতা পঢ়া নাই! কিন্তু সাংবাদিক এছ হুছেইন জৈদীয়ে লেখা 'মাফিয়া কুইন্স অফ মুম্বাই' গ্ৰন্থখন পঢ়িছে। কিন্তু অলপতে মুক্তি পোৱা ছবি 'গংগুবাই কাথীয়াৱাড়ী' চোৱাৰ পাছত উপৰোক্ত কবিতাৰ এই শাৰীকেইটাই এতিয়া দোলা দি গৈছে চলচ্চিত্ৰ প্ৰেমীৰ মনত! সম্প্ৰতি এই কথাই চৰ্চিত হৈ পৰিছে বলীউড এৰিনাত। মন কৰিবলগীয়া যে, বাৰৰ বনিতাসকলৰ প্ৰতি সভ্য সমাজৰ আচৰণক লৈ প্ৰশ্ন উত্থাপন কৰিছিল গঙ্গুবাঈ-এ। সমাজৰ বিভিন্ন স্তৰৰ পুৰুষ আহে পতিতালয়লৈ, যৌন কৰ্মীয়ে তেওঁলোকৰ প্ৰয়োজনীয়তা পূৰণ কৰে হাঁহিমুখে। যদি তেওঁলোকে সমাজৰ বিৰুদ্ধে বৈষম্য বা ভেদাভেদৰ সৃষ্টি নকৰে, তেন্তে তেওঁলোকৰ প্ৰতি সমাজৰ এনে আচৰণ কিয়? মানুহ ভৰ্তি আজাদ ময়দানত গঙ্গুবাঈয়ে উত্থাপন কৰিছিল এই প্ৰশ্ন। যাৰ উত্তৰ দিবলৈ আমাৰ সমাজ হয়তো আজিও অপাৰগ! স্মৰ্তব্য যে, বিগত শতিকাৰ ৫০-৬০ ৰ দশকত,কামাথীপুৰাৰ যৌন কৰ্মীসকলৰ সন্মান দাবীত গঙ্গুবাঈয়ে মুম্বাই চহৰত এক অসীম সাহসেৰে যুঁজ দিছিল। বলীউডৰ সদাব্যস্ত চহৰ হিচাপে চিহ্নিত হৈ অহা মায়ানগৰীৰ এই আলিবোৰেই যে ক’ত হিংসা, ৰহস্য, ৰক্তপাতৰ সাক্ষী। এনে সকলো প্ৰত্যাহ্বানক নেওচি পতিতালয়ৰ হতভাগ্য যুৱতীসকলৰ কন্ঠস্বৰ হৈ ওলাই আহিছিল ২৭বছৰীয়া এগৰাকী তৰুণী। নাম- গঙ্গুবাঈ কাথীয়াৱাড়ী। চিনেমা ভালপাইছিল গঙ্গুবাঈ-এ। দুচকুত উজলি উঠিছিল অনন্ত স্বপ্ন, নায়িকা হোৱাৰ। গুজৰাটৰ কাথীয়াৱাৰৰ এগৰাকী প্ৰতিষ্ঠিত অধিবক্তাৰ ১৫ বছৰীয়া কন্যা গঙ্গুবাঈ-এ তেওঁৰ প্ৰেমিক ৰমনিকৰ সৈতে মায়ানগৰী মুম্বাইত খোজ থৈছিল। সপোনত আৰু প্ৰেমত বিভোৰ গঙ্গু-এ বুজি পোৱা নাছিল ৰমনিকৰ নিষ্ঠুৰ অভিসন্ধিৰ কথা। হিন্দী চলচ্চিত্ৰৰ চকুত লগা ৰঙীন পৃথিৱীখনৰ পৰিৱৰ্তে, ঘনঘোৰ অন্ধকাৰ গলিবোৰেই হৈ পৰিছিল গঙ্গুবাঈৰ স্থান। যি এন্ধাৰ গলিত গভীৰ নিশা দেহৰ বিনিময়ত মৃত্যু হয় শত-সহস্ৰ যুৱতীৰ! তেনে এগৰাকী কিশোৰী মধুক নিজৰ গল্পৰ কাহিনী শুনোৱাৰ সময়ত ভাঞ্চালীয়ে ফ্লেছবেকত বন্দী কৰিছে গঙ্গুবাঈৰ অতীতক। সঞ্জয় লীলা ভাঞ্চালীৰ ছবি মানেই বিৰাট কেনভাচত পোহৰ আৰু ৰঙৰ খেলা। মহাকাব্যিক ফ্ৰেম। ঘটনাৰ পটভূমিয়ো ৰোমাঞ্চকৰ। অতিনাটকীয় সংলাপ। এই সকলোবোৰৰ মাজত, প্ৰকৃত গঙ্গুৱাঈ কেনেকুৱা আছিল তাৰ সন্ধান কৰিছে চলচ্চিত্ৰ প্ৰেমীয়ে। এক কথাত ক’বলৈ হ’লে ওৰেটো জীৱন পতিতালয় ৰ সেই যুৱতী-মহিসকলৰ বাবে বলিষ্ঠ কন্ঠ হৈ থিয় দিয়া গঙ্গুবাঈক লৈয়ে কাহিনীৰ প্ৰেক্ষাপট কিম্বা ছবিৰ আকৰ্ষণ। বেশ্যাবৃত্তিক আইনী স্বীকৃতি দিয়াক লৈয়ো নিৰন্তৰ যুঁজ দি গৈছিল গঙ্গুবাঈ-এ। সম্প্ৰতি এই ছবিখনে শ্ৰোতা-দৰ্শকক এক বাৰ্তা প্ৰেৰণ কৰা দেখা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ