--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘আমাৰ চহৰত প্ৰতিটো ধৰ্মৰ লোকৰ বাবে বিভিন্ন মন্দিৰ/কিন্তু সকলো ধৰ্মৰ লোকৰ বাবে কেৱল এখনেই পতিতালয় …’ কবিতাটো ৰঞ্জিত দাসৰ। সঞ্জয় লীলা ভাঞ্চালীয়ে হয়তো তেওঁৰ কবিতা পঢ়া নাই! কিন্তু সাংবাদিক এছ হুছেইন জৈদীয়ে লেখা 'মাফিয়া কুইন্স অফ মুম্বাই' গ্ৰন্থখন পঢ়িছে। কিন্তু অলপতে মুক্তি পোৱা ছবি 'গংগুবাই কাথীয়াৱাড়ী' চোৱাৰ পাছত উপৰোক্ত কবিতাৰ এই শাৰীকেইটাই এতিয়া দোলা দি গৈছে চলচ্চিত্ৰ প্ৰেমীৰ মনত! সম্প্ৰতি এই কথাই চৰ্চিত হৈ পৰিছে বলীউড এৰিনাত। মন কৰিবলগীয়া যে, বাৰৰ বনিতাসকলৰ প্ৰতি সভ্য সমাজৰ আচৰণক লৈ প্ৰশ্ন উত্থাপন কৰিছিল গঙ্গুবাঈ-এ। সমাজৰ বিভিন্ন স্তৰৰ পুৰুষ আহে পতিতালয়লৈ, যৌন কৰ্মীয়ে তেওঁলোকৰ প্ৰয়োজনীয়তা পূৰণ কৰে হাঁহিমুখে। যদি তেওঁলোকে সমাজৰ বিৰুদ্ধে বৈষম্য বা ভেদাভেদৰ সৃষ্টি নকৰে, তেন্তে তেওঁলোকৰ প্ৰতি সমাজৰ এনে আচৰণ কিয়? মানুহ ভৰ্তি আজাদ ময়দানত গঙ্গুবাঈয়ে উত্থাপন কৰিছিল এই প্ৰশ্ন। যাৰ উত্তৰ দিবলৈ আমাৰ সমাজ হয়তো আজিও অপাৰগ! স্মৰ্তব্য যে, বিগত শতিকাৰ ৫০-৬০ ৰ দশকত,কামাথীপুৰাৰ যৌন কৰ্মীসকলৰ সন্মান দাবীত গঙ্গুবাঈয়ে মুম্বাই চহৰত এক অসীম সাহসেৰে যুঁজ দিছিল। বলীউডৰ সদাব্যস্ত চহৰ হিচাপে চিহ্নিত হৈ অহা মায়ানগৰীৰ এই আলিবোৰেই যে ক’ত হিংসা, ৰহস্য, ৰক্তপাতৰ সাক্ষী। এনে সকলো প্ৰত্যাহ্বানক নেওচি পতিতালয়ৰ হতভাগ্য যুৱতীসকলৰ কন্ঠস্বৰ হৈ ওলাই আহিছিল ২৭বছৰীয়া এগৰাকী তৰুণী। নাম- গঙ্গুবাঈ কাথীয়াৱাড়ী। চিনেমা ভালপাইছিল গঙ্গুবাঈ-এ। দুচকুত উজলি উঠিছিল অনন্ত স্বপ্ন, নায়িকা হোৱাৰ। গুজৰাটৰ কাথীয়াৱাৰৰ এগৰাকী প্ৰতিষ্ঠিত অধিবক্তাৰ ১৫ বছৰীয়া কন্যা গঙ্গুবাঈ-এ তেওঁৰ প্ৰেমিক ৰমনিকৰ সৈতে মায়ানগৰী মুম্বাইত খোজ থৈছিল। সপোনত আৰু প্ৰেমত বিভোৰ গঙ্গু-এ বুজি পোৱা নাছিল ৰমনিকৰ নিষ্ঠুৰ অভিসন্ধিৰ কথা। হিন্দী চলচ্চিত্ৰৰ চকুত লগা ৰঙীন পৃথিৱীখনৰ পৰিৱৰ্তে, ঘনঘোৰ অন্ধকাৰ গলিবোৰেই হৈ পৰিছিল গঙ্গুবাঈৰ স্থান। যি এন্ধাৰ গলিত গভীৰ নিশা দেহৰ বিনিময়ত মৃত্যু হয় শত-সহস্ৰ যুৱতীৰ! তেনে এগৰাকী কিশোৰী মধুক নিজৰ গল্পৰ কাহিনী শুনোৱাৰ সময়ত ভাঞ্চালীয়ে ফ্লেছবেকত বন্দী কৰিছে গঙ্গুবাঈৰ অতীতক। সঞ্জয় লীলা ভাঞ্চালীৰ ছবি মানেই বিৰাট কেনভাচত পোহৰ আৰু ৰঙৰ খেলা। মহাকাব্যিক ফ্ৰেম। ঘটনাৰ পটভূমিয়ো ৰোমাঞ্চকৰ। অতিনাটকীয় সংলাপ। এই সকলোবোৰৰ মাজত, প্ৰকৃত গঙ্গুৱাঈ কেনেকুৱা আছিল তাৰ সন্ধান কৰিছে চলচ্চিত্ৰ প্ৰেমীয়ে। এক কথাত ক’বলৈ হ’লে ওৰেটো জীৱন পতিতালয় ৰ সেই যুৱতী-মহিসকলৰ বাবে বলিষ্ঠ কন্ঠ হৈ থিয় দিয়া গঙ্গুবাঈক লৈয়ে কাহিনীৰ প্ৰেক্ষাপট কিম্বা ছবিৰ আকৰ্ষণ। বেশ্যাবৃত্তিক আইনী স্বীকৃতি দিয়াক লৈয়ো নিৰন্তৰ যুঁজ দি গৈছিল গঙ্গুবাঈ-এ। সম্প্ৰতি এই ছবিখনে শ্ৰোতা-দৰ্শকক এক বাৰ্তা প্ৰেৰণ কৰা দেখা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু