--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমিকাক লৈ দুজন ছাত্ৰৰ মাজত বিবাদ। বিবাদৰ ফলশ্ৰুতিত কলেজৰ সন্মুখতে দিনৰ পোহৰতে হত্যা কৰা হ’ল ছাত্ৰক। দেওবাৰে দিল্লী বিশ্ববিদ্যালয়ৰ আৰ্যভট্ট কলেজৰ সন্মুখত নিখিল চৌহান নামৰ এজন ১৯ বছৰীয়া ছাত্ৰক ছুৰীকাঘাত কৰি হত্যা কৰা হয়। ইতিমধ্যে আৰক্ষীয়ে অভিযুক্তক চিনাক্ত কৰিছে।

বাতৰি অনুসৰি, সেই বিশ্ববিদ্যালয়ৰে আন এজন ছাত্ৰই নিখিলক হত্যা কৰিছে। এসপ্তাহ আগতে তেওঁলোকৰ মাজত কাজিয়া হৈছিল। সেই ঘটনাৰ প্ৰতিশোধ ল’বলৈ দেওবাৰে নিখিলক ছুৰীকাঘাত কৰি হত্যা কৰে অভিযুক্তই

আৰক্ষীৰ সূত্ৰ অনুসৰি, ১৯ বছৰীয়া নিখিল দিল্লী বিশ্ববিদ্যালয়ৰ স্কুল অৱ অ’পেন লাৰ্নিঙত ভৰ্তি হৈছিল। দিল্লীৰ পশ্চিম বিহাৰৰ বাসিন্দা নিখিল আছিল ৰাজনীতি বিজ্ঞানৰ স্নাতক শাখাৰ প্ৰথম বৰ্ষৰ ছাত্ৰ।

দেওবাৰে আৰ্য্যভট্ট কলেজলৈ ক্লাছ কৰিবলৈ আহিছিল। সেই সময়ত চাৰিজন যুৱকে তেওঁক আক্ৰমণ কৰে। মূল অভিযুক্তই পকেটৰ পৰা ছুৰী উলিয়াই নিখিলৰ শৰীৰত উপৰ্যুপৰি ছুৰীৰে আঘাত কৰিবলৈ ধৰে। ৰক্তাক্ত অৱস্থাত নিখিল মাটিত পৰি যোৱাৰ পিছত অভিযুক্তই পলায়ন কৰে।

পিছত স্থানীয় ৰাইজে যুৱকজনক উদ্ধাৰ কৰি মতি বাগৰ চৰক পালিকা চিকিৎসালয়লৈ লৈ যায়। তাতে চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

জানিব পৰা মতে, এসপ্তাহ পূৰ্বে অভিযুক্ত যুৱকজনৰ সৈতে নিখিলৰ কাজিয়া হৈছিল। অভিযুক্ত ছাত্ৰগৰাকীয়ে নিখিলৰ প্ৰেমিকাক লৈ অসৎ আচৰণ কৰাৰ ফলত দুয়োৰে মাজত কাজিয়াৰ সৃষ্টি হয়। সেই ঘটনাৰ প্ৰতিশোধ ল’বলৈ অভিযুক্তই আহি দেওবাৰে লগৰ তিনিজনৰ সৈতে কলেজৰ সন্মুখত ৰৈ আছিল। নিখিল আহি পোৱাৰ লগে লগে তেওঁক আক্ৰমণ কৰি উপৰ্যুপৰি ছুৰীকাঘাত কৰে।

আৰক্ষীৰ তথ্য অনুসৰি, ইতিমধ্যে অভিযুক্তক চিনাক্ত কৰা হৈছে। অঞ্চলটোৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰি তদন্তৰ কাম আৰম্ভ কৰিছে। অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ এটা বিশেষ দল গঠন কৰা হৈছে।

আনহাতে, নিখিলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। প্ৰতিবেদন লাভ কৰাৰ পিছত মৃতদেহ পৰিয়ালক গতাই দিয়া হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে