--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমিকাক লৈ দুজন ছাত্ৰৰ মাজত বিবাদ। বিবাদৰ ফলশ্ৰুতিত কলেজৰ সন্মুখতে দিনৰ পোহৰতে হত্যা কৰা হ’ল ছাত্ৰক। দেওবাৰে দিল্লী বিশ্ববিদ্যালয়ৰ আৰ্যভট্ট কলেজৰ সন্মুখত নিখিল চৌহান নামৰ এজন ১৯ বছৰীয়া ছাত্ৰক ছুৰীকাঘাত কৰি হত্যা কৰা হয়। ইতিমধ্যে আৰক্ষীয়ে অভিযুক্তক চিনাক্ত কৰিছে।

বাতৰি অনুসৰি, সেই বিশ্ববিদ্যালয়ৰে আন এজন ছাত্ৰই নিখিলক হত্যা কৰিছে। এসপ্তাহ আগতে তেওঁলোকৰ মাজত কাজিয়া হৈছিল। সেই ঘটনাৰ প্ৰতিশোধ ল’বলৈ দেওবাৰে নিখিলক ছুৰীকাঘাত কৰি হত্যা কৰে অভিযুক্তই

আৰক্ষীৰ সূত্ৰ অনুসৰি, ১৯ বছৰীয়া নিখিল দিল্লী বিশ্ববিদ্যালয়ৰ স্কুল অৱ অ’পেন লাৰ্নিঙত ভৰ্তি হৈছিল। দিল্লীৰ পশ্চিম বিহাৰৰ বাসিন্দা নিখিল আছিল ৰাজনীতি বিজ্ঞানৰ স্নাতক শাখাৰ প্ৰথম বৰ্ষৰ ছাত্ৰ।

দেওবাৰে আৰ্য্যভট্ট কলেজলৈ ক্লাছ কৰিবলৈ আহিছিল। সেই সময়ত চাৰিজন যুৱকে তেওঁক আক্ৰমণ কৰে। মূল অভিযুক্তই পকেটৰ পৰা ছুৰী উলিয়াই নিখিলৰ শৰীৰত উপৰ্যুপৰি ছুৰীৰে আঘাত কৰিবলৈ ধৰে। ৰক্তাক্ত অৱস্থাত নিখিল মাটিত পৰি যোৱাৰ পিছত অভিযুক্তই পলায়ন কৰে।

পিছত স্থানীয় ৰাইজে যুৱকজনক উদ্ধাৰ কৰি মতি বাগৰ চৰক পালিকা চিকিৎসালয়লৈ লৈ যায়। তাতে চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

জানিব পৰা মতে, এসপ্তাহ পূৰ্বে অভিযুক্ত যুৱকজনৰ সৈতে নিখিলৰ কাজিয়া হৈছিল। অভিযুক্ত ছাত্ৰগৰাকীয়ে নিখিলৰ প্ৰেমিকাক লৈ অসৎ আচৰণ কৰাৰ ফলত দুয়োৰে মাজত কাজিয়াৰ সৃষ্টি হয়। সেই ঘটনাৰ প্ৰতিশোধ ল’বলৈ অভিযুক্তই আহি দেওবাৰে লগৰ তিনিজনৰ সৈতে কলেজৰ সন্মুখত ৰৈ আছিল। নিখিল আহি পোৱাৰ লগে লগে তেওঁক আক্ৰমণ কৰি উপৰ্যুপৰি ছুৰীকাঘাত কৰে।

আৰক্ষীৰ তথ্য অনুসৰি, ইতিমধ্যে অভিযুক্তক চিনাক্ত কৰা হৈছে। অঞ্চলটোৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰি তদন্তৰ কাম আৰম্ভ কৰিছে। অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ এটা বিশেষ দল গঠন কৰা হৈছে।

আনহাতে, নিখিলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। প্ৰতিবেদন লাভ কৰাৰ পিছত মৃতদেহ পৰিয়ালক গতাই দিয়া হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু