ডিজিটেল ডেস্কঃ অটো, বাছ, ট্ৰাক বা টেক্সিৰ পাছফালে লিখা ধেমেলীয়া লেখাবোৰে প্ৰায়ে আন যাত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰে। এনে ধেমেলীয়া লেখাৰ এখন ছবি শেহতীয়াকৈ ছচিয়েল মিডিয়াত বিয়পি পৰিছে।
ছবিখনত অটোৰিক্সাৰ পিছফালৰ গ্লাছত ইংৰাজী ভাষাত লিখা এটা বাক্য দেখা গৈছে- ''দুঃখিত ছোৱালীবোৰ! মোৰ পত্নী বৰ খঙাল।'' তাৰ এফালে ড্ৰাইভাৰৰ নামো লিখা আছে।
ছবিখন বিয়পি পৰাৰ লগে লগে ছ’চিয়েল মিডিয়াত হাঁহিৰ উদ্ৰেক ঘটিছে। বংশিকা গাৰ্গ নামৰ এগৰাকী টুইটাৰ ব্যৱহাৰকাৰীয়ে পোষ্টটো শ্বেয়াৰ কৰাৰ লগে লগে ধুমুহাৰ দৰে মন্তব্য আহিছে।
একাংশই ভাবে যে মহিলা যাত্ৰীক এই অট’ত নিয়া নহয়। আন কোনোবাই ভাবিচে যে এইটো মজা কৰিবলৈকে লিখা হৈছে। কিন্তু কোন চহৰত এই অটোখন চলে তাৰ কোনো স্পষ্ট ইংগিত পোৱা নাই।