--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সন্ত্ৰাসবাদী সন্দেহত ভুৱা এনকাউণ্টাৰ কৰি ৩ জন প্ৰব্ৰজিত শ্ৰমিকক হত্যা কৰাৰ অপৰাধত সেনা আদালতে এগৰাকী সেনা কেপ্তেইনক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।

সোমবাৰে সেনাৰ সূত্ৰৰ উদ্ধৃতি দি একাধিক সংবাদ মাধ্যমে প্ৰকাশ কৰে যে ২০২০ চনত কাশ্মীৰৰ আমচিপোৰাত সেনাৰ গুলীত ৩ জন শ্ৰমিক নিহত হৈছিল। সেই ঘটনাত ভুৱা এনকাউণ্টাৰৰ অভিযোগ উত্থাপন হৈছিল এজন সেনা কেপ্তেইনৰ বিৰুদ্ধে।

ভূপেন্দ্ৰ সিং নামৰ অধিনায়কজনে এএফএছপিএৰ অপব্যৱহাৰ কৰি এই এনকাউণ্টাৰৰ নিৰ্দেশ দিয়ে। গতিকে সেনা আদালতে তেওঁক আজীৱন কাৰাদণ্ডৰ পৰামৰ্শ দিছে। খবৰ অনুযায়ী, সেনাৰ উচ্চ কৰ্তৃপক্ষই এই শাস্তি অনুমোদন সন্দৰ্ভত আলোচনা কৰিছে।

প্ৰসংগক্ৰমে ক'ৰ'না নিয়ম শিথিল হোৱাৰ পিছত ৰাজৌৰীৰ ৩ জন বাসিন্দাই কাশ্মীৰৰ শ্বোপিয়ানত শ্ৰমিক হিচাপে কাম কৰিবলৈ গৈছিল। তেওঁলোক হৈছে ইমতিয়াজ আহমেদ, আব্ৰাৰ আহমেদ আৰু মহম্মদ ইব্ৰাৰ।

২০২০ চনৰ ১৮ জুলাই তাৰিখে শ্বোপিয়ানত ভুৱা এনকাউণ্টাৰ সংঘটিত হয়। তিনিওজন শ্ৰমিকে প্ৰাণ হেৰুৱালে। আমচিপোৰাত নিহত এই ৩ জন যুৱকৰ ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে আৰম্ভ হৈছিল বিতৰ্ক।

কামৰ বাবে শ্বোপিয়ানলৈ যোৱা ৩জন ব্যক্তিৰ ভুৱা এনকাউণ্টাৰত মৃত্যু হোৱা বুলি দাবী কৰি আহিছিল তেওঁলোকৰ পৰিয়ালে। উগ্ৰপন্থী কাৰ্যকলাপৰ লগত তেওঁলোকৰ কোনো সম্পৰ্ক নাছিল। কিন্তু ভুৱা এনকাউণ্টাৰত নিহত হয়। প্ৰসংগক্ৰমে নাম সাঙোৰ খায় ৰাষ্ট্ৰীয় ৰাইফলছৰ ৬২ নং বাহিনীৰ নাম। তদন্ত আৰম্ভ কৰিলে সেনাই।

আনহাতে, জম্মু-কাশ্মীৰ আৰক্ষীৰ হৈ বিশেষ তদন্তকাৰী দলে ঘটনাৰ তদন্ত আৰম্ভ কৰে। মুঠ ৩জন ব্যক্তিৰ বিৰুদ্ধে চাৰ্জ শ্বীট দিলে। তাত আছিল কেপ্তেইন ভূপেন্দ্ৰ সিঙৰ নাম।

পিডিপিৰ সভাপতি তথা জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিয়ে সেনা আদালতৰ এই কাৰ্যক আদৰণি জনায়।

উল্লেখ্য যে চৰকাৰী তথ্য অনুসৰি, ২০১৭ চনৰ পৰা ২০২২ চনৰ জুলাইৰ ভিতৰত সেনা আৰু বায়ুসেনাৰ বিৰুদ্ধে ১১৬টা মানৱ অধিকাৰ উলংঘাৰ অভিযোগ উত্থাপন হৈছিল। ইয়াৰ ভিতৰত ১০৮টা অভিযোগ সেনাবাহিনীৰ বিৰুদ্ধে উঠিছে। ২০২০ চনত সেনাবাহিনীয়ে মানৱ অধিকাৰ উলংঘাৰ অভিযোগ শুনিবলৈ এটা সুকীয়া কোষ গঠন কৰা হৈছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু