--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সন্ত্ৰাসবাদী সন্দেহত ভুৱা এনকাউণ্টাৰ কৰি ৩ জন প্ৰব্ৰজিত শ্ৰমিকক হত্যা কৰাৰ অপৰাধত সেনা আদালতে এগৰাকী সেনা কেপ্তেইনক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।

সোমবাৰে সেনাৰ সূত্ৰৰ উদ্ধৃতি দি একাধিক সংবাদ মাধ্যমে প্ৰকাশ কৰে যে ২০২০ চনত কাশ্মীৰৰ আমচিপোৰাত সেনাৰ গুলীত ৩ জন শ্ৰমিক নিহত হৈছিল। সেই ঘটনাত ভুৱা এনকাউণ্টাৰৰ অভিযোগ উত্থাপন হৈছিল এজন সেনা কেপ্তেইনৰ বিৰুদ্ধে।

ভূপেন্দ্ৰ সিং নামৰ অধিনায়কজনে এএফএছপিএৰ অপব্যৱহাৰ কৰি এই এনকাউণ্টাৰৰ নিৰ্দেশ দিয়ে। গতিকে সেনা আদালতে তেওঁক আজীৱন কাৰাদণ্ডৰ পৰামৰ্শ দিছে। খবৰ অনুযায়ী, সেনাৰ উচ্চ কৰ্তৃপক্ষই এই শাস্তি অনুমোদন সন্দৰ্ভত আলোচনা কৰিছে।

প্ৰসংগক্ৰমে ক'ৰ'না নিয়ম শিথিল হোৱাৰ পিছত ৰাজৌৰীৰ ৩ জন বাসিন্দাই কাশ্মীৰৰ শ্বোপিয়ানত শ্ৰমিক হিচাপে কাম কৰিবলৈ গৈছিল। তেওঁলোক হৈছে ইমতিয়াজ আহমেদ, আব্ৰাৰ আহমেদ আৰু মহম্মদ ইব্ৰাৰ।

২০২০ চনৰ ১৮ জুলাই তাৰিখে শ্বোপিয়ানত ভুৱা এনকাউণ্টাৰ সংঘটিত হয়। তিনিওজন শ্ৰমিকে প্ৰাণ হেৰুৱালে। আমচিপোৰাত নিহত এই ৩ জন যুৱকৰ ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে আৰম্ভ হৈছিল বিতৰ্ক।

কামৰ বাবে শ্বোপিয়ানলৈ যোৱা ৩জন ব্যক্তিৰ ভুৱা এনকাউণ্টাৰত মৃত্যু হোৱা বুলি দাবী কৰি আহিছিল তেওঁলোকৰ পৰিয়ালে। উগ্ৰপন্থী কাৰ্যকলাপৰ লগত তেওঁলোকৰ কোনো সম্পৰ্ক নাছিল। কিন্তু ভুৱা এনকাউণ্টাৰত নিহত হয়। প্ৰসংগক্ৰমে নাম সাঙোৰ খায় ৰাষ্ট্ৰীয় ৰাইফলছৰ ৬২ নং বাহিনীৰ নাম। তদন্ত আৰম্ভ কৰিলে সেনাই।

আনহাতে, জম্মু-কাশ্মীৰ আৰক্ষীৰ হৈ বিশেষ তদন্তকাৰী দলে ঘটনাৰ তদন্ত আৰম্ভ কৰে। মুঠ ৩জন ব্যক্তিৰ বিৰুদ্ধে চাৰ্জ শ্বীট দিলে। তাত আছিল কেপ্তেইন ভূপেন্দ্ৰ সিঙৰ নাম।

পিডিপিৰ সভাপতি তথা জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিয়ে সেনা আদালতৰ এই কাৰ্যক আদৰণি জনায়।

উল্লেখ্য যে চৰকাৰী তথ্য অনুসৰি, ২০১৭ চনৰ পৰা ২০২২ চনৰ জুলাইৰ ভিতৰত সেনা আৰু বায়ুসেনাৰ বিৰুদ্ধে ১১৬টা মানৱ অধিকাৰ উলংঘাৰ অভিযোগ উত্থাপন হৈছিল। ইয়াৰ ভিতৰত ১০৮টা অভিযোগ সেনাবাহিনীৰ বিৰুদ্ধে উঠিছে। ২০২০ চনত সেনাবাহিনীয়ে মানৱ অধিকাৰ উলংঘাৰ অভিযোগ শুনিবলৈ এটা সুকীয়া কোষ গঠন কৰা হৈছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement