--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দূৰন্ত ছন্দত আছে কুলদীপ যাদৱ। এছিয়া কাপৰ ছুপাৰ ফোৰৰ দুখন মেচতে ৯টাকৈ উইকেট দখল কৰিছে। এছিয়া কাপৰ ফাইনেলত ভাৰতৰ প্ৰৱেশত মুখ্য ভূমিকা পালন কৰিছিল কুলদীপে।

শেহতীয়াকৈ শ্ৰীলংকাৰ বিৰুদ্ধে মেচখনত কুলদীপে এক নজিৰ গঢ়ি তুলিলে। এদিনীয়া মেচত ১৫০টা উইকেট দখল কৰা ভাৰতীয় স্পিনাৰৰ ভিতৰত সৰ্বাধিক দ্ৰুততম স্পিনাৰ হিচাপে তেওঁ অনিল কুম্বলেৰ অভিলেখ ভংগ কৰে৷

৮৮ সংখ্যক খেলত কুলদীপে ১৫০টা উইকেট দখল কৰে। ১৫০ উইকেট দখল কৰিবলৈ কুম্বলে ১০৬খন খেলৰ প্ৰয়োজন হৈছিল। সেই অভিলেখ ভংগ কৰিলে কুলদীপে।

ভাৰতৰ উপৰিও বিশ্বৰ স্পিনাৰৰ ভিতৰত কুলদীপে সৰ্বনিম্ন মেচত ১৫০টা উইকেট দখল কৰি চতুৰ্থ স্থানত আছে। এই তালিকাৰ প্ৰথম স্থানত আছে পাকিস্তানৰ ছাকলিন মুস্তাক। ৭৮খন মেচত ১৫০টা উইকেট দখল কৰে তেওঁ। দ্বিতীয় স্থানত আছে আফগানিস্তানৰ ৰছিদ খান। ১৫০টা উইকেট দখল কৰিবলৈ ৮০খন মেচৰ প্ৰয়োজন হৈছিল ৰছিদৰ। তিনি নম্বৰত আছে শ্ৰীলংকাৰ অজন্তা মেণ্ডিছ। ৮৪খন মেচত ১৫০টা উইকেট দখল কৰে তেওঁ। তাৰ পাছতে আছে কুলদীপ। দক্ষিণ আফ্ৰিকাৰ ইমৰাণ তাহিৰে ৮৯খন খেলত ১৫০ উইকেটৰে পঞ্চম স্থানত আছে৷

সৰ্বনিম্ন মেচত ১৫০টা উইকেট দখল কৰা দ্বিতীয়জন ভাৰতীয় বলাৰ কুলদীপ। তেওঁৰ আগত আছে মহম্মদ ছামী। ভাৰতীয় পেচাৰগৰাকীয়ে ৮০খন মেচত ১৫০টা উইকেট দখল কৰিছে। কুলদীপে এই বছৰ ১৫খন এদিনীয়াত ৩১টা উইকেট দখল কৰিছে, যিটো ভাৰতীয় বলাৰৰ ভিতৰত সৰ্বাধিক উইকেট।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু