--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দূৰন্ত ছন্দত আছে কুলদীপ যাদৱ। এছিয়া কাপৰ ছুপাৰ ফোৰৰ দুখন মেচতে ৯টাকৈ উইকেট দখল কৰিছে। এছিয়া কাপৰ ফাইনেলত ভাৰতৰ প্ৰৱেশত মুখ্য ভূমিকা পালন কৰিছিল কুলদীপে।

শেহতীয়াকৈ শ্ৰীলংকাৰ বিৰুদ্ধে মেচখনত কুলদীপে এক নজিৰ গঢ়ি তুলিলে। এদিনীয়া মেচত ১৫০টা উইকেট দখল কৰা ভাৰতীয় স্পিনাৰৰ ভিতৰত সৰ্বাধিক দ্ৰুততম স্পিনাৰ হিচাপে তেওঁ অনিল কুম্বলেৰ অভিলেখ ভংগ কৰে৷

৮৮ সংখ্যক খেলত কুলদীপে ১৫০টা উইকেট দখল কৰে। ১৫০ উইকেট দখল কৰিবলৈ কুম্বলে ১০৬খন খেলৰ প্ৰয়োজন হৈছিল। সেই অভিলেখ ভংগ কৰিলে কুলদীপে।

ভাৰতৰ উপৰিও বিশ্বৰ স্পিনাৰৰ ভিতৰত কুলদীপে সৰ্বনিম্ন মেচত ১৫০টা উইকেট দখল কৰি চতুৰ্থ স্থানত আছে। এই তালিকাৰ প্ৰথম স্থানত আছে পাকিস্তানৰ ছাকলিন মুস্তাক। ৭৮খন মেচত ১৫০টা উইকেট দখল কৰে তেওঁ। দ্বিতীয় স্থানত আছে আফগানিস্তানৰ ৰছিদ খান। ১৫০টা উইকেট দখল কৰিবলৈ ৮০খন মেচৰ প্ৰয়োজন হৈছিল ৰছিদৰ। তিনি নম্বৰত আছে শ্ৰীলংকাৰ অজন্তা মেণ্ডিছ। ৮৪খন মেচত ১৫০টা উইকেট দখল কৰে তেওঁ। তাৰ পাছতে আছে কুলদীপ। দক্ষিণ আফ্ৰিকাৰ ইমৰাণ তাহিৰে ৮৯খন খেলত ১৫০ উইকেটৰে পঞ্চম স্থানত আছে৷

সৰ্বনিম্ন মেচত ১৫০টা উইকেট দখল কৰা দ্বিতীয়জন ভাৰতীয় বলাৰ কুলদীপ। তেওঁৰ আগত আছে মহম্মদ ছামী। ভাৰতীয় পেচাৰগৰাকীয়ে ৮০খন মেচত ১৫০টা উইকেট দখল কৰিছে। কুলদীপে এই বছৰ ১৫খন এদিনীয়াত ৩১টা উইকেট দখল কৰিছে, যিটো ভাৰতীয় বলাৰৰ ভিতৰত সৰ্বাধিক উইকেট।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?