--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ নিজৰ ফ্ৰমত ভাৰতীয় বলাৰ কুলদীপ যাদৱ৷ভাৰতীয় দলৰ স্পিন বলাৰ কুলদীপ যাদৱে ২০২৩ চনৰ এছিয়া কাপত উইকেট লোৱাৰ ধাৰা অব্যাহত ৰাখি পাকিস্তানৰ বিৰুদ্ধে ৫ উইকেট দখল কৰাৰ পাছত আৰ প্ৰেমদাছাত অনুষ্ঠিত শ্ৰীলংকাৰ বিৰুদ্ধে ছুপাৰ ৪ মেচত ৪টা উইকেট দখল কৰি মেচ বিজয়ী হিচাপে নিজকে প্ৰতীয়মান কৰে৷এই প্ৰক্ৰিয়াত কুলদীপে এদিনীয়া ক্ৰিকেটত ১৫০টা উইকেট সম্পূৰ্ণ কৰা ২য় দ্ৰুততম ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হয়।

কুলদীপে ৮৮খন এদিনীয়াত এই কৃতিত্ব অৰ্জন কৰাৰ বিপৰীতে পেচাৰ মহম্মদ শ্বামীয়ে ৮০খন মেচত এই সীমা অতিক্ৰম কৰি ভাৰতীয় অভিলেখ গঢ়িছে।প্ৰথমে বেটিং কৰি ভাৰতৰ ২১৩ ৰানত অল আউট হয় আৰু শ্ৰীলংকাৰ বাওঁহতীয়া স্পিনাৰ দুনিথ ৱেলালেজে ৫/৪০ আৰু অফ স্পিনাৰ চৰিথ আছালংকাই ৪ উইকেট দখল কৰে।


যোৱা বছৰ এছিয়া (টি-২০ ফৰ্মেটত) খিতাপৰ সংঘৰ্ষত প্ৰৱেশ কৰিব নোৱাৰাৰ পাছত ভাৰতে সহ-আয়োজক শ্ৰীলংকাক ৪১.৩ অভাৰত ১৭২ ৰানত সীমাবদ্ধ কৰি এছিয়া কাপ ২০২৩ৰ ফাইনেলত স্থান লাভ কৰিবলৈ সক্ষম হয়।উল্লেখ্য যে বৰ্তমান স্পিনাৰৰ ভিতৰত কুলদীপ যাদৱে ১৫০টা এদিনীয়া উইকেট দখল কৰি চতুৰ্থ স্থানত আছে। ৭৮খন মেচত এই কৃতিত্ব অৰ্জন কৰি পাকিস্তানৰ ছাকলাইন মুস্তাকৰ হাতত আছে এই অভিলেখৰ প্ৰথম স্থান।

স্পিনাৰসকলৰ মাজত ১৫০টা এদিনীয়া উইকেটলৈকে সৰ্বাধিক দ্ৰুত (মেচৰ ভিত্তিত)
৭৮ - ছাকলাইন মুস্তাক

৮০ - ৰাছিদ খান

৮৪ - অজন্থা মেণ্ডিছ

৮৮ - কুলদীপ যাদৱ

৮৯ - ইমৰাণ তাহিৰ

ভাৰতীয় বলাৰৰ ১৫০টা এদিনীয়া উইকেটলৈ সৰ্বাধিক দ্ৰুত
৮০ - মহম্মদ শ্বামী

৮৮ - কুলদীপ যাদৱ

৯৭ - অজিত আগৰকাৰ

১০৩ - জাহিৰ খান

১০৬ - অনিল কুম্বলে

১০৬ - ইৰফান পাঠান





লংকাৰ বিৰুদ্ধে ভাৰতৰ জয়ত কুলদীপ যাদৱৰ এই প্ৰচেষ্টাত সন্তুষ্ট টিম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মাই।ৰোহিত শৰ্মাই কয় যে “যোৱা এবছৰমানৰ পৰা তেওঁ সঁচাকৈয়ে ভাল বলিং কৰি আছে। তেওঁ ছন্দৰ ওপৰত বহু কষ্ট কৰিছে। 

টিম ইণ্ডিয়াৰ উইকেটকীপাৰ কে এল ৰাহুলে আটাইতকৈ বেছি সন্তুষ্ট হয় কুলদীপৰ বলিঙৰ পৰা ১৭ ৰানত ষ্টাম্পিং কৰা শ্ৰীলংকাৰ সদীৰা সমৰাৱিক্ৰামাক আউট কৰি। সমৰাৱিক্ৰামাক আউট কৰাৰ পূৰ্বে কুলদীপ যাদৱক দিয়া টিপছৰ কথা উল্লেখ কৰি কে এল ৰাহুলে কয়, “যেতিয়া আপুনি ষ্টাম্পৰ আঁৰত থাকে, তেতিয়া বেটছমেনে কি কৰিছে তাৰ এটা ভাল ধাৰণা থাকে আৰু মই মাত্ৰ বাৰ্তাটো পাছ কৰিলোঁ, ভাগ্য ভাল যে ই কুলদীপৰ বাবে কাম কৰিলে।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু