--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ নিজৰ ফ্ৰমত ভাৰতীয় বলাৰ কুলদীপ যাদৱ৷ভাৰতীয় দলৰ স্পিন বলাৰ কুলদীপ যাদৱে ২০২৩ চনৰ এছিয়া কাপত উইকেট লোৱাৰ ধাৰা অব্যাহত ৰাখি পাকিস্তানৰ বিৰুদ্ধে ৫ উইকেট দখল কৰাৰ পাছত আৰ প্ৰেমদাছাত অনুষ্ঠিত শ্ৰীলংকাৰ বিৰুদ্ধে ছুপাৰ ৪ মেচত ৪টা উইকেট দখল কৰি মেচ বিজয়ী হিচাপে নিজকে প্ৰতীয়মান কৰে৷এই প্ৰক্ৰিয়াত কুলদীপে এদিনীয়া ক্ৰিকেটত ১৫০টা উইকেট সম্পূৰ্ণ কৰা ২য় দ্ৰুততম ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হয়।

কুলদীপে ৮৮খন এদিনীয়াত এই কৃতিত্ব অৰ্জন কৰাৰ বিপৰীতে পেচাৰ মহম্মদ শ্বামীয়ে ৮০খন মেচত এই সীমা অতিক্ৰম কৰি ভাৰতীয় অভিলেখ গঢ়িছে।প্ৰথমে বেটিং কৰি ভাৰতৰ ২১৩ ৰানত অল আউট হয় আৰু শ্ৰীলংকাৰ বাওঁহতীয়া স্পিনাৰ দুনিথ ৱেলালেজে ৫/৪০ আৰু অফ স্পিনাৰ চৰিথ আছালংকাই ৪ উইকেট দখল কৰে।


যোৱা বছৰ এছিয়া (টি-২০ ফৰ্মেটত) খিতাপৰ সংঘৰ্ষত প্ৰৱেশ কৰিব নোৱাৰাৰ পাছত ভাৰতে সহ-আয়োজক শ্ৰীলংকাক ৪১.৩ অভাৰত ১৭২ ৰানত সীমাবদ্ধ কৰি এছিয়া কাপ ২০২৩ৰ ফাইনেলত স্থান লাভ কৰিবলৈ সক্ষম হয়।উল্লেখ্য যে বৰ্তমান স্পিনাৰৰ ভিতৰত কুলদীপ যাদৱে ১৫০টা এদিনীয়া উইকেট দখল কৰি চতুৰ্থ স্থানত আছে। ৭৮খন মেচত এই কৃতিত্ব অৰ্জন কৰি পাকিস্তানৰ ছাকলাইন মুস্তাকৰ হাতত আছে এই অভিলেখৰ প্ৰথম স্থান।

স্পিনাৰসকলৰ মাজত ১৫০টা এদিনীয়া উইকেটলৈকে সৰ্বাধিক দ্ৰুত (মেচৰ ভিত্তিত)
৭৮ - ছাকলাইন মুস্তাক

৮০ - ৰাছিদ খান

৮৪ - অজন্থা মেণ্ডিছ

৮৮ - কুলদীপ যাদৱ

৮৯ - ইমৰাণ তাহিৰ

ভাৰতীয় বলাৰৰ ১৫০টা এদিনীয়া উইকেটলৈ সৰ্বাধিক দ্ৰুত
৮০ - মহম্মদ শ্বামী

৮৮ - কুলদীপ যাদৱ

৯৭ - অজিত আগৰকাৰ

১০৩ - জাহিৰ খান

১০৬ - অনিল কুম্বলে

১০৬ - ইৰফান পাঠান





লংকাৰ বিৰুদ্ধে ভাৰতৰ জয়ত কুলদীপ যাদৱৰ এই প্ৰচেষ্টাত সন্তুষ্ট টিম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মাই।ৰোহিত শৰ্মাই কয় যে “যোৱা এবছৰমানৰ পৰা তেওঁ সঁচাকৈয়ে ভাল বলিং কৰি আছে। তেওঁ ছন্দৰ ওপৰত বহু কষ্ট কৰিছে। 

টিম ইণ্ডিয়াৰ উইকেটকীপাৰ কে এল ৰাহুলে আটাইতকৈ বেছি সন্তুষ্ট হয় কুলদীপৰ বলিঙৰ পৰা ১৭ ৰানত ষ্টাম্পিং কৰা শ্ৰীলংকাৰ সদীৰা সমৰাৱিক্ৰামাক আউট কৰি। সমৰাৱিক্ৰামাক আউট কৰাৰ পূৰ্বে কুলদীপ যাদৱক দিয়া টিপছৰ কথা উল্লেখ কৰি কে এল ৰাহুলে কয়, “যেতিয়া আপুনি ষ্টাম্পৰ আঁৰত থাকে, তেতিয়া বেটছমেনে কি কৰিছে তাৰ এটা ভাল ধাৰণা থাকে আৰু মই মাত্ৰ বাৰ্তাটো পাছ কৰিলোঁ, ভাগ্য ভাল যে ই কুলদীপৰ বাবে কাম কৰিলে।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?