--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰিকেটৰ জগতলৈ ঘূৰি আহিছে নেকি চেম্পিয়নছ লীগ টি-২০? শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ এজন বছৰ মন্তব্যত এনে জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। ভাৰতলৈ অহাৰ পিছত বিষয়াগৰাকীয়ে কয় যে ক্ৰিকেট অষ্ট্ৰেলিয়া, ইংলেণ্ড আৰু ইণ্ডিয়ান ব’ৰ্ডে চেম্পিয়নছ লীগ ঘূৰাই অনাৰ বাবে আলোচনা কৰি আছে। অতি সোনকালে সিদ্ধান্ত লোৱা হ’ব পাৰে।

ক্ৰিকেট ক্লাব ইণ্ডিয়াত মুকলি হ’ল মেলবৰ্ণ ক্ৰিকেট একাডেমীৰ এটা শাখা। তাত উপস্থিত হৈ ক্ৰিকেট ভিক্টোৰিয়াৰ চিইঅ’ নিক কামিন্সে কয় যে দহ বছৰ বন্ধ হোৱাৰ পিছত এই প্ৰতিযোগিতা পুনৰ আৰম্ভ কৰাৰ প্ৰয়োজন আছে। প্ৰথম সংস্কৰণত মহিলা ক্ৰিকেটাৰৰ সৈতে চেম্পিয়নছ লীগৰ আয়োজন কৰিব পৰা যাব বুলি ইংগিত দিয়ে। ইয়াৰ পিছত পুৰুষসকলে খেলিব।

আই পি এল আৰম্ভ হোৱাৰ পিছত পিছত চেম্পিয়নছ লীগ আৰম্ভ হয়। বিভিন্ন দেশৰ ফ্ৰেঞ্চাইজিয়ে ইয়াত অংশগ্ৰহণ কৰিছিল। ভাৰতৰ তিনিটা, অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ পৰা দুটাকৈ আৰু পাকিস্তান, ৱেষ্ট ইণ্ডিজ আৰু নিউজিলেণ্ডৰ পৰা এটাকৈ দলে অংশগ্ৰহণ কৰে। এই প্ৰতিযোগিতা শেষবাৰৰ বাবে ২০১৪ চনত অনুষ্ঠিত হৈছিল। সেইবাৰ চেন্নাইয়ে কলকাতাক পৰাস্ত কৰি ট্ৰফী লাভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ