--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল কাৰাৰুদ্ধ হৈ থকাৰ সময়তে মন্ত্ৰিত্ব ত্যাগ কৰি আপৰ প্ৰাথমিক সদস্যপদো ত্যাগ কৰিলে ৰাজ কুমাৰ আনন্দে৷ দুৰ্নীতি সন্দৰ্ভত দলৰ নীতিক লৈ তেওঁৰ অসন্তুষ্টিৰ কথা উল্লেখ কৰি পদত্যাগ কৰে ৰাজ কুমাৰ আনন্দে৷ ৰাজ কুমাৰ আনন্দ পেটেল নগৰৰ বিধায়ক আৰু কেজৰিৱাল নেতৃত্বাধীন দিল্লী কেবিনেটত সমাজ কল্যাণ আৰু অনুসূচীত জাতি/জনজাতি বিভাগৰ মন্ত্ৰী আছিল।

দলত্যাগ কৰি ৰাজ কুমাৰে কয়, দুৰ্নীতিৰ বিৰুদ্ধে যুঁজিবলৈ আম আদমী পাৰ্টিৰ জন্ম হৈছিল৷ কিন্তু আজি দলটো দুৰ্নীতিৰ জলাভূমিত আবদ্ধ হৈ আছে। মন্ত্ৰীপদত কাম কৰাটো মোৰ বাবে কঠিন হৈ পৰিছে। মই মন্ত্ৰী পদৰ পৰা আৰু দলৰ পৰা পদত্যাগ কৰিছোঁ৷ কিয়নো মই এই দুৰ্নীতিৰ সৈতে মোৰ নাম সংযোগ কৰিব নোৱাৰো৷ তেওঁ লগতে কয়, যন্তৰ-মন্তৰৰ পৰা অৰবিন্দ কেজৰিৱালে কৈছিল যে ৰাজনীতি সলনি হোৱাৰ পিছত দেশ সলনি হ’ব। কিন্তু, এতিয়া দেখা গ’ল ৰাজনীতি সলনি হোৱা নাই, ৰাজনীতিবিদহে সলনি হৈছে৷

তদুপৰি, আনন্দে লগতে অভিযোগ কৰে যে দলিতসকলৰ দলটোত পৰ্যাপ্ত প্ৰতিনিধিত্ব নাই। তেওঁ দাবী কৰিছিল যে দলিত বিধায়ক, মন্ত্ৰী বা আপৰ কাউন্সিলাৰসকলক কোনো সন্মান দিয়া হোৱা নাছিল।
এই সন্দৰ্ভত তেওঁ কয়, মই সমাজখনক ঋণ পৰিশোধ কৰিবলৈ এজন মন্ত্ৰী হৈছিলো। দলিত প্ৰতিনিধিত্বৰ কথা ক‘লে মই এনে এটা দলৰ অংশ হ’ব নিবিচাৰো যিয়ে পিছুৱাই যায়।
আমাৰ ৰাজ্যসভাৰ ১৩ জন সাংসদ আছে, কিন্তু তেওঁলোকৰ কোনেও দলিত, মহিলা বা পিছপৰা শ্ৰেণীৰ নহয়। এই দলৰ দলিত বিধায়ক, কাউঞ্চিলৰ আৰু মন্ত্ৰীসকলৰ প্ৰতি কোনো সন্মান নাই। এনে পৰিস্থিতিত, সকলো দলিতই প্ৰতাৰিত অনুভৱ কৰে। এই সকলোৰ বাবে, মোৰ বাবে এই দলত থকাটো কঠিন৷

লক্ষণীয়ভাৱে আনন্দৰ নাম যোৱা বছৰ প্ৰৱৰ্তন সঞ্চালকালয়ৰ দ্বাৰা শুল্ক-সম্পৰ্কিত মানি লণ্ডাৰিং গোচৰত জড়িত হৈ পৰিছিল৷ পাছত তেওঁৰ ঘৰত তদন্ত সংস্থাৰ চোৰাংচোৱাই তালাচী চলাইছিল।

ইফালে, আপ নেতা সঞ্জয় সিঙে অভিযোগ কৰে যে ৰাজ কুমাৰ আনন্দৰ আপ ত্যাগৰ সিদ্ধান্তৰ আঁৰত বিজেপিৰ হাত আছে।
তেওঁ কয়, বিজেপিয়ে আমাৰ মন্ত্ৰী আৰু বিধায়কসকলৰ মনোবল ভাঙিবলৈ ইডি আৰু চিবিআইৰ দৰে কেন্দ্ৰীয় সংস্থা ব্যৱহাৰ কৰি আছে। এই সময় আপৰ মন্ত্ৰী আৰু বিধায়কসকলৰ বাবে এক পৰীক্ষা৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ