--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ জনপ্ৰিয় তাৰকাসকলৰ মাজৰ এজন শ্বাহৰূখ খান। সমগ্ৰ বিশ্বতে নাম ৰৈ বৈ যোৱা খ্যাতি ছুপাৰষ্টাৰ শ্বাহৰূখৰ। বলীউড ইণ্ডাষ্ট্ৰীত কিং খান হিচাপে পৰিচিত তেওঁ। শ্বাহৰূখ খানৰ ছবি আৰু জীৱন যাপনৰ ধাৰাও অনুৰাগীৰ মাজত বেচ জনপ্ৰিয়। তেওঁৰ দৰে সকলোৱে বিলাসী জীৱন যাপন কৰিব বিচাৰে! স্মৰ্তব্য যে, শ্বাহৰূখ পুত্ৰ আৰিয়ানক মুম্বাই আৰক্ষীয়ে ড্ৰাগছৰ গোচৰত যেতিয়া গ্ৰেপ্তাৰ কৰিছিল তেতিয়া তেওঁ সকলোৰে পৰা সহায়-সহযোগিতা বিচাৰিছিল। তেওঁৰ কথাৰ প্ৰতি বলীউডৰ প্ৰায়ভাগ তাৰকাই জনাইছিল সঁহাৰি । সামাজিক মাধ্যমত আৰিয়ানক লৈ যি কথাৰে অৱতাৰণা নহওক কিয় শ্বাহৰূখ খানে কিন্তু নিজৰ মৰ্যাদা ভালদৰে বজাই ৰাখিছে। সম্প্ৰতি সামাজিক মাধ্যমৰ পুনৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে আৰিয়ান খান। আৰিয়ান খান প্ৰেমত পৰিছে! এতিয়া প্ৰায়ে এজনী ছোৱালীৰ সৈতে দুপৰ নিশালৈকে পাৰ্টী কৰা আৰু একেলগে সময় কটোৱা দেখিবলৈ পোৱা গৈছে। জানিবলৈ পোৱা মতে, এই ছোৱালীজনী খুব কম বয়সৰ পৰাই আৰিয়ানৰ সৈতে আছে আৰু শ্বাহৰূখ খানৰ পৰিয়ালৰ সৈতেও ভাল সম্পৰ্ক । কিন্তু, শ্বাহৰূখ পুত্ৰৰ সৈতে দেখা ছোৱালীজনী কোন জানেনে? বৰ্তমান সমগ্ৰ ভাৰতবৰ্ষতে মুম্বাই ড্ৰাগছ গোচৰত অভিযুক্ত হিচাপে চিৰপৰিচিত নাম হৈ পৰিছে আৰিয়ান খান। ইয়াৰোপৰি বলীউড অভিনেতা শ্বাহৰূখ খানৰ পুত্ৰ হিচাপেও আছে এক সুকীয়া পৰিচয়। সম্প্ৰতি আৰিয়ানক এগৰাকী ছোৱালীৰ সৈতে পাৰ্টী কৰা আৰু একান্ত সময় কটোৱা দেখিবলৈ পোৱা গৈছে। সেই ছোৱালীজনী আন কোনো নহয়। সঞ্জয় কাপুৰৰ কন্যা শানায়া কাপুৰ।জানিবলৈ পোৱা মতে, আৰিয়ান খান আৰু শানায়া কাপুৰে সৰুৰে পৰা ইজনে সিজনৰ ভাল বন্ধু আৰু দুয়ো একেলগে সময় কটাই অত্যন্ত ভাল পায়। অৱশ্যে, দিন বাগৰাৰ লগে লগে তেওঁলোকৰ মাজত যদি কোনো সম্পৰ্কই গঢ় লৈ উঠিছে সেয়া কিন্তু এতিয়াও পোহৰলৈ অহা নাই। কেৱল আৰিয়ান খানেই নহয়, সঞ্জয় কাপুৰৰ জীয়ৰী শানায়া কাপুৰৰ খান পৰিয়ালৰ সৈতে আছে এক ভাল সম্পৰ্ক। শানায়া কাপুৰক অলপতে আৰিয়ানৰ ভগ্নী সুহানাৰ সৈতে এটা পুল পাৰ্টীত দেখা গৈছিল। পাৰ্টীত ছাঙ্কী পাণ্ডেৰ জীয়ৰী অনন্যা পাণ্ডেও উপস্থিত আছিল। শানায়া আৰু সুহানাই অতি সোনকালে বলীউডত আত্মপ্ৰকাশ কৰিব। ইয়াৰ মাজতে, ছ'চিয়েল মিডিয়াত শানায়া আৰু আৰিয়ান খানৰ বিষয়ে চৰ্চা আৰম্ভ হৈছে। দুয়োৰে কেইবাখনো ফটো সামাজিক মাধ্যমত এতিয়া ভাইৰেল হ'বলৈ লৈছে। অৱশ্যে, এতিয়ালৈকে তেওঁলোকৰ পৰা কোনো ধৰণৰ মন্তব্য অহা নাই। PCA Banner 2022

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু