--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ জনপ্ৰিয় তাৰকাসকলৰ মাজৰ এজন শ্বাহৰূখ খান। সমগ্ৰ বিশ্বতে নাম ৰৈ বৈ যোৱা খ্যাতি ছুপাৰষ্টাৰ শ্বাহৰূখৰ। বলীউড ইণ্ডাষ্ট্ৰীত কিং খান হিচাপে পৰিচিত তেওঁ। শ্বাহৰূখ খানৰ ছবি আৰু জীৱন যাপনৰ ধাৰাও অনুৰাগীৰ মাজত বেচ জনপ্ৰিয়। তেওঁৰ দৰে সকলোৱে বিলাসী জীৱন যাপন কৰিব বিচাৰে! স্মৰ্তব্য যে, শ্বাহৰূখ পুত্ৰ আৰিয়ানক মুম্বাই আৰক্ষীয়ে ড্ৰাগছৰ গোচৰত যেতিয়া গ্ৰেপ্তাৰ কৰিছিল তেতিয়া তেওঁ সকলোৰে পৰা সহায়-সহযোগিতা বিচাৰিছিল। তেওঁৰ কথাৰ প্ৰতি বলীউডৰ প্ৰায়ভাগ তাৰকাই জনাইছিল সঁহাৰি । সামাজিক মাধ্যমত আৰিয়ানক লৈ যি কথাৰে অৱতাৰণা নহওক কিয় শ্বাহৰূখ খানে কিন্তু নিজৰ মৰ্যাদা ভালদৰে বজাই ৰাখিছে। সম্প্ৰতি সামাজিক মাধ্যমৰ পুনৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে আৰিয়ান খান। আৰিয়ান খান প্ৰেমত পৰিছে! এতিয়া প্ৰায়ে এজনী ছোৱালীৰ সৈতে দুপৰ নিশালৈকে পাৰ্টী কৰা আৰু একেলগে সময় কটোৱা দেখিবলৈ পোৱা গৈছে। জানিবলৈ পোৱা মতে, এই ছোৱালীজনী খুব কম বয়সৰ পৰাই আৰিয়ানৰ সৈতে আছে আৰু শ্বাহৰূখ খানৰ পৰিয়ালৰ সৈতেও ভাল সম্পৰ্ক । কিন্তু, শ্বাহৰূখ পুত্ৰৰ সৈতে দেখা ছোৱালীজনী কোন জানেনে? বৰ্তমান সমগ্ৰ ভাৰতবৰ্ষতে মুম্বাই ড্ৰাগছ গোচৰত অভিযুক্ত হিচাপে চিৰপৰিচিত নাম হৈ পৰিছে আৰিয়ান খান। ইয়াৰোপৰি বলীউড অভিনেতা শ্বাহৰূখ খানৰ পুত্ৰ হিচাপেও আছে এক সুকীয়া পৰিচয়। সম্প্ৰতি আৰিয়ানক এগৰাকী ছোৱালীৰ সৈতে পাৰ্টী কৰা আৰু একান্ত সময় কটোৱা দেখিবলৈ পোৱা গৈছে। সেই ছোৱালীজনী আন কোনো নহয়। সঞ্জয় কাপুৰৰ কন্যা শানায়া কাপুৰ।জানিবলৈ পোৱা মতে, আৰিয়ান খান আৰু শানায়া কাপুৰে সৰুৰে পৰা ইজনে সিজনৰ ভাল বন্ধু আৰু দুয়ো একেলগে সময় কটাই অত্যন্ত ভাল পায়। অৱশ্যে, দিন বাগৰাৰ লগে লগে তেওঁলোকৰ মাজত যদি কোনো সম্পৰ্কই গঢ় লৈ উঠিছে সেয়া কিন্তু এতিয়াও পোহৰলৈ অহা নাই। কেৱল আৰিয়ান খানেই নহয়, সঞ্জয় কাপুৰৰ জীয়ৰী শানায়া কাপুৰৰ খান পৰিয়ালৰ সৈতে আছে এক ভাল সম্পৰ্ক। শানায়া কাপুৰক অলপতে আৰিয়ানৰ ভগ্নী সুহানাৰ সৈতে এটা পুল পাৰ্টীত দেখা গৈছিল। পাৰ্টীত ছাঙ্কী পাণ্ডেৰ জীয়ৰী অনন্যা পাণ্ডেও উপস্থিত আছিল। শানায়া আৰু সুহানাই অতি সোনকালে বলীউডত আত্মপ্ৰকাশ কৰিব। ইয়াৰ মাজতে, ছ'চিয়েল মিডিয়াত শানায়া আৰু আৰিয়ান খানৰ বিষয়ে চৰ্চা আৰম্ভ হৈছে। দুয়োৰে কেইবাখনো ফটো সামাজিক মাধ্যমত এতিয়া ভাইৰেল হ'বলৈ লৈছে। অৱশ্যে, এতিয়ালৈকে তেওঁলোকৰ পৰা কোনো ধৰণৰ মন্তব্য অহা নাই। PCA Banner 2022

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু