--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'কাশ্মীৰ ফাইলছ' এই মুহূৰ্তত দেশৰ আটাইতকৈ চৰ্চিত বিষয়। চলচ্চিত্ৰ পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে কাশ্মীৰৰ এক সত্য অধ্যায় দেখুৱাই যথেষ্ট প্ৰশংসা লাভ কৰিছে। দীৰ্ঘদিনৰ পাছত পৰিস্থিতি এনেকুৱা হৈছে যে ছবিগৃহবোৰ দৰ্শকৰ আৱেগ আৰু প্ৰশংসাৰে প্ৰতিধ্বনিত হৈছে। কম বাজেটত নিৰ্মিত এই ছবিখনে কেৱল যথেষ্ট ধন উপাৰ্জন কৰাই নহয়, দৰ্শকৰ হৃদয়ো জয় কৰিছে। আনহাতে একাংশই ছবিখনক লৈ অসন্তুষ্টিও ব্যক্ত কৰিছে। ১৯৯০চনত কাশ্মিৰী পণ্ডিতসকলক কৰা অত্যাচাৰ তথা গণহত্যাৰ ওপৰত নিৰ্মাণ কৰা হৈছে 'কাশ্মীৰ ফাইলছ'। বলীউডৰ জনপ্ৰিয় অভিনেতা আমিৰ খানে 'কাশ্মীৰ ফাইলছ'ক লৈ এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আমিৰ খানে কয় যে ''প্ৰতিজন ভাৰতীয়ই নিশ্চিতভাৱে 'কাশ্মীৰ ফাইলছ' চোৱা উচিত। এয়া ইতিহাসৰ এক ক'লা অংশ যি আমাৰ হৃদয়ক আঘাত কৰিছে। কাশ্মীৰৰ কাশ্মীৰী পণ্ডিতসকলৰ সৈতে যি ঘটিছে সেয়া অতি দুখজনক আৰু এনে বিষয়ত নিৰ্মাণ কৰা চলচ্চিত্ৰখন প্ৰতিজন ভাৰতীয়ই চাব লাগে। প্ৰকৃততে কি ঘটিছিল সেয়া আমি সকলোৱে জানিব লাগে। এই চলচ্চিত্ৰখনে মানৱতাত বিশ্বাস কৰা প্ৰতিজন মানুহৰ আৱেগক স্পৰ্শ কৰিছে আৰু সেয়াই ইয়াৰ সৌন্দৰ্য। 'কাশ্মীৰ ফাইলছ'ৰ সফলতাত মই বহু সুখী। উল্লেখ্য যে উপাৰ্জনৰ ক্ষেত্ৰত বক্স অফিচত 'দ্য কাশ্মীৰ ফাইলছ'ৰ গতি অপ্ৰতিৰোধ্য হৈ আছে। মাত্ৰ ৯ দিনত ছবিখনে ১৪১.২৫ কোটি টকা সংগ্ৰহ কৰিছে। বাণিজ্য পণ্ডিতসকলে বিশ্বাস কৰে যে দ্য কাশ্মীৰ ফাইলছে শীঘ্ৰেই ১৫০ কোটিৰ সীমা অতিক্ৰম কৰিব। ছবিখনত অনুপম খেৰ, মিথুন চক্ৰৱৰ্তী, পল্লৱী যোশী আৰু দৰ্শন কুমাৰৰ দৰে তাৰকা আছে যিয়ে যথেষ্ট প্ৰশংসা লাভ কৰিছে। আৰু পঢ়কঃ ৰোগীৰ আঁঠুৰ পৰা ওলাল তিয়ঁহ আকাৰৰ শিল! হতভম্ব চিকিৎসক PCA Banner 2022

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু