--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'কাশ্মীৰ ফাইলছ' এই মুহূৰ্তত দেশৰ আটাইতকৈ চৰ্চিত বিষয়। চলচ্চিত্ৰ পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে কাশ্মীৰৰ এক সত্য অধ্যায় দেখুৱাই যথেষ্ট প্ৰশংসা লাভ কৰিছে। দীৰ্ঘদিনৰ পাছত পৰিস্থিতি এনেকুৱা হৈছে যে ছবিগৃহবোৰ দৰ্শকৰ আৱেগ আৰু প্ৰশংসাৰে প্ৰতিধ্বনিত হৈছে। কম বাজেটত নিৰ্মিত এই ছবিখনে কেৱল যথেষ্ট ধন উপাৰ্জন কৰাই নহয়, দৰ্শকৰ হৃদয়ো জয় কৰিছে। আনহাতে একাংশই ছবিখনক লৈ অসন্তুষ্টিও ব্যক্ত কৰিছে। ১৯৯০চনত কাশ্মিৰী পণ্ডিতসকলক কৰা অত্যাচাৰ তথা গণহত্যাৰ ওপৰত নিৰ্মাণ কৰা হৈছে 'কাশ্মীৰ ফাইলছ'। বলীউডৰ জনপ্ৰিয় অভিনেতা আমিৰ খানে 'কাশ্মীৰ ফাইলছ'ক লৈ এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আমিৰ খানে কয় যে ''প্ৰতিজন ভাৰতীয়ই নিশ্চিতভাৱে 'কাশ্মীৰ ফাইলছ' চোৱা উচিত। এয়া ইতিহাসৰ এক ক'লা অংশ যি আমাৰ হৃদয়ক আঘাত কৰিছে। কাশ্মীৰৰ কাশ্মীৰী পণ্ডিতসকলৰ সৈতে যি ঘটিছে সেয়া অতি দুখজনক আৰু এনে বিষয়ত নিৰ্মাণ কৰা চলচ্চিত্ৰখন প্ৰতিজন ভাৰতীয়ই চাব লাগে। প্ৰকৃততে কি ঘটিছিল সেয়া আমি সকলোৱে জানিব লাগে। এই চলচ্চিত্ৰখনে মানৱতাত বিশ্বাস কৰা প্ৰতিজন মানুহৰ আৱেগক স্পৰ্শ কৰিছে আৰু সেয়াই ইয়াৰ সৌন্দৰ্য। 'কাশ্মীৰ ফাইলছ'ৰ সফলতাত মই বহু সুখী। উল্লেখ্য যে উপাৰ্জনৰ ক্ষেত্ৰত বক্স অফিচত 'দ্য কাশ্মীৰ ফাইলছ'ৰ গতি অপ্ৰতিৰোধ্য হৈ আছে। মাত্ৰ ৯ দিনত ছবিখনে ১৪১.২৫ কোটি টকা সংগ্ৰহ কৰিছে। বাণিজ্য পণ্ডিতসকলে বিশ্বাস কৰে যে দ্য কাশ্মীৰ ফাইলছে শীঘ্ৰেই ১৫০ কোটিৰ সীমা অতিক্ৰম কৰিব। ছবিখনত অনুপম খেৰ, মিথুন চক্ৰৱৰ্তী, পল্লৱী যোশী আৰু দৰ্শন কুমাৰৰ দৰে তাৰকা আছে যিয়ে যথেষ্ট প্ৰশংসা লাভ কৰিছে। আৰু পঢ়কঃ ৰোগীৰ আঁঠুৰ পৰা ওলাল তিয়ঁহ আকাৰৰ শিল! হতভম্ব চিকিৎসক PCA Banner 2022

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান